পৃষ্ঠা:চুপহি.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
চুপহি।


যিউ মউ চেনি মাছ মাংস খাহী॥
মাটিৰ তলৰ ধন হাবিয়াসী।
সাদৰে তোষয় ভদ্ৰলোক বাঁহী॥
ইয়াৰ দক্ষিণে আছে যিটি দল।
তাতে পূজাসনে অতি সুবিমল॥
হই পুতমনী অতি ভক্তি ভাৱে।
ভাবিছিল ৰাজে নিজ ইষ্ট দেৱ॥
উত্তৰা দক্ষিণা ইয়াৰ পুৰীয়া।
আছে হোলোং ঘৰ ওঠাৰ কুঠীয়া॥
কুৱঁৰী লোক বিভিন খেলৰ।
ওপৰে তামৰ আছিল বাহৰ॥
জখলা মুখতে পূবা পশ্চিমীয়া।
ওপৰ মহলা এৱে নাইকীয়া॥
নামে চাংমাইশাল তলি নিফোপীয়া॥
তাৰ উত্তৰত কাষে হোলোঙ্গৰ।
লৰা-পোৱা ঘৰ আৰু ৰোহ-ঘৰ॥
ৰজাৰ মহলে ৰাজ কুঁৱঁৰী॥
একে উত্তৰৰ হোলোঙ্গ মুৰত।
ৰজাৰ মৰঙ্গ নোহে অদুৰত॥
কাৰেং পশ্চিমে পুখুৰী ৰজাৰ।
ৰহৰ ঢালনে নিৰ্ম্মল জলৰ॥
মানৰ বিভ্ৰাটে মানে পিয়াপানী।
মিঠা পুখুৰী বুলি দিলে জননী॥
সিউ আছে আজি আছে যে ফুলনি॥