এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
চুপহি।
আনিছিল যোনে বিশ্বনাথ হন্তে।
শিৱসিংহ দেৱ ৰজাৰ পাচন্তে॥
নুঠিল দুনাই, আনিছিল যলৈ।
থাপিবৰ অৰ্থে শিৱসাগৰলৈ॥
কৰিলে স্বপন ৰজাক তেখন।
আনা মুক্তিনাথে কৰিতে থাপন॥
বিশ্বনাথ হন্তে, পঠাইয়া জন।
থাকিম ইঠানে নহবা বিমন॥
ৰাজাজ্ঞায় দল লৰালৰি কৰি।
মাসেকতে সাজে, ৰাজকাঢ়ি কৰী॥
বাঁও হাতে তাৰ হৰ গৌৰী দল
বনেৰে কাঠেৰে ছটা যাৰ ছাল॥
সিফালে সেইয়া, নাৱে বৈদ্যনাথ।
জয় সাগৰ দল দেখা তুলি মাথ॥
ভোগ ঘৰ বাঁহী মাজে সুসজ্জিত।
আছে প্ৰতিমাযে, শিলত কত্তিত॥
শিলা কুটীয়াই, অতি সযতনে।
প্ৰকাশে অছিল সিদ্ধহস্ত কেনে॥
সুঠাম সুন্দৰ কতনো মূৰতি।
দেৱতা মানুহ-শৃগাল-চৃকতি॥
গছ-লতা আদি দেখি দলগাৱে।
“কেনে বিহকৰম” প্ৰশংসে সবাৱে॥
নোহে একোতেই হীন কোনোপিনে।
বিংশ শতিকাৰ কাঢ়িকৰী গুনে॥