সমললৈ যাওক

মিলন

ৱিকিউৎসৰ পৰা
[  ]

[  ]
 

॥মিলন॥


উমেশ বৈশ্য়

 


বিৰুবাৰী,
গুৱাহাটী--১৬

 

২য় প্ৰকাশ
জানুৱাৰী, ১৯৮১ চন

 

[  ]

MILAN : - A book of poem
by
Umesh Baishya
and published by
JEEVAN JYOTI SANGIT ASHRAM,
Birubari, Gauhati- 16.


॥ মিলন॥
( এখনি কবিতা পুথি )
লিখক - উমেশ বৈশ্য

  • প্ৰকাশনত :— জীৱন জ্যোতি সঙ্গীতাশ্ৰম

বিৰুৱাৰী, গুৱাহাটী— ১৬

  • ১ম প্ৰকাশ :— ৭ জুলাই, ১৯৮০ চন

২৩ আহাৰ, ১৯০২ শক

  • ২য় প্ৰকাশ :— ১ জানুৱাৰী, ১৯৮১ চন-

১৭ পুহ, ১৯০২ শক

  • বেটুপাতৰ শিল্পী :— ত্ৰৈলোক্য দত্ত
  • লেখকৰ দ্বাৰা সৰ্ব্বস্বত্ব সংৰক্ষিত
  • মূল্য :— ৩.০০ টকা মাত্ৰ
  • মুদ্ৰণত :— জনো প্ৰিন্টিং প্ৰেছ

বিৰুৱাৰী, গুৱাহাটী— ১৬

[  ]
 

৺জেঠি,
তোমাৰ শ্ৰীচৰণত
অৰপিলোঁ অকণি ‘মিলন’
ফুল বুলি লবা।
উমেশ –

 

[  ]
 

সসীম মানৱে বিচাৰি বিচাৰি
অসীমক যে পালোঁ,
পৰাণত জ্বলা বিৰহৰ জুই
আজিহে নুমুৱালোঁ।

 

[  ] ..............দুটামান বাক্যই যে মোক মোহিনী বাণকে মাৰি পঠিয়ালে অৰ্থাৎ কঠুৱা মানুহটোকো কবি কৈ পেলালে। উগুল থুগুল লাগি থকা বৈশ্যৰ মনটো যেতিয়া অসীমত মিলি শান্ত হৈ পৰিল, মইও তেতিয়া ধীৰ স্থিৰ হৈ পৰিলোঁ - কবিপ্ৰাণৰ মায়াত পৰা ধৰ ফৰণি আৰু কটা গ’ল।.................

বেণুধৰ শৰ্মা

২৬।১১৷৭৩


..................এই ‘অসীমৰ প্ৰতি’ কথাষাৰেই বৈশ্য কবিৰ প্ৰেম যে শতদল ফুলা আৰু ভূমণ্ডল ঘূৰা প্ৰেমৰ শাৰীৰ এই কথা আমাক উপলব্ধি কৰোৱায়।•••••••••এক অপাৰ্থিৱ ভাব জগতত দুটি বাস্তৱ প্ৰাণ এক হৈ যোৱাৰ কথা উপলব্ধি কৰাটো সাধাৰণ কথা হৈ থাকিব নোৱাৰে।••••

যোগেশ দাস

১৪ মাৰ্চ, ১৯৭১


...............এই ‘মিলন’ সুতিৰ তলি গভীৰ হলেও স্বচ্ছ, ওপৰৰ পৰাই মণিব পাৰি, গতি সাবলীল, বাটে বাটে চমকি-থমকি যাবৰ আৱ- শ্যক নকৰে৷............

অতুল চন্দ্ৰ হাজৰিকা।

৩৷৬৷৭১


..................এই কবিতাৰ আধাৰ ভূমিত তেওঁৰ অকলশৰীয়া নীৰৱ সাধনাৰ পৰিচয় পোৱা যায়।.............এটা সুস্পষ্ট প্ৰেৰণা নহলে এনেকুৱা কবিতা লেখা সহজ নহয়। তেনে প্ৰেৰণাৰ অভাস এই কবিতাত দেখিবলৈ পাইছোঁ৷ ... ....এই কবিতাত দৈহিক আকু- লতাক অৱলম্বন কৰি দেহৰ ভাষাৰে আত্মাৰ হাবিয়াসৰ কাব্যৰূপ দিবলৈ চেষ্টা কৰা হৈছে।..............

তীৰ্থ নাথ শৰ্ম্মা

১৪৷৭৷৭১

[  ]

লেখকৰ কবলগীয়া


 মোৰ কলেজীয়া জীৱনত অঙ্কুৰিত হোৱা কবিতা কবিতা লগা ভাবাবেগ বোৰ লাহে লাহে স্নাতকোত্তৰ জীৱনত ছন্দৰ ৰূপত ৰূপ লৈ উঠিল। তেতিয়া ১৯৬৬ চন। জীৱনত ৰঙীন সপোন৷ অনুভূতি বোৰ কবিতা আকাৰে লিখি উলিয়ালোঁ৷ লেখা খিনি পুথি ৰূপে সজাই নাম ৰাখিলোঁ ‘মিলন'। পিছে ‘মিলন’ লিখি উলিয়ালোঁ হয়; কিন্তু লাজ আৰু ভয়ত কোনো কবি সাহি- ত্যিকক দেখুৱাব নোৱাৰি ইয়াক সন্তৰ্পণে পেৰাতহে সুমুৱাই থলোঁ। মাজে মাজে উলিয়াই পঢ়ি নীৰৱে আত্মতৃপ্তি লভোঁ৷ এই দৰে কেইবছৰ মান পাৰ হ’ল। এদিন হঠাৎ মৰসাহ কৰি পৰম শ্ৰদ্ধাভাজন অসমৰ ওজা সাহিত্যিক বুৰঞ্জীবিদ শ্ৰীযুত বেণুধৰ শৰ্ম্মাদেৱক পুথিখনি দেখুৱালোঁ। হাতে লিখা পুথিখনি শৰ্ম্মাদেৱে পঢ়ি চাই ইয়াক সোণকালে ছপাই উলিয়াবলৈ উপদেশ দিলে।

 উৎসাহিত হৈ মই যশস্বী কথাশিল্পী শ্ৰীযুত যোগেশ দাস, জ্যেষ্ঠ কবি শ্ৰীযুত অতুল চন্দ্ৰ হাজৰিকা, পণ্ডিত সাহিত্যিক শ্ৰীযুত তীৰ্থনাথ শৰ্ম্মা আদি গুণী, জনকো পুথিখনি দেখুৱালোঁ৷ তেখেত সকলেও অগ্ৰহেৰে পুথিখনি পঢ়ি চাই একোটি স্পষ্ট অভিমত দি মোক প্ৰেৰণা যোগালে। ইয়াক ছপোৱাৰ সঙ্কল্প লোৱাৰ সময়ত শ্ৰীযুত বেণুধৰ শৰ্মাদেৱেও অভিমত এটি লিখি দি মোক কৃতাৰ্থ কৰিলে। মোক আদৰেৰে প্ৰেৰণা যোগোৱা এই গুণী সাহিত্যিক সকলৰ ওচৰত মই চিৰ দিন কৃতজ্ঞ হৈ থাকিম।

 গুণী সকলৰ উৎসাহেৰে অত্যুৎসাহিত হৈ পুথিখনি ছপা- বলৈ সঙ্কল্প ললোঁ সঁচা; কিন্তু চিৰস্থায়ী আৰ্থিক দৈন্য মোৰ [  ] সঙ্কল্প পূৰণত প্ৰচণ্ড বাধা হ’ল। প্ৰকাশক সকলৰ কাষ চাপিলোঁ; কিন্তু কবিতা পুথি, তাতে আকৌ ন লেখক বুলি কোনো প্ৰকাশক পুথিখনি ছপাবলৈ আগবাঢ়ি নাহিল। সেয়েহে পুনৰ বাৰ ই পেৰাৰ চুকতে পৰি থাকিব লগীয়া হ'ল।

 বছৰৰ পিছত বছৰ পাৰ হ’ল।

 সাত বছৰৰ মূৰত আকৌ এটি আশালৈ নতুন প্ৰকাশন অনুষ্ঠান জীৱন জ্যোতি সঙ্গীতাশ্ৰমৰ কাষ চাপিলোঁগৈ। সৌভাগ্য যে এই অনুষ্ঠানটিয়ে অন্য প্ৰকাশক সকলৰ দৰে ন লেখকৰ কবিতা পুথি বুলি “মিলন”ক অৱহেলা নকৰি ছপোৱাৰ সিদ্ধান্ত ললে। তেখেত সকলেও অনাদৰ কৰা হলে “মিলন” হয়তো পেৰাৰ চুকতে নিঃশেষ হৈ গ’লহেতেন। উৱলি যাব ধৰা পাণ্ডুলিপি খনি ছপা আখৰত পুথিৰূপে উলিয়াই দিয়া বাবে এই সহৃদয় অনুষ্ঠানটিৰ মই শলাগ ললোঁ৷

 নানা আলৈ-আহুকালৰ মাজেৰে ‘মিলন’ ৰাইজৰ মাজলৈ ওলাল। এতিয়া পঢ়ুৱৈ সমাজৰপৰা পুথিখনিয়ে কিঞ্চিৎ মানো সমাদৰ পালে লেখক ধন্য হব।

উমেশ বৈশ্য

সঙ্গীতাশ্ৰম,
বিৰুবাৰী, গুৱাহাটী — ১৬
২৫৷৬৷৮০

[  ]

প্ৰকাশকৰ কথা

 কেইবা গৰাকীও প্ৰকাশকৰ কাষ চাপি ব্যৰ্থ হৈ অৱশেষত আমাৰ প্ৰকাশনলৈ আহি পুথিখনি ছপাবলৈ লেখকে আমাক অনুৰোধ কৰাত আমি পুথিখনি আদ্যোপান্ত পঢ়ি চালোঁ। পঢ়ি উঠি ভাবিলোঁ যে— কবিতা পুথিয়ে ব্যৱসায়িক দিশত অইন পুথিৰ দৰে অৰ্থাগমত সহায় নকৰে যদিও এই পুথিখনি নছপালে আমাৰ ভুল কৰা হ'ব — কিয়নো ইয়াত কবিগৰাকীৰ উজ্বল ভৱিষ্যতৰ ইঙ্গিত থকাটো পৰিলক্ষিত হোৱাৰ উপৰিও পুথিখনি অসমীয়া সাহিত্য-ভঁৰালত ঠাই পোৱাৰ এটি সম্ভা- ৱনাও আমি থকা যেন পালোঁ। অইন যিয়েই হওক, অন্ততঃ অসমীয়া সাহিত্যলৈ কিবা অৱদান কোনো লেখকে হাতত তুলি দিলে যথাসম্ভৱ প্ৰকাশ কৰি উলিওৱাটে৷ বিশেষকৈ অসমীয়া প্ৰকাশক সক- লৰ এটি পবিত্ৰ কৰ্ত্তব্য বুলি আমি ভাবোঁ। এই কৰ্ত্তব্যৰ উপলব্ধিৰ অভাৱতেই হয়তো ‘মিলন’ দীৰ্ঘদিন অপ্ৰকাশিত হৈ থাকিব লগীয়া হ’ল। সাহিত্যৰ প্ৰসাৰণ তথা অগ্ৰগতিত এনে কাৰ্য্য় দুৰ্ভাগ্য- জনক। কেৱল অৰ্থলাভৰ চিন্তাৰেই পুথি প্ৰকাশ কৰাৰ ফলত বিভিন্ন দিশত তাসমীয়া সাহিত্যৰ বহু ক্ষতিসাধন হৈছে। বিশেষকৈ প্ৰকাশকৰ আশ্ৰয়ত ঠন ধৰি উঠিব পৰা বহু নতুন প্ৰতিভা আৰ্থিক দৈন্যৰ বাবেই মৰহি গৈছে। এই কথালৈ স্মৰণ কৰি আমি আৰ্থিক লাভক কাতিকৰি থৈ অসমীয়া সাহি- ত্যলৈ এটি অৱদান আগবঢ়োৱাৰ মানসেৰে, লগতে উঠি অহা লেখক গৰাকীকে৷ কিঞ্চিৎ প্ৰেৰণা যোগোৱাৰ উদ্দেশেৰে ‘মিলন’ক আনি ৰাইজৰ হাতত তুলি দিলোঁ। পঢ়ুৱৈ সমাজত পুথিখনি সমাদৃত হলে আমি সন্তোষ পাম।

বিৰুবাৰী, গুৱাহাটী-১৬
২৬।৬।৮০
প্ৰকাশক,
জীৱন জ্যোতি সঙ্গীতাশ্ৰম
 

[ ১০ ]

[১]

চুমাৰ পৰশ পাই
সোণোৱালী সূৰুযৰ
পদুমীৰ মেল খাই পাহি,
মুখত কি মিচিকিয়া হাঁহি,
দেখি পমি যায় হিয়াখনি।

তোমাৰ মুখতো দেখো
একে হাঁহি বিৰিঙিছে
কাৰ কি নো পাই পৰশন,
দেখি মই হলোঁ উচাটন
বিয়াকুল আজি মোৰ মন।

কোৱা হেৰা, তুমি মোক
তোমাৰ ভাৱনা ৰাশি,
নকৰিবা অলপো চাতুৰি
গুপুতে গুপুতে সুন্দৰী,
নাপাতিবা তুমি মোক কবি।

[ ১ ]

[ ১১ ]

[ ২ ]

চঞ্চল তুমি ৰূপহী কিশোৰী
 চঞ্চল তোমাৰ হাঁহি,
হলোঁ চঞ্চল দেখি মনোহৰ
 পদুমী চকুৰ পাহি।
চকুৰে জনাই মনৰ ব্যথা
 ওচৰ চাপিলা আহি,
ঠকে ঠকে কঁপা ওঁঠ দেখি পালোঁ
 নোকোৱা কথাটি বুজি।
চাপি গলোঁ কাষ মনৰ উলাহে
 অলেখ সপোন ৰচি,
দূৰলৈ তুমি গুচি গ’লা কিয়
 অকলেই মোক এৰি?

[৩]

এই নিয়ৰত মিল হৈ আছে
তোমাৰ অশ্ৰুকণা,
এই জোনাকত আছে বহু মোৰ
অতীত স্মিৰিতি সনা।
 উঠিছে ভাহি মনৰ মাজত
 তোমাৰ মধু কল্পনা,
 ৰং ঢালি ঢালি আঁকিছোঁ মনতে
 তোমাৰ ছবি উন্মনা৷

[ ২ ]

[ ১২ ]

[ 8 ]

কথাৰে আঁকো তোমাৰ স্বৰূপ
ছন্দৰে ৰং সানি;
মই ৰচোঁ কবিতা কুসুম
স্নিগ্ধ জোনাক ৰাতি।

[ ৫ ]

মই লিখিছোঁ কবিতা তোমাৰ
সেই কথা তুমি জানা,
গাই আছোঁ মই তোমাৰেই গান
প্ৰণয় সুৰভি সনা।
 মোৰ সুৰৰ আকুল বিননি
 কাণ পাতি তুমি শুনা,
 শুনিও নুশুনা বেশেৰে তুমি
 হোৱা কিয় আনমনা?

[ ৩ ]

[ ১৩ ]

[৬]

স্বপ্নাৱেশত দুচকুত মোৰ
 কাৰ ছবিটি জ্বলে,
কোনে নো বাৰু মোৰ ই পৰাণ
 হৰণ কৰি নিয়ে?

ব’হাগী নিশাৰ বা-ৰিব্ আহি
 মন বলিয়া কৰে,
দূৰ আকাশৰ কি নো বতৰা
 কাণে কাণে কৈ ফুৰে?

বাসন্তী কুলিয়ে কণ্ঠ কঁপাই
 কাৰ গীতিকা গায়,
ক’বই নোৱাৰোঁ কিয় যে মোৰ
 সুখৰ সীমা নাই।

কি নো আবেগত মুদ খাই আহে
 মোৰ এই চকুযুৰি,
দেখোঁ মাথো মই সপোনত অজি
 তৰাৰে দীপৰ শাৰী।

[ ৪ ]

[ ১৪ ]

[ ৭ ]

হিয়া ভৰা মৰমেৰে গলোঁ বহু দূৰ
পাম বুলি জোনবাইৰ মধুদৰশন,
 কলীয়া ডাৱৰে আহি
 ঢাকিলে চন্দ্ৰমা
মাৰ গ’ল ধীৰে মোৰ মধুৰ সপোন।

কুঁৱলী এন্ধাৰে আহি আকাশ ছাটিলে
ব্যৰ্থ হৈ গ’ল হায় কামনা মনৰ,
 দেখা পাম কেতিয়া নো
 মেঘৰ মাজত
দীপ্ লিপ্ ৰাণীৰূপ ৰূপালী জোনৰ?

[ ১৫ ]

[ ৮ ]

চিল্ মিল্ চকু দুটি মুদি মুদি মই
 আঁকিলোঁ হেজাৰ চিত্ৰলেখা
কতো যে নুঠিল বিকশিত হৈ
 লাৱণী তোমাৰ ৰূপৰ ৰেখা।

খালোঁ হাবাথুৰি বিচাৰি বিচাৰি
 পাৰাপাৰ হীন দিগন্ত ৰেখা
নেপালোঁ তথাপি মধু পৰশন
 কতো যে নেপালোঁ তোমাক দেখা।

কোৱা হেৰা তুমি মানসী ৰাণী
 ক’ত নো আজি লুকালা গৈ,
অকলশৰে এৰি তুমি মোক
 গ’লা নেকি বাৰু সৰগলৈ?

যদিহে আছা সৰগত তুমি
 দিয়া দৰিশন তাৰেই পৰা,
ৰৈ আছোঁ মই তোমাকেই ভাবি
 সাৱটি বুকুত অপূৰ্ণ আশা

[ ৬ ]

[ ১৬ ]

[ ৯ ]

ভাল লাগে তোমাক মোৰ
 কিয় কব নোৱাৰোঁ,
পাখি লগ মন মোৰ
 কিয় উৰে নেজানোঁ।

দিয়া হেৰা ধৰা মোক
 মোৰ বাহু যুগলত,
কৰা মোক শাঁত তুমি
 মধু প্ৰেম পৰশত।

নিদিয়াও যদি তুমি
 অনাবিল শান্তি মোক
তেনেহলে কল্পনাতে
 আঁতৰাম তৃষ্ণা ভোক।

[৭]

[ ১৭ ]

[১০]

চকুৱে চকুৱে পৰি চাৰি চকু
 থৰ হৈ ৰয় যেতিয়া,
অজানিতে মোৰ হৃদয় বীণত
 কঁপনি উঠে তেতিয়া।

তোমাৰ হাঁহি আৰু মোৰ হাঁহিয়ে
 সখি পাতেহি যেতিয়া,
বীণখনি মোৰ ধীৰে বাজি উঠে
 মূৰ্চ্ছনা জাগে তেতিয়া৷

এদিন নেহাঁহা মুখখনি দেখি
 তুমিও নেহাঁহা যেতিয়া,
বীণৰ ঝঙ্কাৰ মাৰ যাব খোজে
 এন্ধাৰ দেখোঁ তেতিয়া।

মনৰ উলাহে নাচি-বাগি আহি
 ওচৰ চাপাহি যেতিয়া,
ভৈৰৱী সুৰেৰে বীণখনি বাজে
 এন্ধাৰ আঁতৰে তেতিয়া।

[৮]

[ ১৮ ]

[ ১১ ]

তুমি আৰু মই বেলেগ নহয়
 একেটি প্ৰাণ একেই হিয়া
একেলগে মিলি আগ বাঢ়ি যাম
 কিয় নো লাজ কৰিছা প্ৰিয়া?

নকৰিবা লাজ নকৰিবা দুখ
 কৰা মাথো মোৰ অমানিশা দূৰ
যুগমীয়া হ’ব আমাৰ প্ৰণয়
 উপচি পৰিব অমিয়া সুখ।

অকোৱা পকোৱা শিলনি বাগৰি
 নৈ বাগৰে সাগৰ মুখে।
আমি তেনে বাৰু কিয় নো নেযাম
 মিলনৰ ঠাই প্ৰণয় সাগৰে?

[ ৯ ]

[ ১৯ ]

[ ১২ ]

দীপ জ্বলাই তুমি
নুমাই নিদিবা সখি
 ঘিট্-মিট এন্ধাৰত
 বাট হেৰুৱাম,
মিলনৰ বাটত
আছে বাধাৰ প্ৰাচীৰ
 সযতনে ৰ’বা সখি
 বন্তি জলাই।
ধৰাৰ বুকুত আহে
কত অমানিশা
 আহে আৰু যায় কত
 মধু পূৰ্ণিমা,
কিন্তু যদিহে মোৰ
সৰু আকাশ খনিত
 তোমাৰ জেউতি কণা
 নুমোৱা প্ৰিয়া,
আঁউসী নামিব যে
মোৰ চিৰ জীৱনত
 নাহিব আৰু উভতি
 জোনাক নিশা।
মোক নেওচি তুমি
যোৱা যদি দূৰলৈ
 ৰ’ম মই অকলই
 তোমাকেই চাই,
অকলশৰীয়া হৈ
বিচাৰিম তোমাকে
 এন্ধাৰে এন্ধাৰে গাম
 বিষাদৰ গান।

[ ১০ ]

[ ২০ ]

[ ১৩ ]

কি ফুল ফুলিছা তুমি
 বতাহত হালি-জালি
 মানুহৰ বিচাৰি মৰম,
সুৰভি সুবাস পাই
 মই যে মদিৰা হলোঁ
 ৰূপ দেহি অতি মনোৰম।
ভুল মই কৰা নাই
 তোমাৰ ছবিটি চাই
 তুমি মোৰ প্ৰথম কুসুম,
মনে সজা ফুলনিত
 অকলে ফুলিছা তুমি
 জীৱনৰ সোণৰ পদুম।
সিৰাই সিৰাই মোৰ
 ধীৰে ধীৰে বৈ আছে।
 তোমাৰেই মৰমৰ সোঁত,
গাই যাম চিৰদিন
 তোমাৰেই গান মই
 তুলি সুৰ হৃদয় বীণত।

[১১]

[ ২১ ]

[ ১৪ ]

ছন্দহীন জীৱনত সাজি দিলা ছন্দ তুমি
 তুলি দিলা হাঁহি হাঁহি সুৰৰ লহৰী,
কাণে কাণে ক’লা তুমি নীৰৱে নীৰৱে
 সিঁচি দিবা জীৱনত প্ৰণয় মধুৰী।

কল্পনা ৰথত উঠি বহু দূৰ ঘূৰি ঘূৰি
 সাজিছিলোঁ ৰামধেনু সাতোটি ৰঙৰ,
তৰাৰে দীপালী সজা মন আকাশত মোৰ
 ৰূপ লৈ বহি ৰ’লা পূৰ্ণিমা জোনৰ।

কিন্তু হায় অকালতে আজি মই লগ পালোঁ
 ঢেৰেকনি বিজুলী ধুমুহা বতাহ,
ধাৰে ধীৰে মাৰ গ’ল ৰামধেনুৰ সাতো ৰং
 মেঘে আহি ঢাকিলে ৰূপহী জোনাক।

[ ১২ ]

[ ২২ ]

[১৫]

এনি তেনি উটি বুৰি সোঁতৰ পাকত ঘূৰি
 বৈ আহে জাঁজিবোৰ সাগৰৰ মুখে,
কোনোৱে সাগৰ পায়, কোনোৱে বাটতে ৰৈ
 নদীৰ বুকুতে থাকি বালিটুপ সাজে।
অনন্ত সাগৰ বুকুত মিলন প্ৰয়াসে
 জাঁজি হৈ আহি ভাহি আহিছোঁ লৱৰি,
যোৱাৰ বাটত মই তোমাক যে লগ পালোঁ
 তুমি আজি হ’লা মোৰ বাটৰ লগৰী।
আছিল দুয়োৰে দুটি বৈ যোৱা ভিন্ বাট
 যদিওবা আছোঁ আমি একটি নদীত,
শিল বতাহ বৰষুণে মিলালে দুয়োকে আনি
 একে পথে বৈ গলোঁ একেটি গতিত।
অকোৱা পকোৱা বাটে বহুদূৰ আহি পালোঁ
 অতিক্ৰম কৰি বহু ধুমুহা বিজুলী,
আৰু আছে বহু বাট শিহু ঘৰিয়ালে ভৰা
 নেৰিবা নেৰিবা লগ যাম মিলিজুলি।
এনেদৰে কৈছিলোঁ কতো যে মিনতি কৰি
 হ’বা বুলি তুমি মোৰ পথৰ সঙ্গিনী,
তুমিওতো কৈছিলা হৈ ৰ’বা তুমি মোৰ
 আজীৱন পৰাণৰ চেনেহ লগৰী।
আজি কিয় তেনে মোক এৰি গ’লা দূৰলৈ
 অকলশৰীয়া কৰি নদীৰ বুকুত,
অকলে অকলে উটি এনি তেনি যাওঁ হায়
 হেৰুৱালোঁ পথ অজি হেৰুৱালোঁ কুল৷
জাঁজি হৈ পৰি ৰলোঁ বালিৰ বুকুত মই
 ঝাওবনে চৌদিশে ধৰিছে আৱৰি,
জীৱনৰ শেষ ক্ষণ গুণি-গাথি মনতে
 পৰি ৰলোঁ অকলেই বালিত বাগৰি।

[১৩]

[ ২৩ ]

[ ১৬ ]

অযুত আশা বুকুত সাৱটি
যাচিলোঁ তোমাক নিশাৰ আৰতি
পাৰ কৰি কত ধুমুহা বাদল
জ্বলালোঁ প্ৰেমৰ দীপ,

 তথাপি তোমাৰ পাষাণ হিয়া
 হৈ ৰ’ল অলৰ অচল অটল
 এটি বাৰো নুঠিল মৃদু কম্পন
 কি যে তুমি দয়াহীন!

সাগৰৰ দৰে অসীম প্ৰেম
সাঁচি থৈ দিছোঁ বুকুত মোৰ,
নিদিওঁ আনক, তোমাৰ পূজাত
ঢালিম সকলোবোৰ।

 নিদিব পাৰা তোমাৰ প্ৰণয়
 এই অভাগাক বিলাই বিলাই,
 মই হ’লে তোমাৰ নেৰিছোঁ পাছ
 জীৱন কৰিম ওৰ॥

[ ১৪ ]

[ ২৪ ]

[ ১৭ ]

তোমাৰ পিছত ঘূৰি
দিন ৰাতি অবিৰাম
 নেপালোঁ তোমাৰ পৰশ,
আৰু কত দিন তুমি
কৰিবা ছলনা সখি
 প্ৰাণ মোৰ হৈছে অৱশ।
বাহিৰত যদিওবা
দেখি আছা তুমি মোৰ
 পোহৰে ভৰা মুখখনি,
অন্তৰত জ্বলি থকা
প্ৰেমৰ অগনি শিখাৰ
 বাহিৰে দেখিছা ৰেঙণি।
ধৰা দিও নিদিওকৈ
লুকা লুকি খেলি খেলি
 যিমানে আঁতৰিছা তুমি,
পৰাণত জ্বলি থকা
লেলিহান জুই শিখা
 দুগুণে উঠিছে যে জ্বলি।
নকৰিবা তুমি আৰু
অধিক ধেমালি সখি
 নকৰা অলপো চাতুৰি,
আসন লোৱাহি তুমি
অভাগাৰ অন্তৰত
 শাঁত হক শিখা অগনি।

[ ১৫ ]

[ ২৫ ]

[ ১৮ ]

তপত চকুলো যাচি
কাকুতি মিনতি কৰি
 কত দিন পূজিলোঁ তোমাৰ চৰণ,
তথাপি নিঠুৰ সখি
তুমিতো নিদিলা দেখা
 এক তিল মানো যে নেপালোঁ মৰম।

মই ৰলোঁ কান্দি কান্দি
তুমি ৰলা হাঁহি হাঁহি
 হাঁহাঁ তুমি আনন্দে মিচিকিয়া হাঁহি,
তথাপি পূজিম তোমাৰ
ৰাতুল চৰণ মই
 জীৱনটি শেষ কৰি তিল তিল কৰি।

চাওঁচোন কেনেদৰে
দূৰে দূৰে থাকা তুমি
 তোমাক বিচাৰি ফুৰা অভাগাক এৰি,
জীৱন আহুতি দিয়া
পূজাৰীক তুমি বাৰু
 দি ফুৰিবা ছলনাৰে কত দিন ফাঁকি?

[ ১৬ ]

[ ২৬ ]

১৯ ]

মন বননিত থকা আম গছ জুপি
অশান্ত আজি কিয় হায়!
বননি পৰি গ’ল জঁই।
 পাতৰ মাজত থকা ৰূপহী কুলিটি
 খং কৰি আঁতৰি পৰিল,
 দুগালে চকুলো সৰিল।
মৰম পাহৰি যোৱা হে মধু বিহগী,
দূৰণিতে গাবা সঙ্গীত,
শুনিলে হ’ম হৰষিত।

[ ২০ ]

বনৰ বিহগীকণ্ঠত শুনোঁ
মন হৰি নিয়া গীত,
গীত শুনি মোৰ উৰে বনে বনে
প্ৰেমত বলিয়া চিত।
 সুধিলোঁ কেতেকী, মইনা পখীক
 কোনে নো শিকালে সুৰ,
 প্ৰিয়াৰ গীতৰ মিল দেখোঁ মই
 হিয়া মন পৰে জুৰ।
কোৱাহে বিহগী সৰগৰ দূত
প্ৰিয়া গল ক’ত উৰি?
বিচাৰি বিচাৰি হাবাথুৰি খাই
দশো দিশ আছোঁ ঘূৰি।

[ ১৭ ]

[ ২৭ ]

[ ২১ ]

নুশুনিলে মোৰ হিয়া ভঙা মাত
 বন বিহাৰিনী পখী,
বনে বনে মই মিছাতে ঘূৰিলোঁ
 আশাৰ সপোন ৰচি।

[ ২২ ]

ভাবিলোঁ মনতে অৰুণাচলত
 প্ৰিয়াৰ বাতৰি পাম,
আকুল হৃদয়ে মেলিলোঁ ঢাপলি
 উঠিলোঁ সূৰুয ধাম।

[ ১৮ ]

[ ২৮ ]

[ ২৩ ]

তেজে তলবল পুৱাৰ অৰুণ
 পূৱত উদয় হ’ল
ৰং লাগি লাগি নীলাকাশখনি
 হই উঠে জলমল।
সুধিলোঁ হেঁপাহে কোৱাহে অৰুণ
 প্ৰিয়া মোৰ আছে ক’ত,
জানোঁ মই তুমি জানা সেই ঠাই
 প্ৰিয়া মোৰ আছে য’ত।
তুমিয়ে সাজিছা তেজৰঙা কৈ
 প্ৰিয়াৰ দুখনি গাল,
তেজাল মুখৰ ৰূপতেই মোৰ
 মন মতলীয়া হ’ল।
দহিছে পৰাণ নোৱাৰোঁ থাকিব
 অকলে অকলে মই,
সখিহীন মোৰ ধিক্ ই জীৱন
 তিলে-তিলে হ’ল ক্ষয়।

[ ২৪ ]

লুকালে সূৰুষ মেঘৰ আঁৰত
 কথালৈ নিদিলে কাণ,
উচুপি উচুপি আহিলোঁ উভতি
 হলোঁ মই ম্ৰিয়মান।

[ ১৯ ]

[ ২৯ ]

[ ২৫ ]

নীলসাগৰৰ নীলাৰঙেৰে
 প্ৰিয়াৰ দুচকু নীলা,
হয়তো প্ৰিয়া সাগৰ বুকুত
 খেলিছে ৰঙৰ খেলা!

[ ২৬]

বাৰিধি তীৰত থিয় দিলোঁ মই
 বুকুত বিৰহ ব্যথা,
দেখিলোঁ সাগৰ গুৰু গম্ভীৰ
 চুমিছে দিগন্ত ৰেখা।
ভগ্নকণ্ঠে কম্পিত সুৰে
 ধীৰে ধীৰে দিলোঁ মাত,
সাগৰ বুকু স্তব্ধ নিমাত
 কৰিলোঁ শব্দাঘাত।
চোৱাহে সাগৰ যোগী মুনিবৰ
 তোমাৰ তীৰত কোন,
প্ৰিয়াক বিচাৰি আহিছোঁ লৱৰি
 কোৱা ক’ত মোৰ সোণ।
আঁকিছিলা তুমি মৰমী প্ৰিয়াৰ
 নীলোৎপল যেন আখি,
আহিছে নেকি কাষলৈ তোমাৰ
 জীউধন মোৰ সখি?

[ ২০ ]

[ ৩০ ]

২৭ ]

নুশুনিলে মোৰ কৰুণ বিননি
 হিয়াহীন পৰাবাৰ,
বাগৰি পৰিল দুগালেদি মোৰ
 বিৰহৰ অশ্ৰুধাৰ।

[ ২৮ ]

কুলু কুলু সুৰ শুনিলোঁ জুৰিৰ
 বৈ আছে অবিৰাম,
কাষ চাপি গলোঁ আকুল হেঁপাহে
 ভাবিলোঁ প্ৰিয়াক পাম।
জুৰিটিৰ পাৰত থিয় হৈ মই
 চাই ৰলোঁ বহুপৰ,
শিলৰ বুকুত গীতৰ লহৰী
 বাজি আছে মনোহৰ।
সেউজী পাহাৰ! কিয় নো বাৰু
 লুকালি সখিক মোৰ,
কিয় নো বাৰু শতৰু শালিলি
 কি দোষ কৰিলোঁ তোৰ?
ওখোৰা মোখোৰা শিলনি বুকু
 বিচাৰিলা কিয় সখি?
কি নো অভিমানে অহিলা আঁতৰি
 হলোঁ কি দোষে নো দোষী?
হ’ব পাৰে মোৰ শত অপৰাধ
 অজানিতে শত ভুল,
জননী ৰূপে ক্ষমা কৰা মোক
 ফুলোৱা চেনেহ ফুল।

[ ২১ ]

[ ৩১ ]

[ ২৯ ]

মিছাতে চাপিলোঁ জুৰিটিৰ কাষ
 নেপালোঁ সখিৰ মাত,
মিছাতে ঘূৰিলোঁ সেউজী পাহাৰ
 সখি মোৰ নাই তাত।

[ ৩০ ]

ক’লৈ যাওঁ মই এই মাজ নিশা
 ইকৰা বিৰিণা ফালি ফালি?
 যাত্ৰাৰ শেষ নাই,
 লক্ষ্য ভ্ৰষ্ট মই প্ৰিয়া আজি।
হাবি-বন, জুৰি, সাগৰ, আকাশ
 কোনেও তো নকয় বাতৰি।
 কষ্টৰ শেষ নাই,
 কত দিন খাম হাবাথুৰি?
নদী হৈ ৰৈ গ’ল নয়নৰ নীৰ
 তুমি বাৰু দেখা নাই নেকি?
 সকলোকে দেখিছা,
 তথাপি নিষ্ঠৰ তুমি সখি।
মোক যাতনা দি পাবা তুমি সুখ?
 হাঁহি উঠে ভাবি এই কথা।
 কেতিয়াও নোপোৱা,
 মোৰ হিয়া তোমাতেই গঁথা।
যদি সুখ পাব খোজা সখি তুমি
 দুখ মোক দিছা কিয় ঢালি?
 দুখৰ শেষ আছে,
 তুমি মোক লোৱা আঁকোৱালি।

[ ২২ ]

[ ৩২ ]

[ ৩১ ]

উপবাসী মোৰ গাভৰু মনে
 তোমাক বিচাৰি উৰে,
হাবি বননি ধূসৰ ধৰণীৰ
 বেকা বেকি পথে পথে।
আলফুলীয়া মোৰ ই কুসুম
 বতাহে উৰাই নিলে,
উদং কুঁকিয়ে উদাসী সুৰেৰে
 বিষাদ বিননি তোলে।
প্ৰেম আকলুৱা পৰাণে মোৰ
 নেপাই আকাশী সুখ,
দূৰে দূৰে আজি ফুৰিছে উৰি
 ভুগিছে অসীম দুখ।

[ ২৩ ]

[ ৩৩ ]

[৩২]

জ্বলালা কিয়নো সখি প্ৰণয়ৰ তুঁহ জুই
 উমি উমি আজি মোৰ
 দহিছে পৰাণ,
বাসন্তী পুৱাতে অজি জীৱন মৰহি গ’ল
 ধীৰে ধীৰে কলা হ’ল
 কুমলীয়া মন।
বলিয়া পৰাণ মোৰ তৃষ্ণাত আতুৰ হ’ল
 লৰি গ’ল চাহাৰৰ
 তপত বালিত,
ভাগৰি পৰিল হায় মৰীচিকা খেদি খেদি
 পানী নাই, জাহ গ’ল
 বালিৰ বুকুত।
বসন্ত পাৰ হ’ল শৰৎ অন্ত হল
 শেষ হ’ল কত ৰাতি
 আৰু কত দিন,
তথাপিও নপৰিল অনন্ত মৰুভূত
 এটুপিও আকাশৰ
 চেঁচা বৰষুণ।
জীৱনৰ আশা মোৰ জহি পমি শেষ হ’ল
 হাবাথুৰি খাই খাই
 মৰিলোঁ মিছাই,
নিবাৰণ নকৰিলা পৰাণৰ তৃষ্ণা সখি
 অন্তিমত দিবা মোক
 চিতাত জ্বলাই।

[ ২৪ ]

[ ৩৪ ]

[ ৩৩ ]

অগনিৰ পৰশত
জ্বলি উঠে কাঠ সখি,
 যদিওবা পোৰে সি পোহৰ বিলায়;
অগনিৰ দহনতে
কোনো কাঠ দহি যায়,
 ধোঁৱা হৈ পেৰে মাথো পোহৰ নেপায়।
তোমাকেই ভাবি ভাবি
মইও দেখো পুৰি গলোঁ,
 ধোঁৱা হৈ উৰে মোৰ কোমল পৰাণ;
সাধনাৰ জুই শিখা
কিয় বাৰু নজ্বলিল,
 লাগি গ’ল ক’ত সখি অজান কেৰোণ?
পুৰি যাওঁ কথা নাই
যদিহে পোহৰ পাওঁ,
 দেখা পাওঁ সৰগী মুখখনি তোমাৰ
শেষ শান্তি হ’ব মোৰ
যদিহে তোমাক পাওঁ,
 মৰণতো মিলিব আনন্দ অপাৰ।
চাওঁতে চাওঁতে দেখো
আহি পালে শেষ ক্ষণ,
 নিমিলিল দুয়োৰে মধুৰ লগন;
শেষ সন্ধিয়াতো যদি
নেপাওঁ দীপ্তি শিখা,
 ৰাখি কি নো লাভ সখি মোৰ ই জীৱন?

[ ২৫ ]

[ ৩৫ ]

[ ৩৪ ]

অবুজ মনটি মোৰ
নুবুজ নো কিয় তই
 আশাৰ পিছত লৰি
 একো লাভ নাই;
দেখিও নেদেখা হ’বি
মায়া লগা প্ৰেয়সীক
 চকুৰ আগত যিয়ে
 খেলিছে সদায়।
ধৈৰ্য্য বিনে আন মই
নেদেখোঁ উপায় আৰু
 আঁকি ল কল্পনাতে
 সখিৰ মূৰতি;
তাকে চাই চাই তই
গুচাব লাগিব তোৰ
 আছে যত ক্ষুধা তৃষ্ণা
 অসীমৰ প্ৰতি।

[২৬]

[ ৩৬ ]

[ ৩৫ ]

চুলি ছিঙি কৰা কাকূতি মিনতি
 শুনিলা নেকি মানসী ৰাণী?
নীৰৱ সন্ধিয়া পদূলিত বহি
 কাৰ কথা নো ভাবিছা তুমি?
আউল-বাউল কৈ কলীয়া চুলি
 গালে মুখে তুমি পেলাই দি
উদাস উদাস চকুযুৰি মেলি
 কাৰ কথা নো ভাবিছা তুমি?
হাতত দেখান জিলিকে তোমাৰ
 তগৰ-চম্পা-মালতী-যূতি,
ইমান মৰম ইমান সুবাস
 কাৰ বাবে নো ৰাখিছা সাঁচি?
বুকুত দেখোন যৌৱনৰ বান
 পাৰ বাগৰি উচলি পৰে,
নিতম্বত দেখোন কেকোঁ-জেকোঁ ভৰ
 ধীৰ গতিতো থমকি লৰে।
কাৰ বাবে বাৰু এনে আয়োজন
 লাতুমণি যেন তোমাৰ দেহত?
মোৰ বাবে বুলি সেই আয়োজন
 ভাব আহে কিয় নো মনত?
আঁতৰাই মোক নিদিবা মানসী
 হৃদয়ত নিদিবা যাতনা,
চিৰদিন মোক ৰাখিবা সাৱটি
 পূৰ কৰি প্ৰেমৰ কামনা।

[ ২৭ ]

[ ৩৭ ]

[ ৩৬ ]

কাৰ পৰশত টোপনি ভাগিল
গহীন পুৱতি ৰাতি;
সাৰ পাই দেখোঁ শূন্য কুটীৰ
নীৰৱতা মাথো বাকী।
কোনে যেন মোক কলে কাণে কাণে
কৰুণ বিননি তুলি;

 “আমি সাগৰ আকাশ;
 অদূৰত নহয়, মিলিম দিগন্ত চুমি।
 জীৱনত আৰু ৰাতি বেচি নাই
 এটি ক্ষণ মাথো বাকী।”

ভাবৰ জোৱাৰে নিলে উটুৱাই
উজাগৰে ৰলোঁ পৰি,
মধু মিলনৰ মধুৰ ছবিটি
মনে মনে ললোঁ আঁকি।

[ ২৮ ]

[ ৩৮ ]

[ ৩৭ ]

এদিন পুৱতি ৰাতি নিৰ্জ্জন কোঠালীত
 শুই শুই সপোনত দেখিলোঁ সখিক,
তেওঁ যেন নাচি নাচি আহিছে ওচৰ চাপি
 লাহে লাহে দুহাতেৰে ধৰিলে সাৱটি।

চুমা খাই ধীৰে মোক কলে যেন সখিটিয়ে
 মলিহীন পৰাণত লয় তেওঁ ঠাই,
ল’ব পাৰে ঠাই মোৰ অচিৰতে অন্তৰত
 যদিহে শুদ্ধ মনৰ অধিকাৰী হওঁ।

[ ৩৮ ]

বিচাৰি বিচাৰি পথ
 কলুষতা নাশিবৰ
 অৱশেষে পালোঁ গৈ
 সুৰৰ দুৱাৰ।

[২৯]

[ ৩৯ ]

[ ৩৯ ]

জগাই তুলিলোঁ মোৰ জীৱনৰ বীণ
 বাজি উঠে সুৰ ঝঙ্কাৰ;
বজালোঁ ধীৰেৰে সখি তোমাৰেই গীত
 দীন হীন মই কলাকাৰ।
তোমাৰ পৰশ মাগি খেলিলোঁ সুৰৰ খেল
 বাজি উঠে সুৰৰ যড়জ,
আন্দোলিত কঁপনি ধীৰে-ধীৰে মাৰ গ’ল
 দিলোঁ পুনু আঙুলি পৰশ।
বাজি উঠে এই বাৰ কোমল ধৈবত
 কি যে মধু সুৰ আন্দোলন,
কম্পিত লয় লাসে ৰাগৰ গহীন স্বৰ
 সুৰে মোৰ হৰি নিলে মন।
বহুপৰ বাজি ৰ’ল উদাৰাৰ স্বৰবোৰ
 ভৈৰৱ ৰাগৰ ৰূপত,
ধীৰ স্থিৰ অচঞ্চল বিলম্বিত, লয়
 নাচি ৰ’ল বীণৰ বুকুত।
কোমল ঋষভে পালে সুৰৰ পৰশ মোৰ
 মুদাৰত উঠিল কম্পন,
শুদ্ধ গান্ধাৰে পালে কাৰ পৰশ বাৰু
 বতাহত মৃদু গুঞ্জৰণ!
মধ্যম সুৰ বাজে প্ৰাণৰ আবেগে মোৰ
 বাজে মীড় ঋষভ কোমল,
জিলিকি পৰিল কি যে মোহনীয় ৰূপ
 দেখোঁ মই প্ৰেম শতদল।

[৩০]

[ ৪০ ]

এই বেলি ৰলোঁ মই পঞ্চম সুৰত
 ঢালি দিলোঁ সুৰ মোৰ বিৰহ গধুৰ,
কোকিল-কাকলি সুৰে কোনে নো বিনাই
 মোৰ সুৰে কোনে গায় সৰগৰ সুৰ?
সোণত সুৱগা ৰূপ কোমল ধৈবত
 ৰাগৰ সৌন্দৰ্য্য ই যে কি নো বিতোপন
ধীৰেৰে কঁপনি তুলি বাজে সেই সুৰ
 অধীৰ আকুল মোৰ উৰি গ’ল মন।
এই বাৰ বাজিল নিষাদ,
 শুদ্ধ সপ্তম মুদাৰাৰ,
 পৰাণত লাগে হাহাকাৰ
 জীৱনত প্ৰেমৰ পোহৰ।

[ ৪০ ]

সুৰৰ দুৱাৰ মেলি
 পোহৰালোঁ মন মোৰ
 আঁতৰাই আছে যত
 কলুষ এন্ধাৰ।

[ ৩১ ]

[ ৪১ ]

[ ৪১ ]

হলোঁ মই পূজাৰী তোমাৰ পূজাৰ
 মিলোঁ বুলি তোমাৰ লগত,
দিনে ৰাতি অবিৰাম কৰিলোঁ সাধনা
 সুৰ তুলি জীৱন বীণত।

নৈবেদ্য, ধূপ-দীপ পূজাৰ সমল
 আছে যত বেদ মন্ত্ৰ ধ্বনি,
সুৰেৰে সজাই মই ভিন্ ভিন্ কৈ
 নিবেদিলোঁ চৰণত সখি।

[ ৪২ ]

অবোধ মানব মই
একোকে নেজানোঁ হায়
 ভুলে ভৰা মোৰ ই জীৱন,
 সখি! কেতিয়া নো দৰশন পাম?
সুৰতেই উটিবুৰি
অশেষ নিকাৰ ভুগি
 সেৱি আছোঁ তোমাৰ চৰণ,
 সখি! পৰাণে বিচাৰে মুক্তিধাম।

[ ৩২ ]

[ ৪২ ]

[ ৪৩ ]

এৱাঁ গাখীৰৰ দৰে
 শুধ বগা বৰণৰ
 এখিলা কাগজ মোৰ
 কুমলীয়া মন,
লেশ মানো কলা দাগ
 অকণিকে পৰা নাই
 জোনাকৰ দৰে বগা
 এই হিয়াখন।
আঁকিব খুজিছা তুমি
 প্ৰেমৰ তুলিকা ধৰি
 তোমাৰ মোহিনী ৰূপ
 মোৰ পৰাণত;
আঁকা সখি ৰং মনে
 বুকু মেলি দিছোঁ মই
 জিলিকাই তোলা মোক
 তযু পৰশত

[88]

কোনে যেন আহি মোক
 কলে কাণে কাণে
 দুখৰ ৰজনী মোৰ
 আহিল পুৱাই,
ভৈৰৱ সুৰে নাশি
 কলীয়া এন্ধাৰ ৰাতি
 পোহৰেৰে নিব মোক
 ওলগ জনাই।

[ ৩৩ ]

[ ৪৩ ]

[৪৫]

তিমিৰ বিহীন মোৰ আকাশৰ
ধৱলী বৰণ কপালত
কোন শিল্পীৰ তুলিকাই আঁকিলে
ৰঙা সেন্দুৰৰ ফোঁট?
পেলালে এন্ধাৰ ওৰ্‌?
কুঁৱলী মেঘৰ ওৰণি গুচাই
ৰামধেনু সাজি আকাশত
কোনে আহি বাৰু নাচোন নাচিলে
লয় লাস ধীৰ ছন্দত?
হাঁহি জিলিকালে মোৰ?

[ ৪৬ ]

মোৰ জীৱনৰ শুকান সুঁতিত
ধল হৈ নামিল কোন?
মেঘে ঢকা মোৰ আকাশ খনিত
জোনবাই হ’ল কোন?

[ ৩৪ ]

[ ৪৪ ]

[৪৭]

কাৰ পৰশত জিলিকি উঠিল
মন মন্দিৰ আজি,
অন্তৰ মোৰ পুলকিত কৰি
কোনে নো বজালে বাঁহী?

[ ৩৮ ]

ভাহিছে কিয়নো আজি
চকুযুৰি ওপৰত
হেমন্ত প্ৰভাতৰ অৰুণ কিৰণ,
দেখোঁ মাথো চৌদিশে
জোনালী আলোক ৰেখা
নিমিষতে আঁতৰিল তিমিৰ বৰণ।
এন্ধাৰ বিহীন মোৰ
হৃদয় পটত
কোন সুন্দৰী আহি উজ্বলি উঠিল,
পূজাৰ বেদীত আজি
মধুৰ মূৰতি কাৰ
জিল্‌ মিল্‌ জিল্‌ মিল্‌ জিলিকি পৰিল?

[ ৩৫ ]

[ ৪৫ ]

[ ৪৯ ]

মহা শূন্যত শুনোঁ আজি মই
কাৰ নো আৱাহন,
'আহ’ বুলি মোক মাতিলে কোনে
কোন নো সেই জন?
শয়নে সপোনে দিনে ৰাতিয়ে
ভাহিছে যাৰ ছৱি,
মহাশূন্যত তেওঁৰেই নেকি
জিলিকিছে মূৰতি?
সাতোটি সুৰত সঙ্গীত ধ্বনি
শূন্যত উঠে বাজি,
সেই সুৰতে বীণখনি মোৰ
উঠিল ধীৰে কঁপি।
সুৰ বিচাৰি মেলিলোঁ ঢাপলি
সুৰ মই যে পালোঁ,
সখি সুৰ গৈ একাকাৰ হ’ল
মই সখি হৈ গলোঁ।
অজি মোক তেওঁ পালে যে বুজি
সাধনা সিদ্ধি হ’ল,
সখিয়ে মোক ধৰিলে সাৱটি
হৈ গলোঁ জলমল।
শেষ হ’ল মোৰ বেদনা ভাগৰ।
মন সুন্দৰ হ’ল;
জীৱনৰ যত কলা এন্ধাৰ
নাইকিয়া হৈ গ'ল।
সসীম মানৱে বিচাৰি বিচাৰি
অসীমক যে পালোঁ,
পৰাণত জ্বলা বিৰহৰ জুই
আজিহে নুমুৱালোঁ। +

[ ৪৬ ]

সাহিত্যযোগী বুৰঞ্জীবিদ শ্ৰীযুত বেণুধৰ শৰ্মাদেৱৰ
এষাৰ

 শ্ৰীমান উমেশ বৈশ্যই হাতে লিখা অৱস্থাতে তেওঁ লেখা নাউমান “মিলন” কাব্য ডুখৰি মোৰ হাতত দি, পঢ়ি চাই অভিমত এটি দিবলৈ কলে। মই নো কি অভিমত দিম? নীৰস বুৰঞ্জীৰ হাড়-ছাল বিচাৰি ফুৰা মানুহে কি কবিতাৰ মোল বুজে? পিচে, বৈশ্যৰ কথা এৰাব নোৱাবি কাব্য খনিৰ পাত দুটামান লুটিয়াই ওপৰে ওপৰে পঢ়িগলোঁ। দেখিলোঁ⸺ তাৰ কেইফাঁকিমান কথাই মোৰ মনটো টানি নিলে। ভাবিলোঁ⸺ ইয়াৰ কিবা এটি মোহিনী শক্তি আছে⸺ সঁচাকৈয়ে আছে হয়— দুটামান বাক্যই যে মোক মোহিনী বাণকে মাৰি পঠি- য়ালে অৰ্থাৎ কঠুৱা মানুহটোকো কবিকৈ পেলালে। উগুল-থুগুল লাগি থকা বৈশ্যৰ মনটো যেতিয়া অসীমত মিলি শান্ত হৈ পৰিল, মইও তেতিয়া ধীৰ স্থিৰ হৈ পৰিলোঁ⸺ কবি প্ৰাণৰ মায়াত পৰা ধৰফৰণি আৰু কটা গ'ল। কুমলীয়া কবি প্ৰাণ শ্ৰীমান উমেশৰ কৃতিত্ব এই খিনিতেই। যি লাই বাঢ়িব দুপতী- য়াতেই চিন। তেওঁ যে আগলৈ যশস্বী কবি হবলৈ পাৰিব⸺ এই সৰু “মিলন” কাব্য ডুখৰিতেই চিন পোৱা গৈছে। ঈশ্বৰে যেন উমেশৰ কবিময় আয়ুসটো দীঘলাই নি থাকে — এয়ে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা⸺


শ্ৰীবেণুধৰ শৰ্ম্মা

সুৱাগপুৰ,
গুৱাহাটী — ৮
২৬।১১

[ ৪৭ ]

প্ৰবীণ কথাশিল্পী শ্ৰীযুত যোগেশ দাসৰ
দু আষাৰ


 শ্ৰীউমেশ বৈশ্যৰ ‘মিলন’ কাব্য খনিব মূল প্ৰেৰণা প্ৰেম⸺ কিন্তু এই প্ৰেম অলপ পৃথক প্ৰকৃতিৰ, নিতান্ত গতানুগতিক যৌৱন ধৰ্মী প্ৰেম নহয়। অৱশ্যে বৈশ্য কৰি ডেকা কবি আৰু ডেকা মানুহ হিচাপে যৌৱন ধৰ্মী প্ৰেমৰ গীত গোৱাও তেওঁৰ পক্ষে তেনেই স্বাভাৱিক। দৰাচলতে কাব্য খনিৰ পাত লুটিয়াই পঢ়ি গলে সাধাৰণ প্ৰেমৰ গীত যেনেই লাগেঃ

চঞ্চল তুমি ৰূপহী কিশোৰী
চঞ্চল তোমাৰ হাঁহি,
হলোঁ চঞ্চল দেখি মনোহৰ
পদুমী চকুৰ পাহি।
চকুৰে জনাই মনৰ ব্যথা
ওচৰ চাপিলা আহি,
ঠকে ঠকে কঁপা ওঁঠ দেখি পালোঁ
নোকোৱা কথাটি বুজি।

 কিবা কাৰণত এই প্ৰেমিকাটি কবিৰ পৰা আঁতৰি গৈছিল। তাৰ পিছত বিৰহৰ অনুভূতি, প্ৰেয়সীৰ অবুজ আচ- ৰণ বুজিবৰ বৃথা চেষ্টা, কবিৰ প্ৰেমময় চিত্তৰ জয়লাভত আস্থা প্ৰকাশ ইত্যাদিৰ দীঘলীয়া পংত্তিবাৰ বিচিত্ৰ ছন্দৰ মাজেদি বিচিত্ৰ ভাবে ব্যক্ত কৰা হৈছে। এই খিনিলৈ কবিতাটোক সাধাৰণ প্ৰেম বিৰহৰ ছন্দময় প্ৰকাশ যেনেই লাগে। কিন্তু অলপ সাৱধানে লক্ষ্য কৰি গলে অনুমান কৰা টান নহয় যে এই সাধাৰণ কথাৰ মাজতে অসাধাৰণ বা বিশেষ কিবা এটা আছে যিটোৱে গোটেই কবিতাটোৰ প্ৰকৃত মূল্য নিৰূপণ্‌ কৰিব। হেৰাই যোৱা প্ৰিয়াৰ ছবিটি নৈসৰ্গিক জগতত বিচাৰি [ ৪৮ ] হাবাথুৰি খোৱা, প্ৰিয়া সৰগলৈ গুচি যোৱা বুলি অনুভৱ কৰা, দুয়োটি প্ৰাণ একেটি বুলি ভাবিবপৰা ইত্যাদি কথাত ইয়াৰ আভাস আছে। তদুপৰি তলৰ পংক্তিটোৱে স্পষ্টতৰ ৰূপত ইয়াৰ ইংগিত দিছে : নিজৰ মনক কবিয়ে কৈছে—

ধৈৰ্য্য় বিনে আন মই
নেদেখো উপায় আৰু
আঁকি ল কল্পনাতে
সখিৰ মূৰতি;
তাকে চাই চাই তই
গুচাব লাগিব তোৰ
আছে যত ক্ষুধা তৃষ্ণা
অসীমৰ প্ৰতি।

 এই ‘অসমৰ প্ৰতি’ কথাষাৰেই বৈশ্য কবিৰ প্ৰেম যে শতদল ফুলা আৰু ভূমণ্ডল ঘূৰা প্ৰেমৰ শাৰীৰ এই কথা আমাক উপলব্ধি কৰোৱায়। প্ৰাচীন ভক্তিমূলক গীতৰ কথা এৰিলেও আধুনিক যুগত ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ভালেমান গীতকে যুগপৎ মানবীয় আৰু আধ্যাত্মিক মিলন-বিৰহৰ অৰ্থত গ্ৰহণ কৰিব পাৰি। ‘তুমি’ কাব্যত অম্বিকাগিৰী ৰায়চোধুৰীয়ে অতি স্পষ্টৰূপত এনে দ্ব্যৰ্থবোধক প্ৰেমা- কৰ্ষণৰ দৃষ্টান্ত আমাৰ সাহিত্যত দাঙি ধৰি গৈছে। বিয়েত্ৰিচৰ প্ৰতি ডাণ্টেৰ আকৰ্ষণে গৈ অমৰ লোকত উপনীত হোৱাৰ উদাহৰণটো সৰ্ব্বজন বিদিত দৃষ্টান্ত। উমেশ বৈশ্যৰ বয়সলৈ চালে অৱশ্যে ( ১৬ বছৰ ) এই সকল মহৎ কবিৰ তুলনা অলপ আশ্চৰ্য্যজনক বোধ হ'ব। তথাপি তেওঁৰ উপলব্ধিটোত সন্দেহ কৰিব লগীয়া একো নাই। কাব্যখনিৰ শেষৰ পিনে তেওঁ এবাৰ আকস্মিক ভাৱে এই উপলব্ধিব প্ৰমাণ দিছে। তেওঁ উপলব্ধি কৰিছে গৈ যে “শুদ্ধ মনৰ অধিকাৰী” হব পাৰিলে তেওঁৰ সখিয়ে তেওঁৰ সেই মনত থিত্‌ লব ⸺ যেনেকৈ অম্বিকাগিৰীয়ে কামনা-বাসনাৰ সিপাৰত থকা প্ৰেমৰ অধিকাৰী হৈ মনোৰথ পূৰ্ণ কৰিব পাৰিছিল। বৈশ্য কবিয়ে [ ৪৯ ] “কলুষতা নাশ” কৰাৰ একমাত্ৰ উপায় স্বৰূপে “সুৰৰ” আশ্ৰয় ললে⸺ইয়াৰ দ্বাৰা তেওঁ কি বুজাইছে কোৱা টান; সম্ভৱতঃ সংগীত- সৃষ্ট ইন্দ্ৰজাল অপাৰ্থিব বস্তু কাৰণে তাৰ মাজত সোমাই পৰি এক অপাৰ্থিব জগতক আশ্ৰয় কৰাৰ কথাকে কৈছে। যি হওক, এনে ধৰণৰ কথা সদায়েই ৰহস্যময় হয়। শেষত কবিৰ দুখৰ ৰাতি পুৱাল। কাৰণ সেই সুৰৰ লগতে তেওঁৰ সখিও একাকাৰ হৈ গ'ল আৰু কবি নিজেও সখি বা সুৰ হৈ গ'ল। এয়ে মিলন। এই মিলন সাধাৰণ ডেকা-গাভৰুৰ মিলন নহয়। এক অপাৰ্থিৱ ভাৱ-জগতত দুটি বাস্তৱ প্ৰাণ এক হৈ যোৱাৰ কথা উপলব্ধি কৰাটো সাধাৰণ কথা হৈ থাকিব নোৱাৰে। নহলে বিৰহ-বেদনাত কষ্ট ভুগি থকা কবিয়ে সেই উপলব্ধিৰ অন্তত শান্তি লাভ কৰিব নোৱাৰিলেহেঁতেনঃ

শেষ হ’ল মোৰ বেদনা ভাগৰ
মন সুন্দৰ হ’ল,
জীৱনৰ যত কলা এন্ধাৰ
নাইকিয়া হৈ গ'ল।
সসীম মানৱে বিচাৰি বিচাৰি
অসীমক যে পালোঁ
পৰাণত জ্বলা বিৰহৰ জুই
আজিহে নুমুৱালোঁ।

যোগেশ দাস

চেনিকুঠী,
গুৱাহাটি,
১৪ মাৰ্চ, ১৯৭১

[ ৫০ ]

পদ্মশ্ৰী অতুল চন্দ্ৰ হাজৰিকাদেৱৰ
এষাৰ

 প্ৰকৃত মিলনৰ বাটত বাধা-বিঘিনিৰ হেঙাৰ বহুত। কিন্তু পাঠকৰ চকুত শ্ৰীবৈশ্যৰ এই ‘মিলন’ৰ বোৱঁতী সুঁতিত ডকা-চাকনৈয়া নাই। এই ‘মিলন’ সুঁতিৰ তলি গভীৰ হলেও স্বচ্ছ, ওপৰৰ পৰাই মনিব পাৰি, গতি সাবলীল, বাটে বাটে চমকি থমকি যাবৰ আৱ- শ্যক নকৰে। মই পুৰণি মানুহ, পুৰণি দৃষ্টিভঙ্গীৰে পঢ়ি চাই ভালেই পাইছোঁ⸺ অৱশ্যে সমালোচনাৰ বিতচকু চকুত আৰি লোৱা নাই। বুজাই কব লগীয়াখিনি অধ্যাপক শ্ৰীযোগেশ দাসেই ফাঁহিয়াই কৈছে। তাৰ ওপৰত মই মাত নেমাতিলেও হব।

আশীৰ্ব্বাদেৰে⸺
শ্ৰীঅতুল হাজৰিকা

তপোবন,
গুৱাহাটী
৩।৬।৭১

[ ৫১ ]

ধীমান সাহিত্যিক শ্ৰীযুত তীৰ্থনাথ শৰ্ম্মাদেৱৰ
অভিমতঃ

 শ্ৰীমান উমেশ বৈশ্যৰ ‘মিলন’ নামৰ হাতেলিখা কবিতাৰ পুথিখন আদ্যোপান্ত পঢ়ি চালোঁ। শ্ৰীমান বৈশ্য অসমীয়া কবি- তাৰ ক্ষেত্ৰত এজন নবাগত। ইয়াৰ আগেয়ে হাত শিক্ষা স্বৰূপে স্কুল কলেজৰ আলোচনীত ভুমুকিয়ালেও সুকীয়া গ্ৰন্থ এখন আগ- বঢ়োৱা এয়ে প্ৰথম। এই কবিতাত ন লিখাৰুৰ ভাবৰ বেমেজালি নথকাত আচৰিত হোৱা নাই। কাৰণ এই কবিতাৰ আধাৰ ভূমিত তেওঁৰ অকলশৰীয়া নীৰৱ সাধনাৰ পৰিচয় পোৱা যায়। ‘মিলন’ একে ভাবৰ ক্ৰম গতিৰে আগুৱাই পৰিণতি লাভ কৰা এটা দীঘলীয়া কবিতা। এটা সুস্পষ্ট প্ৰেৰণ নহলে এনেকুৱা কবিতা লেখা সম্ভৱ নহয়। প্ৰেৰণাৰ আভাস এই কবিতাত দেখিবলৈ পাইছোঁ। কোনো প্ৰাক্-আয়ত্ত ভাব এটা লৈ তাক ছন্দাকাৰে ৰূপ দিবলৈ তৰুণ কবিয়ে চেষ্টা কৰা নাই। তেওঁ আৰম্ভ কৰিছে শুদ্ধ মনত প্ৰাপ্ত প্ৰেৰণাৰ ক্ৰিয়াৰে। কাৰণ শেষৰ ফালে লিখিছে⸺

এঁৱা গাখীৰৰ দৰে
শুধ বগা বৰণৰ
এখিলা কাগজ মোৰ
কুমলীয়া মন,
লেশমানো কলাদাগ
অকণিকে পৰা নাই
জোনাকৰ দৰে বগা
এই হিয়াখন।

[ ৫২ ]

আঁকিব খুজিছা তুমি
প্ৰেমৰ তুলিকা ধৰি
তোমাৰ মোহিনী ৰূপ
মোৰ পৰাণত,
আঁকা সখি ৰং মনে
বুকু মেলি দিছোঁ মই
জিলিকাই তোলা মোক
তযু পৰশত।

 কবিয়ে এনে এটা শুধ বগা মনত প্ৰেৰণাৰ জিলিকনি পাইছে আৰু তাক পূৰ্ণ ভাবে উপলব্ধি কৰিবলৈ সমৰ্থ হৈছে – কাৰণ তাৰ পিছতেই কবিয়ে বিস্ময় বিমূঢ় হৈ আপোনা আপুনি সুধিছে ⸺

মোৰ জীৱনৰ শুকান সুঁতিত
ধল হৈ নামিল কোন?
মেঘে ঢকা মোৰ আকাশখনিত
জোনবাই হ’ল কোন?
কাৰ পৰশত জিলিকি উঠিল
মন মন্দিৰ আজি,
অন্তৰ মোৰ পুলকিত কৰি
কোনে নো বজালে বাঁহী?

 প্ৰথম অৱস্থাৰ বস্তুলাভৰ আগজাননী ওপৰত তুলিদিয়া শাৰী কেইটাত প্ৰকাশ পাইছে আৰু শেষৰ পিনে বস্তুলাভৰ উপ- লব্ধিৰ আনন্দ ছন্দৰ মাজেদি পৰিস্ফুট হৈছে— “মই সখি হৈ গলোঁ।”

 এই কবিতাত দৈহিক আকুলতাক অৱলম্বন কৰি দেহৰ ভাষাৰে আত্মাৰ হাবিয়াসৰ কাব্যৰূপ দিবলৈ চেষ্টা কৰা হৈছে। কবিৰ এই প্ৰচেষ্টা প্ৰথম হলেও ইয়াত ভৱিষ্যৎ কবি জীৱনৰ উজ্জ্বল [ ৫৩ ] সম্ভাৱনা লুকাই আছে। সেই সম্ভাৱনা ফলিওৱা দিনলৈ আমি বাট চাইছোঁ। ঈশ্বৰ তেওঁৰ সহায় হওক।


শ্ৰীতীৰ্থনাথ শৰ্ম্মা

ভৰলুমুখ,
গুৱাহাটী
১৪।৭।৭১

[ ৫৪ ]

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি
বীৰেন বৰকটকীৰ সমালোচনা

 নবীন কবি শ্ৰীবৈশ্যই এই ‘মিলন’ কাব্যখনৰ বিষয়-বস্তু লৈছে প্ৰেম। সাধাৰণ প্ৰেমৰ মাজেদি অসীমক সন্ধান কৰা কবিৰ মনৰ ইচ্ছা। সেয়েহে কবিয়ে—

চঞ্চল তুমি ৰূপহী কিশোৰী
চঞ্চল তোমাৰ হাঁহি
হলোঁ চঞ্চল দেখি মনোহৰ
পদুমী চকুৰ পাহিত ভোল গৈ

 ‘প্ৰণয় সুৰভি সনা’ গান গাই তেওঁৰ সুৰৰ আকুল বিননি শুনিবলৈ প্ৰেয়সীক আহ্বান জনালেও এদিন তেওঁ উপলব্ধি কৰিলে মহাশূন্যৰ আহ্বানেই প্ৰকৃত আহ্বান। এই আহ্বানৰ অন্তত কবিৰ ’মন সুন্দৰ হ’ল’ পাৰ্থিৱ বেদনা, ভাগৰ শেষ হ’ল আৰু আত্মতৃপ্তি লাভ কৰিলে—

সসীম মানৱে বিচাৰি বিচাৰি
অসীমক যে পালোঁ
পৰাণত জ্বলা বিৰহৰ জুই
আজিহে নুমুৱালোঁ।

 প্ৰেমৰ কবিতাত বিৰহ বেদনাৰ ছন্দময় প্ৰকাশ সাধাৰণতে হোৱাৰ দৰে মিলনৰ এই দীঘলীয়া কবিতাটোতো সেয়েই আছে। প্ৰেয়সীক এদিন কবিয়ে ভাল পাইছিল— ‘চকুৱে চকুৱে পৰি চাৰি চকু থৰ হৈ গৈছিল’, ‘ভৈৰৱ সুৰৰ বীণখনি’ কবিৰ বাজিছিল আৰু মনৰ পৰা আন্ধাৰ আঁতৰি গৈছিল। কবিয়ে উপলব্ধি কৰিছিল— কবি আৰু প্ৰিয়াৰ ’একেটি প্ৰাণ একেই হিয়া’।

 পাৰ্থিব জগতত জীৱনৰ গতি সহজ নহয়। প্ৰেমৰ জগততো মিলনৰ ঠাইত কেতিয়াবা বিষাদ নামেহি। কবিৰ প্ৰেমতো হয়তো সেয়ে হ’ল। যদিও তেওঁৰ প্ৰিয়াই কৈছিল তেওঁ ‘আজীৱন পৰাণৰ চেনেহ লগৰী হৈ থাকিব, তথাপি কবিৰ জীৱনলৈ বিচ্ছেদ আহিল (হয়তো প্ৰিয়া সৰগলৈ গুছি গ’ল)। গতিকে প্ৰিয়াৰ অবিহনে কবিয়ে বিৰহ বেদনা লৈ প্ৰিয়াৰ সন্ধানত মন মেলি দিলে অসীমৰ বুকুলৈ— প্ৰকৃতি পাত পাত কৰিলে— বন বিহঙ্গক সুধিলে প্ৰিয়াৰ বাতৰি—

কোৱাহে বিহগী সৰগৰ দূত
প্ৰিয়া গ’ল ক’ত উৰি?

 নিজৰাৰ পাৰ, শিলনিৰ বুকু, হাবি-বন-সাগৰ, আকাশ সকলোতে বিৰহ বেদনাত [ ৫৫ ] জৰ্জৰিত কবিয়ে মনৰ আকুল বেদনা লৈ প্ৰিয়াৰ সন্ধান কৰিলে, কিন্তু 'কোনেওতো নকয় বাতৰি’।

 প্ৰিয়া বিৰহৰ বেদনা কবিয়ে উপশম ঘটাবলৈ বিচাৰিছে ধৈৰ্যৰ মাজেদি, জীৱন বীণৰ বিভিন্ন সুৰৰ মাজেদি অসীমৰ পৰশ লগা প্ৰেমৰ মোহনীয় ৰূপ দেখা পালে। কবিয়ে ‘সুৰৰ দুৱাৰ মেলি’ মন পোহৰাই পেলালে— মনৰ কলুষ আন্ধাৰ সকলো আঁতৰি গ’ল। অসীমৰ বুকুত সাতোটি সুৰৰ সঙ্গীতৰ ধ্বনিৰ মাজত কবিৰ সাধনা সিদ্ধি হ’ল—সসীমৰ মাজেদি আৰম্ভ কৰা প্ৰেমৰ পৰিতৃপ্তি ঘটিল অসীমৰ মাজত— পৰাণত জ্বলা বিৰহৰ জুই নুমাল।

 নবীন কবিৰ 'মিলন’ কাব্যখন পঢ়িলে অনুমান হয় যে কবিৰ মনৰ ওপৰত অম্বিকাগিৰি ৰায়চৌধুৰীৰ ’তুমি’ কাব্যৰ প্ৰভাৱ পৰিছে। ভাৰতীয় দৰ্শনত বিশ্বাসী বিভিন্ন প্ৰথিতযশা কবিয়ে প্ৰেমৰ ক্ষেত্ৰত অসীমৰ সম্বাদ যি ধৰণেৰে পোষণ কৰিছে, কবি বৈশ্যইও তাকেই পোষণ কৰিবলৈ চেষ্টা কৰিছে। মাজে মাজে খায়ামী সুৰো প্ৰতিধ্বনিত হৈছে। (তুমি আৰু মই বেলেগ নহয়... মিলনৰ ঠাই প্ৰণয় সাগৰে)।

বীৰেন বৰকটকী

(নাহেন্দ্ৰ পাদুন সম্পাদিত ‘অসম সাহিত্য সভা পত্ৰিকা’ত
প্ৰকাশিত, প্ৰথম সংখ্যা, ১৯৮১ চন।)


এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।