লেখকৰ কবলগীয়া
মোৰ কলেজীয়া জীৱনত অঙ্কুৰিত হোৱা কবিতা কবিতা
লগা ভাবাবেগ বোৰ লাহে লাহে স্নাতকোত্তৰ জীৱনত ছন্দৰ ৰূপত
ৰূপ লৈ উঠিল। তেতিয়া ১৯৬৬ চন। জীৱনত ৰঙীন সপোন৷
অনুভূতি বোৰ কবিতা আকাৰে লিখি উলিয়ালোঁ৷ লেখা খিনি
পুথি ৰূপে সজাই নাম ৰাখিলোঁ ‘মিলন'। পিছে ‘মিলন’ লিখি
উলিয়ালোঁ হয়; কিন্তু লাজ আৰু ভয়ত কোনো কবি সাহি-
ত্যিকক দেখুৱাব নোৱাৰি ইয়াক সন্তৰ্পণে পেৰাতহে সুমুৱাই
থলোঁ। মাজে মাজে উলিয়াই পঢ়ি নীৰৱে আত্মতৃপ্তি লভোঁ৷
এই দৰে কেইবছৰ মান পাৰ হ’ল। এদিন হঠাৎ মৰসাহ কৰি পৰম
শ্ৰদ্ধাভাজন অসমৰ ওজা সাহিত্যিক বুৰঞ্জীবিদ শ্ৰীযুত বেণুধৰ
শৰ্ম্মাদেৱক পুথিখনি দেখুৱালোঁ। হাতে লিখা পুথিখনি শৰ্ম্মাদেৱে
পঢ়ি চাই ইয়াক সোণকালে ছপাই উলিয়াবলৈ উপদেশ দিলে।
উৎসাহিত হৈ মই যশস্বী কথাশিল্পী শ্ৰীযুত যোগেশ দাস, জ্যেষ্ঠ কবি শ্ৰীযুত অতুল চন্দ্ৰ হাজৰিকা, পণ্ডিত সাহিত্যিক শ্ৰীযুত তীৰ্থনাথ শৰ্ম্মা আদি গুণী, জনকো পুথিখনি দেখুৱালোঁ৷ তেখেত সকলেও অগ্ৰহেৰে পুথিখনি পঢ়ি চাই একোটি স্পষ্ট অভিমত দি মোক প্ৰেৰণা যোগালে। ইয়াক ছপোৱাৰ সঙ্কল্প লোৱাৰ সময়ত শ্ৰীযুত বেণুধৰ শৰ্মাদেৱেও অভিমত এটি লিখি দি মোক কৃতাৰ্থ কৰিলে। মোক আদৰেৰে প্ৰেৰণা যোগোৱা এই গুণী সাহিত্যিক সকলৰ ওচৰত মই চিৰ দিন কৃতজ্ঞ হৈ থাকিম।
গুণী সকলৰ উৎসাহেৰে অত্যুৎসাহিত হৈ পুথিখনি ছপা- বলৈ সঙ্কল্প ললোঁ সঁচা; কিন্তু চিৰস্থায়ী আৰ্থিক দৈন্য মোৰ