পৃষ্ঠা:মিলন.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥মিলন॥
 

[ ২৫ ]

নীলসাগৰৰ নীলাৰঙেৰে
 প্ৰিয়াৰ দুচকু নীলা,
হয়তো প্ৰিয়া সাগৰ বুকুত
 খেলিছে ৰঙৰ খেলা!

[ ২৬]

বাৰিধি তীৰত থিয় দিলোঁ মই
 বুকুত বিৰহ ব্যথা,
দেখিলোঁ সাগৰ গুৰু গম্ভীৰ
 চুমিছে দিগন্ত ৰেখা।
ভগ্নকণ্ঠে কম্পিত সুৰে
 ধীৰে ধীৰে দিলোঁ মাত,
সাগৰ বুকু স্তব্ধ নিমাত
 কৰিলোঁ শব্দাঘাত।
চোৱাহে সাগৰ যোগী মুনিবৰ
 তোমাৰ তীৰত কোন,
প্ৰিয়াক বিচাৰি আহিছোঁ লৱৰি
 কোৱা ক’ত মোৰ সোণ।
আঁকিছিলা তুমি মৰমী প্ৰিয়াৰ
 নীলোৎপল যেন আখি,
আহিছে নেকি কাষলৈ তোমাৰ
 জীউধন মোৰ সখি?

[ ২০ ]

29