[১৫]
এনি তেনি উটি বুৰি সোঁতৰ পাকত ঘূৰি
বৈ আহে জাঁজিবোৰ সাগৰৰ মুখে,
কোনোৱে সাগৰ পায়, কোনোৱে বাটতে ৰৈ
নদীৰ বুকুতে থাকি বালিটুপ সাজে।
অনন্ত সাগৰ বুকুত মিলন প্ৰয়াসে
জাঁজি হৈ আহি ভাহি আহিছোঁ লৱৰি,
যোৱাৰ বাটত মই তোমাক যে লগ পালোঁ
তুমি আজি হ’লা মোৰ বাটৰ লগৰী।
আছিল দুয়োৰে দুটি বৈ যোৱা ভিন্ বাট
যদিওবা আছোঁ আমি একটি নদীত,
শিল বতাহ বৰষুণে মিলালে দুয়োকে আনি
একে পথে বৈ গলোঁ একেটি গতিত।
অকোৱা পকোৱা বাটে বহুদূৰ আহি পালোঁ
অতিক্ৰম কৰি বহু ধুমুহা বিজুলী,
আৰু আছে বহু বাট শিহু ঘৰিয়ালে ভৰা
নেৰিবা নেৰিবা লগ যাম মিলিজুলি।
এনেদৰে কৈছিলোঁ কতো যে মিনতি কৰি
হ’বা বুলি তুমি মোৰ পথৰ সঙ্গিনী,
তুমিওতো কৈছিলা হৈ ৰ’বা তুমি মোৰ
আজীৱন পৰাণৰ চেনেহ লগৰী।
আজি কিয় তেনে মোক এৰি গ’লা দূৰলৈ
অকলশৰীয়া কৰি নদীৰ বুকুত,
অকলে অকলে উটি এনি তেনি যাওঁ হায়
হেৰুৱালোঁ পথ অজি হেৰুৱালোঁ কুল৷
জাঁজি হৈ পৰি ৰলোঁ বালিৰ বুকুত মই
ঝাওবনে চৌদিশে ধৰিছে আৱৰি,
জীৱনৰ শেষ ক্ষণ গুণি-গাথি মনতে
পৰি ৰলোঁ অকলেই বালিত বাগৰি।
[১৩]