সঙ্কল্প পূৰণত প্ৰচণ্ড বাধা হ’ল। প্ৰকাশক সকলৰ কাষ চাপিলোঁ; কিন্তু কবিতা পুথি, তাতে আকৌ ন লেখক বুলি কোনো প্ৰকাশক পুথিখনি ছপাবলৈ আগবাঢ়ি নাহিল। সেয়েহে পুনৰ বাৰ ই পেৰাৰ চুকতে পৰি থাকিব লগীয়া হ'ল।
বছৰৰ পিছত বছৰ পাৰ হ’ল।
সাত বছৰৰ মূৰত আকৌ এটি আশালৈ নতুন প্ৰকাশন অনুষ্ঠান জীৱন জ্যোতি সঙ্গীতাশ্ৰমৰ কাষ চাপিলোঁগৈ। সৌভাগ্য যে এই অনুষ্ঠানটিয়ে অন্য প্ৰকাশক সকলৰ দৰে ন লেখকৰ কবিতা পুথি বুলি “মিলন”ক অৱহেলা নকৰি ছপোৱাৰ সিদ্ধান্ত ললে। তেখেত সকলেও অনাদৰ কৰা হলে “মিলন” হয়তো পেৰাৰ চুকতে নিঃশেষ হৈ গ’লহেতেন। উৱলি যাব ধৰা পাণ্ডুলিপি খনি ছপা আখৰত পুথিৰূপে উলিয়াই দিয়া বাবে এই সহৃদয় অনুষ্ঠানটিৰ মই শলাগ ললোঁ৷
নানা আলৈ-আহুকালৰ মাজেৰে ‘মিলন’ ৰাইজৰ মাজলৈ ওলাল। এতিয়া পঢ়ুৱৈ সমাজৰপৰা পুথিখনিয়ে কিঞ্চিৎ মানো সমাদৰ পালে লেখক ধন্য হব।
উমেশ বৈশ্য
সঙ্গীতাশ্ৰম,
বিৰুবাৰী, গুৱাহাটী — ১৬
২৫৷৬৷৮০