“কলুষতা নাশ” কৰাৰ একমাত্ৰ উপায় স্বৰূপে “সুৰৰ” আশ্ৰয় ললে⸺ইয়াৰ দ্বাৰা তেওঁ কি বুজাইছে কোৱা টান; সম্ভৱতঃ সংগীত- সৃষ্ট ইন্দ্ৰজাল অপাৰ্থিব বস্তু কাৰণে তাৰ মাজত সোমাই পৰি এক অপাৰ্থিব জগতক আশ্ৰয় কৰাৰ কথাকে কৈছে। যি হওক, এনে ধৰণৰ কথা সদায়েই ৰহস্যময় হয়। শেষত কবিৰ দুখৰ ৰাতি পুৱাল। কাৰণ সেই সুৰৰ লগতে তেওঁৰ সখিও একাকাৰ হৈ গ'ল আৰু কবি নিজেও সখি বা সুৰ হৈ গ'ল। এয়ে মিলন। এই মিলন সাধাৰণ ডেকা-গাভৰুৰ মিলন নহয়। এক অপাৰ্থিৱ ভাৱ-জগতত দুটি বাস্তৱ প্ৰাণ এক হৈ যোৱাৰ কথা উপলব্ধি কৰাটো সাধাৰণ কথা হৈ থাকিব নোৱাৰে। নহলে বিৰহ-বেদনাত কষ্ট ভুগি থকা কবিয়ে সেই উপলব্ধিৰ অন্তত শান্তি লাভ কৰিব নোৱাৰিলেহেঁতেনঃ
শেষ হ’ল মোৰ বেদনা ভাগৰ
মন সুন্দৰ হ’ল,
জীৱনৰ যত কলা এন্ধাৰ
নাইকিয়া হৈ গ'ল।
সসীম মানৱে বিচাৰি বিচাৰি
অসীমক যে পালোঁ
পৰাণত জ্বলা বিৰহৰ জুই
আজিহে নুমুৱালোঁ।
যোগেশ দাস
চেনিকুঠী,
গুৱাহাটি,
১৪ মাৰ্চ, ১৯৭১
49