সমললৈ যাওক

পৃষ্ঠা:মিলন.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাবাথুৰি খোৱা, প্ৰিয়া সৰগলৈ গুচি যোৱা বুলি অনুভৱ কৰা, দুয়োটি প্ৰাণ একেটি বুলি ভাবিবপৰা ইত্যাদি কথাত ইয়াৰ আভাস আছে। তদুপৰি তলৰ পংক্তিটোৱে স্পষ্টতৰ ৰূপত ইয়াৰ ইংগিত দিছে : নিজৰ মনক কবিয়ে কৈছে—

ধৈৰ্য্য় বিনে আন মই
নেদেখো উপায় আৰু
আঁকি ল কল্পনাতে
সখিৰ মূৰতি;
তাকে চাই চাই তই
গুচাব লাগিব তোৰ
আছে যত ক্ষুধা তৃষ্ণা
অসীমৰ প্ৰতি।

 এই ‘অসমৰ প্ৰতি’ কথাষাৰেই বৈশ্য কবিৰ প্ৰেম যে শতদল ফুলা আৰু ভূমণ্ডল ঘূৰা প্ৰেমৰ শাৰীৰ এই কথা আমাক উপলব্ধি কৰোৱায়। প্ৰাচীন ভক্তিমূলক গীতৰ কথা এৰিলেও আধুনিক যুগত ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ভালেমান গীতকে যুগপৎ মানবীয় আৰু আধ্যাত্মিক মিলন-বিৰহৰ অৰ্থত গ্ৰহণ কৰিব পাৰি। ‘তুমি’ কাব্যত অম্বিকাগিৰী ৰায়চোধুৰীয়ে অতি স্পষ্টৰূপত এনে দ্ব্যৰ্থবোধক প্ৰেমা- কৰ্ষণৰ দৃষ্টান্ত আমাৰ সাহিত্যত দাঙি ধৰি গৈছে। বিয়েত্ৰিচৰ প্ৰতি ডাণ্টেৰ আকৰ্ষণে গৈ অমৰ লোকত উপনীত হোৱাৰ উদাহৰণটো সৰ্ব্বজন বিদিত দৃষ্টান্ত। উমেশ বৈশ্যৰ বয়সলৈ চালে অৱশ্যে ( ১৬ বছৰ ) এই সকল মহৎ কবিৰ তুলনা অলপ আশ্চৰ্য্যজনক বোধ হ'ব। তথাপি তেওঁৰ উপলব্ধিটোত সন্দেহ কৰিব লগীয়া একো নাই। কাব্যখনিৰ শেষৰ পিনে তেওঁ এবাৰ আকস্মিক ভাৱে এই উপলব্ধিব প্ৰমাণ দিছে। তেওঁ উপলব্ধি কৰিছে গৈ যে “শুদ্ধ মনৰ অধিকাৰী” হব পাৰিলে তেওঁৰ সখিয়ে তেওঁৰ সেই মনত থিত্‌ লব ⸺ যেনেকৈ অম্বিকাগিৰীয়ে কামনা-বাসনাৰ সিপাৰত থকা

প্ৰেমৰ অধিকাৰী হৈ মনোৰথ পূৰ্ণ কৰিব পাৰিছিল। বৈশ্য কবিয়ে

48