অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি
বীৰেন বৰকটকীৰ সমালোচনা
নবীন কবি শ্ৰীবৈশ্যই এই ‘মিলন’ কাব্যখনৰ বিষয়-বস্তু লৈছে প্ৰেম। সাধাৰণ প্ৰেমৰ মাজেদি অসীমক সন্ধান কৰা কবিৰ মনৰ ইচ্ছা। সেয়েহে কবিয়ে—
চঞ্চল তুমি ৰূপহী কিশোৰী
চঞ্চল তোমাৰ হাঁহি
হলোঁ চঞ্চল দেখি মনোহৰ
পদুমী চকুৰ পাহিত ভোল গৈ
‘প্ৰণয় সুৰভি সনা’ গান গাই তেওঁৰ সুৰৰ আকুল বিননি শুনিবলৈ প্ৰেয়সীক আহ্বান জনালেও এদিন তেওঁ উপলব্ধি কৰিলে মহাশূন্যৰ আহ্বানেই প্ৰকৃত আহ্বান। এই আহ্বানৰ অন্তত কবিৰ ’মন সুন্দৰ হ’ল’ পাৰ্থিৱ বেদনা, ভাগৰ শেষ হ’ল আৰু আত্মতৃপ্তি লাভ কৰিলে—
সসীম মানৱে বিচাৰি বিচাৰি
অসীমক যে পালোঁ
পৰাণত জ্বলা বিৰহৰ জুই
আজিহে নুমুৱালোঁ।
প্ৰেমৰ কবিতাত বিৰহ বেদনাৰ ছন্দময় প্ৰকাশ সাধাৰণতে হোৱাৰ দৰে মিলনৰ এই দীঘলীয়া কবিতাটোতো সেয়েই আছে। প্ৰেয়সীক এদিন কবিয়ে ভাল পাইছিল— ‘চকুৱে চকুৱে পৰি চাৰি চকু থৰ হৈ গৈছিল’, ‘ভৈৰৱ সুৰৰ বীণখনি’ কবিৰ বাজিছিল আৰু মনৰ পৰা আন্ধাৰ আঁতৰি গৈছিল। কবিয়ে উপলব্ধি কৰিছিল— কবি আৰু প্ৰিয়াৰ ’একেটি প্ৰাণ একেই হিয়া’।
পাৰ্থিব জগতত জীৱনৰ গতি সহজ নহয়। প্ৰেমৰ জগততো মিলনৰ ঠাইত কেতিয়াবা বিষাদ নামেহি। কবিৰ প্ৰেমতো হয়তো সেয়ে হ’ল। যদিও তেওঁৰ প্ৰিয়াই কৈছিল তেওঁ ‘আজীৱন পৰাণৰ চেনেহ লগৰী হৈ থাকিব, তথাপি কবিৰ জীৱনলৈ বিচ্ছেদ আহিল (হয়তো প্ৰিয়া সৰগলৈ গুছি গ’ল)। গতিকে প্ৰিয়াৰ অবিহনে কবিয়ে বিৰহ বেদনা লৈ প্ৰিয়াৰ সন্ধানত মন মেলি দিলে অসীমৰ বুকুলৈ— প্ৰকৃতি পাত পাত কৰিলে— বন বিহঙ্গক সুধিলে প্ৰিয়াৰ বাতৰি—
কোৱাহে বিহগী সৰগৰ দূত
প্ৰিয়া গ’ল ক’ত উৰি?
নিজৰাৰ পাৰ, শিলনিৰ বুকু, হাবি-বন-সাগৰ, আকাশ সকলোতে বিৰহ বেদনাত