সমললৈ যাওক

পৃষ্ঠা:মিলন.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰবীণ কথাশিল্পী শ্ৰীযুত যোগেশ দাসৰ
দু আষাৰ


 শ্ৰীউমেশ বৈশ্যৰ ‘মিলন’ কাব্য খনিব মূল প্ৰেৰণা প্ৰেম⸺ কিন্তু এই প্ৰেম অলপ পৃথক প্ৰকৃতিৰ, নিতান্ত গতানুগতিক যৌৱন ধৰ্মী প্ৰেম নহয়। অৱশ্যে বৈশ্য কৰি ডেকা কবি আৰু ডেকা মানুহ হিচাপে যৌৱন ধৰ্মী প্ৰেমৰ গীত গোৱাও তেওঁৰ পক্ষে তেনেই স্বাভাৱিক। দৰাচলতে কাব্য খনিৰ পাত লুটিয়াই পঢ়ি গলে সাধাৰণ প্ৰেমৰ গীত যেনেই লাগেঃ

চঞ্চল তুমি ৰূপহী কিশোৰী
চঞ্চল তোমাৰ হাঁহি,
হলোঁ চঞ্চল দেখি মনোহৰ
পদুমী চকুৰ পাহি।
চকুৰে জনাই মনৰ ব্যথা
ওচৰ চাপিলা আহি,
ঠকে ঠকে কঁপা ওঁঠ দেখি পালোঁ
নোকোৱা কথাটি বুজি।

 কিবা কাৰণত এই প্ৰেমিকাটি কবিৰ পৰা আঁতৰি গৈছিল। তাৰ পিছত বিৰহৰ অনুভূতি, প্ৰেয়সীৰ অবুজ আচ- ৰণ বুজিবৰ বৃথা চেষ্টা, কবিৰ প্ৰেমময় চিত্তৰ জয়লাভত আস্থা প্ৰকাশ ইত্যাদিৰ দীঘলীয়া পংত্তিবাৰ বিচিত্ৰ ছন্দৰ মাজেদি বিচিত্ৰ ভাবে ব্যক্ত কৰা হৈছে। এই খিনিলৈ কবিতাটোক সাধাৰণ প্ৰেম বিৰহৰ ছন্দময় প্ৰকাশ যেনেই লাগে। কিন্তু অলপ সাৱধানে লক্ষ্য কৰি গলে অনুমান কৰা টান নহয় যে এই সাধাৰণ কথাৰ মাজতে অসাধাৰণ বা বিশেষ কিবা এটা আছে যিটোৱে গোটেই কবিতাটোৰ প্ৰকৃত মূল্য নিৰূপণ্‌

কৰিব। হেৰাই যোৱা প্ৰিয়াৰ ছবিটি নৈসৰ্গিক জগতত বিচাৰি

47