পৃষ্ঠা:মিলন.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥ মিলন ॥
 


[ ৩৫ ]

চুলি ছিঙি কৰা কাকূতি মিনতি
 শুনিলা নেকি মানসী ৰাণী?
নীৰৱ সন্ধিয়া পদূলিত বহি
 কাৰ কথা নো ভাবিছা তুমি?
আউল-বাউল কৈ কলীয়া চুলি
 গালে মুখে তুমি পেলাই দি
উদাস উদাস চকুযুৰি মেলি
 কাৰ কথা নো ভাবিছা তুমি?
হাতত দেখান জিলিকে তোমাৰ
 তগৰ-চম্পা-মালতী-যূতি,
ইমান মৰম ইমান সুবাস
 কাৰ বাবে নো ৰাখিছা সাঁচি?
বুকুত দেখোন যৌৱনৰ বান
 পাৰ বাগৰি উচলি পৰে,
নিতম্বত দেখোন কেকোঁ-জেকোঁ ভৰ
 ধীৰ গতিতো থমকি লৰে।
কাৰ বাবে বাৰু এনে আয়োজন
 লাতুমণি যেন তোমাৰ দেহত?
মোৰ বাবে বুলি সেই আয়োজন
 ভাব আহে কিয় নো মনত?
আঁতৰাই মোক নিদিবা মানসী
 হৃদয়ত নিদিবা যাতনা,
চিৰদিন মোক ৰাখিবা সাৱটি
 পূৰ কৰি প্ৰেমৰ কামনা।

[ ২৭ ]

36