পৃষ্ঠা:মিলন.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥ মিলন ॥
 


[১০]

চকুৱে চকুৱে পৰি চাৰি চকু
 থৰ হৈ ৰয় যেতিয়া,
অজানিতে মোৰ হৃদয় বীণত
 কঁপনি উঠে তেতিয়া।

তোমাৰ হাঁহি আৰু মোৰ হাঁহিয়ে
 সখি পাতেহি যেতিয়া,
বীণখনি মোৰ ধীৰে বাজি উঠে
 মূৰ্চ্ছনা জাগে তেতিয়া৷

এদিন নেহাঁহা মুখখনি দেখি
 তুমিও নেহাঁহা যেতিয়া,
বীণৰ ঝঙ্কাৰ মাৰ যাব খোজে
 এন্ধাৰ দেখোঁ তেতিয়া।

মনৰ উলাহে নাচি-বাগি আহি
 ওচৰ চাপাহি যেতিয়া,
ভৈৰৱী সুৰেৰে বীণখনি বাজে
 এন্ধাৰ আঁতৰে তেতিয়া।

[৮]

17