সমললৈ যাওক

পৃষ্ঠা:মিলন.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আঁকিব খুজিছা তুমি
প্ৰেমৰ তুলিকা ধৰি
তোমাৰ মোহিনী ৰূপ
মোৰ পৰাণত,
আঁকা সখি ৰং মনে
বুকু মেলি দিছোঁ মই
জিলিকাই তোলা মোক
তযু পৰশত।

 কবিয়ে এনে এটা শুধ বগা মনত প্ৰেৰণাৰ জিলিকনি পাইছে আৰু তাক পূৰ্ণ ভাবে উপলব্ধি কৰিবলৈ সমৰ্থ হৈছে – কাৰণ তাৰ পিছতেই কবিয়ে বিস্ময় বিমূঢ় হৈ আপোনা আপুনি সুধিছে ⸺

মোৰ জীৱনৰ শুকান সুঁতিত
ধল হৈ নামিল কোন?
মেঘে ঢকা মোৰ আকাশখনিত
জোনবাই হ’ল কোন?
কাৰ পৰশত জিলিকি উঠিল
মন মন্দিৰ আজি,
অন্তৰ মোৰ পুলকিত কৰি
কোনে নো বজালে বাঁহী?

 প্ৰথম অৱস্থাৰ বস্তুলাভৰ আগজাননী ওপৰত তুলিদিয়া শাৰী কেইটাত প্ৰকাশ পাইছে আৰু শেষৰ পিনে বস্তুলাভৰ উপ- লব্ধিৰ আনন্দ ছন্দৰ মাজেদি পৰিস্ফুট হৈছে— “মই সখি হৈ গলোঁ।”

 এই কবিতাত দৈহিক আকুলতাক অৱলম্বন কৰি দেহৰ ভাষাৰে আত্মাৰ হাবিয়াসৰ কাব্যৰূপ দিবলৈ চেষ্টা কৰা হৈছে।

কবিৰ এই প্ৰচেষ্টা প্ৰথম হলেও ইয়াত ভৱিষ্যৎ কবি জীৱনৰ উজ্জ্বল

52