পৃষ্ঠা:মিলন.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩৩ ]

অগনিৰ পৰশত
জ্বলি উঠে কাঠ সখি,
 যদিওবা পোৰে সি পোহৰ বিলায়;
অগনিৰ দহনতে
কোনো কাঠ দহি যায়,
 ধোঁৱা হৈ পেৰে মাথো পোহৰ নেপায়।
তোমাকেই ভাবি ভাবি
মইও দেখো পুৰি গলোঁ,
 ধোঁৱা হৈ উৰে মোৰ কোমল পৰাণ;
সাধনাৰ জুই শিখা
কিয় বাৰু নজ্বলিল,
 লাগি গ’ল ক’ত সখি অজান কেৰোণ?
পুৰি যাওঁ কথা নাই
যদিহে পোহৰ পাওঁ,
 দেখা পাওঁ সৰগী মুখখনি তোমাৰ
শেষ শান্তি হ’ব মোৰ
যদিহে তোমাক পাওঁ,
 মৰণতো মিলিব আনন্দ অপাৰ।
চাওঁতে চাওঁতে দেখো
আহি পালে শেষ ক্ষণ,
 নিমিলিল দুয়োৰে মধুৰ লগন;
শেষ সন্ধিয়াতো যদি
নেপাওঁ দীপ্তি শিখা,
 ৰাখি কি নো লাভ সখি মোৰ ই জীৱন?

[ ২৫ ]

33