সমললৈ যাওক

বহল ব্যাকৰণ/চতুৰ্থ অধ্যায়

ৱিকিউৎসৰ পৰা
[ ৩৫ ]

চতুৰ্থ অধ্যায়।

⸺::⸺

শব্দ প্ৰকৰণ।

 ১। অৰ্থযুক্ত বৰ্ণ বা বৰ্ণসমষ্টিক শব্দ বোলা যায়। জুই, পানী, ঘৰ, মানুহ, অৰ্থযুক্ত বৰ্ণসমষ্টি, এতেকে সিহঁত শব্দ। দ, ৰ, ব অৰ্থযুক্ত বৰ্ণ, এতেকে সিহঁতে৷ শব্দ।

 ২। আহ, যা, খা, পঢ় আদি কথাই কোনো এটা কাৰ্য্য কৰা বুজায়, সেই দেখি তেনেকুৱা বিধৰ কথাক ক্ৰিয়া বা ধাতু বোলে।

 ৩। শব্দ আৰু ক্ৰিয়া, দুয়োকো প্ৰকৃতি বোলা যায়।

 ৪। প্ৰকৃতিৰ লগত ভিন ভিন অৰ্থত কিছুমান নিৰৰ্থক বৰ্ণ বা বৰ্ণসমষ্টি যোগ দিয়া হয়, সিহঁতক প্ৰত্যয় বোলে।

 ৫। প্ৰত্যয় চাৰি বিধ:– বিভক্তি, স্ত্ৰী প্ৰত্যয়, তদ্ধিত প্ৰত্যয়, আৰু কৃৎপ্ৰত্যয়।

 ৬। যিবিলাক প্ৰত্যয়ে শব্দ প্ৰকৃতিত যোগ হৈ বাক্যৰ ভিতৰত তাৰ স্থান নিৰ্দ্ধাৰণ কৰে, সিহঁতক শব্দ-বিভক্তি বোলে।

[ ৩৬ ]  ৭। যিবিলাক প্ৰত্যয়ে ক্ৰিয়াত যোগ হৈ তাৰ কাল আৰু পুৰুষ নিৰ্দ্ধাৰণ কৰে, সিহঁতক ক্ৰিয়া-বিভক্তি বোলে।

 ক্ৰিয়া-বিভক্তিৰ কথা পাচত কোৱা যাব।

শব্দ-বিভক্তি।

 ৮। শব্দ-বিভক্তি সাত বিধ: – প্ৰথম, দ্বিতীয়, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী, আৰু সপ্তমী।

প্ৰথমা—এ
দ্বিতীয়া—অক
তৃতীয়া—এৰে, এদি, দ্বাৰা বা দ্বাৰায়
চতুৰ্থী—অলৈ, অক
পঞ্চমী—পৰা
ষষ্ঠী—অৰ
সপ্তমী—অত

 ৯। শব্দত বিভক্তি যোগ দিবৰ সাধাৰণ নিয়ম।

 (ক) ব্যঞ্জনান্ত শব্দত বিভক্তিৰ আদিৰ” অকলশৰীয়া স্বৰ শব্দৰ শেষ ব্যঞ্জনত যোগ হয়। যেনে, মানুহ+এ= মানুহে, মানুহ+অক = মানুহক, মানুহ+এৰে= মানুহেৰে, ইত্যাদি।

 (খ) স্বৰান্ত শব্দৰ পাচত প্ৰথমা বিভক্তিৰ বাজে আন বিভক্তিৰ আদিৰ অকলশৰীয়া স্বৰ লোপ হয়। যেনে, লৰা+ [ ৩৭ ] অক=লৰাক, লৰা+এৰে = লৰাৰে, লৰা+অলৈ = লৰালৈ, ইত্যাদি।

 (গ) তৃতীয়াৰ এৰে বিভক্তিৰ এ অ-কাৰান্ত আৰু আ-কাৰান্ত শব্দৰ পাচত লোপ হয়, ই ঈ ঋ এ ঐ-কাৰাদি স্বৰ অন্তত থকা শব্দৰ পাচতো লোপ হয় বা য়ে হয়, উ উ ও ঔ-কাৰাদি স্বৰ অন্তত থকা শব্দৰ পাচত লোপ হয় বা ৱে হয়।

 তৃতীয়াৰ এদি বিভক্তিৰ এ সকলো স্বৰান্ত শব্দৰ পাচত লোপ হয় বা অ-কাৰান্ত আৰু আ-কাৰান্ত শব্দৰ পাচত ই হয়, ই ঈ ঋ এ আৰু ঐ-কাৰান্ত শব্দৰ পাচত য়ে হয়, আৰু উ উ ও আৰু ঔ-কাৰান্ত শব্দৰ পাচত ৱে হয়। যেনে, পাৰ+এৰে = পাৰৰে, লৰা+এৰে = লৰাৰে, বালি+এৰে= বালিৰে বা বালিয়েৰে, চকু+এৰে = চকুৰে বা চকুৱেৰে, ইত্যাদি।

 আৰু যেনে, পাৰ+এদি= পাৰদি বা পাৰইদি, ঘোৰা+এদি= ঘোৰাদি বা ঘোৰাইদি, চকু+এদি=চকুদি বা চকুৱেদি, ইত্যাদি।

 (ঘ) তৃতীয়া বিভক্তিৰ দ্বাৰা বা দ্বাৰায়, আৰু পঞ্চমী বিভক্তিৰ পৰা যোগ হলে, শব্দৰ শেষত অৰ হয়, আৰু সেই অৰ বিভক্তি যোগৰ সকলো নিয়মৰ অধীন হয়। যেনে, মানুহ+অৰ+দ্বাৰা বা দ্বাৰায়= মানুহৰদ্বাৰা বা দ্বাৰায়, লৰা+অৰ+দ্বাৰা বা দ্বাৰায় = লৰাৰদ্বাৰা বা দ্বাৰায়। সেই [ ৩৮ ] দৰে, মানুহ+অৰ+পৰা=মানুহৰপৰা, লৰা+অৰ+পৰা = লৰাৰপৰা।

 (ঙ) অ-কাৰান্ত আৰু অ-কাৰান্ত শব্দৰ পাচত প্ৰথমা বিভক্তিৰ এ গুচি ই হয়, ই ঈ এ ঐ বা ঋ-কাৰান্ত শব্দৰ পাচত য়ে হয়, উ উ ও বা ঔ-কাৰান্ত শব্দৰ পাচত ৱে হয়। শব্দৰ শেষত অকলশৰীয়া ই থাকিলে, আৰু তাত প্ৰথমা বিভক্তি হলে, সেই ই লোপ হয়, কিন্তু অকলশৰীয়া ঈ থাকিলে, সি লোপ নহয়। যেনে, গাধ+এ=গাধই, লৰা+এ=লৰাই।

 আৰু যেনে, মুনি+এ= মুনিয়ে, নদী+এ=নদীয়ে, গোখ্‌লে+এ= গোখ্‌লেয়ে, তাৱৈ+এ= তাৱৈয়ে, পিতৃ+এ = পিতৃয়ে।

 আৰু যেনে, সাধু+এ =সাধুৱে, বধূ+এ =বধূৱে, মলো+এ = মলোৱে, হলৌ+এ=হলৌৱে।

 আৰু যেনে, বাই+এ=বায়ে, ককাই+এ = ককায়ে। কিন্তু দীঘল মুঈ+এ= দীঘল মুঈয়ে।

 (চ) শব্দৰ শেষত অ-কাৰান্ত যুক্তাক্ষৰ থাকিলে, তাত প্ৰথমা বিভক্তিৰ এ কেতিয়াবা ই নহৈও থাকে, কিন্তু তেতিয়া যুক্তাক্ষৰৰ অ লোপ হয়। যেনে, কৃষ্ণ+এ = কৃষ্ণে বা কৃষ্ণই৷

 (ছ) যি শব্দৰ শেষ ব্যঞ্জনৰ আগত অনুস্বাৰ থাকে, তাৰ শেষ ব্যঞ্জন যুক্তাক্ষৰৰ স্বভাৱ প্ৰাপ্ত হয়। তাতো প্ৰথমা বিভক্তিৰ এ কেতিয়াবা ই নহৈ থাকে, কিন্তু তেতিয়া শব্দৰ [ ৩৯ ] অন্তৰ অ লোপ হয়। যেনে, কংশ+এ = কংশই বা কংশে, বংশ+এ= বংশই বা বংশে।

 (জ) শব্দৰ শেষত অকলশৰীয়া ও থাকিলে আৰু তাত আদিত অকলশৰীয়া স্বৰ থকা বিভক্তি যোগ হলে, সেই ও-কাৰ ৱ হয়। যেনে, গাওঁ+এ= গাৱেঁ, গাওঁ+অক =গাৱঁক, গাওঁ + এৰে = গাৱেঁৰে।

 (ঝ) শব্দৰ শেষত (ং) অনুস্বাৰ থাকিলে, আৰু তাত আদিত স্বৰ থকা বিভক্তি যোগ হলে, সেই অনুস্বাৰ ঙ বা ঙ্গ হয়। যেনে, ডাং+এ= ডাঙে বা ডাঙ্গে, ডাং+এৰে = ডাঙেৰে বা ডাঙ্গেৰে, চাং+অত = চাঙত বা চাঙ্গত।

পদ প্ৰকৰণ।

 ১০। প্ৰকৃতিত বিভক্তি যোগ হলে তাক পদ বোলা যায়।

 ১১। পদ চাৰিবিধ:— বিশেষ্য, সৰ্ব্বনাম, বিশেষণ আৰু ক্ৰিয়া।

 ১২। কোনো কোনো প্ৰকৃতিত বিভক্তি যোগ নহয়। সিহঁতক অব্যয় শব্দ বোলে।

 ১৩। যি পদে কোনো প্ৰাণীৰ বা বস্তুৰ বা গুণৰ নাম বা কোনো কাৰ্য্য বুজায়, তাক বিশেষ্য পদ বোলে।

 ১৪। বিশেষ্য পদ তিনি বিধ:– সংজ্ঞাবোধক বিশেষ্য, গুণবোধক বিশেষ্য আৰু ক্ৰিয়াবোধক বিশেষ্য।

[ ৪০ ]  ১৫। যি বিশেষ্য পদে সংজ্ঞা, অৰ্থাৎ কোনো প্ৰাণীৰ বা বস্তুৰ নাম বুজায়, তাক সংজ্ঞাবোধক বিশেষ্য বোলে।

 ১৬। সংজ্ঞাবোধক বিশেষ্য দুবিধ:–সাধাৰণ সংজ্ঞাবোধক বিশেষ্য আৰু বিশেষ সংজ্ঞাবোধক বিশেষ্য।

 ১৭। যি বিশেষ্য পদে সাধাৰণ সংজ্ঞা, অৰ্থাৎ প্ৰাণীৰ বা বস্তুৰ সাধাৰণ নাম বুজায়, তাক সাধাৰণ সংজ্ঞাবোধক বিশেষ্য বোলে। যেনে, জুই. পানী, নদী, পৰ্ব্বত, গছ, লতা, গৰু, ঘোৰা, চন্দ্ৰ, সূৰ্য্য, আকাশ, পৃথিবী, মানুহ, ইত্যাদি।

 ১৮। যি বিশেষ্য পদে কোনো এক বিশেষ সংজ্ঞা, অৰ্থাৎ কোনো এক বিশেষ প্ৰাণীৰ বা বস্তুৰ নাম বুজায়, তাক বিশেষ সংজ্ঞাবোধক বিশেষ্য বোলে। যেনে, আসাম, ব্ৰহ্মপুত্ৰ, নীলাচল, গোপাল, ইত্যাদি।

 ১৯। যি বিশেষ্য পদে কোনো গুণ বুজায়, তাক গুণবোধক বিশেষ্য বোলে। যেনে, সৌন্দৰ্য্য, মাধুৰী, লৰালি, পণ্ডিতালি, বেজালি ইত্যাদি।

 ২০। যি বিশেষ্য পদে কোনো কাৰ্য্য বুজায়, তাক ক্ৰিয়াবোধক বিশেষ্য বোলে। যেনে, শয়ন, ভোজন, পিন্ধন, উৰণ, ফুৰণি, ঘূৰণি, খজুৱতি, ইত্যাদি।

 কোনো কোনো বৈয়াকৰণৰ মতে শব্দ দুবিধ :– অব্যয় আৰু সব্যয়। যি শব্দত বিভক্তি যোগ নহয়, সি অব্যয় আৰু যি শব্দত বিভক্তি যোগ হয়, সি সব্যয় শব্দ। সব্যয় শব্দ আকৌ তিনি বিধ :- ৰূঢ়, যোগৰূঢ় আৰু যৌগিক। যি শব্দে ধাতু প্ৰত্যয়ৰ পৰা উৎপন্ন [ ৪১ ] হোৱা অৰ্থ নুবুজাই অন্য এক অৰ্থ বুজায়, সি ৰূঢ় শব্দ। যেনে, প্ৰহাৰ = প্ৰ-হৃ+ঘঞ। প্ৰ উপসৰ্গৰ অৰ্থ উত্তমৰূপে, হৃ ধাতুৰ অৰ্থ হৰণ কৰা,ঘঞ্ ভাববাচ্যৰ প্ৰত্যয়। ধাতু প্ৰত্যয় অনুসাৰে প্ৰহাৰ শব্দৰ অৰ্থ উত্তমৰূপে হৰণ কৰা, অৰ্থাৎ চুৰ কৰা বা ডকা দিয়া, কিন্তু তাৰ সেই অৰ্থ নহয়। প্ৰহাৰ বুলিলে মাৰ অৰ্থাৎ আঘাত বুজায়, আৰু সেই অৰ্থত শব্দটো ৰূঢ়, অৰ্থাৎ প্ৰসিদ্ধ, সি আৰু আন অৰ্থত ব্যৱহাৰ নহয়। যি শব্দে ধাতু প্ৰত্যয় মতে অনেক বস্তুক বুজাব লাগে, কিন্তু বুজায় কেৱল এটাক, তাক যোগৰূঢ় শব্দ বোলে। যেনে, পঙ্কজ শব্দৰ অৰ্থ হৈছে, বোকাত জন্ম। এই তাৰ ধাতু প্ৰত্যয় মতে হোৱা অৰ্থ। অৰ্থ মতে পঙ্কজ বুলিলে বোকাত হোৱা ভেঁট, উৎপল, পদুম, শেলুক,মোলান, চকা, মকুৱা আদি সকলোকে বুজাব লাগিছিল, কিন্তু শব্দটোৱে বুজায় মাথোন পদ্ম। সি এই অৰ্থতে ৰূঢ়। যি শব্দে কেৱল ধাতু প্ৰত্যয় মতে হোৱা অৰ্থকেহে বুজায়, সি যৌগিক শব্দ। যেনে, দাতা। দাতা =দা + তৃন্। দা- ধাতুৰ অৰ্থ দিয়া, তৃন্ কৰ্ত্তৃবাচ্যৰ প্ৰত্যয়। ধাতু প্ৰত্যয় অনুসাৰেই দাতা শব্দৰ অৰ্থ দিওঁতা, আৰু শব্দটোও সেই অৰ্থতে ব্যৱহাৰ হয়।

সংজ্ঞাবোধক বিশেষ্য পদৰ বচন।

 ২১। সংজ্ঞাবোধক বিশেষ্য পদৰ দুই বচন:—একবচন আৰু বহুবচন।

 ২২। এটাক বুজালে একবচন আৰু এটাতকৈ অধিকক বুজালে বহুবচন বোলে।

 ২৩। পদৰ বহুবচন বুজাবলৈ কেতবিলাক শব্দ বা [ ৪২ ] প্ৰত্যয় ব্যৱহাৰ হয়। যেনে, বোৰ, বিলাক, হঁত সকল, লোক আৰু মখা। বহুবচনৰ প্ৰত্যয় পদৰ শেষত যোগ হয়। যেনে, লৰাহঁত, মানুহবিলাক।

 ২৪। বহুবচনৰ পদত, বিভক্তি বহুৰচনৰ প্ৰত্যয়ৰ পাচত যোগ হয়। যেনে, লৰাহঁতে, লৰাহঁতক, মানুহবিলাকে, মানুহবিলাকক ইত্যাদি।

 ২৫। বস্তুৰ পৰিমাণ আৰু সংখ্যা, দুয়োকো বুজাবলৈ বহুবচনত বোৰ আৰু বিলাক ব্যৱহাৰ হয়। যেনে, (পৰিমাণত) পানীবোৰ বা পানীবিলাক, চাউলবোৰ বা চাউলবিলাক; (সংখ্যাত) লৰাবোৰ বা লৰাবিলাক, ঘৰবোৰ বা ঘৰবিলাক।

 ২৬। মানুহ বুজুৱা শব্দৰ বহুবচনত, অনাদৰত, অৰ্থাৎ তুচ্ছ ভাৱ থকাত বা নথকাত বোৰ ব্যৱহাৰ হয়, আদৰত, অৰ্থাৎ তুচ্ছ কৰা ভাব নাথাকিলে, বিলাক ব্যৱহাৰ হয়। যেনে, চোৰবোৰ, ডকাইতবোৰ, কুলিবোৰ, লৰাবোৰ, মানুহবোৰ; কিন্তু (আদৰত) লৰাবিলাক, মানুহবিলাক, কুলিবিলাক, বামুণবিলাক, পণ্ডিতবিলাক। চোৰ বা ডকাইতবিলাক অসঙ্গত।

 ২৭। হঁত কেৱল মানুহ বুজুৱা শব্দৰ বহুবচনত, অনাদৰত ব্যৱহাৰ হয়, আৰু তেতিয়া বিশেষ কেইটামান মানুহক ইয়াত বুজায়। যেনে, লৰাহঁত, ছোৱালীহঁত, কুলিহঁত। ইয়াত কিছুমান বিশেষ লৰা, ছোৱালী বা কুলিক বুজাইছে বা [ ৪৩ ] সিহঁতক সম্বোধন কৰা বুজাইছে। মানুহহঁত, সম্বোধনত বাজে, অন্য সময়ত অসঙ্গত।

 ২৮। গালি স্বৰূপে জন্তুৰ নাম মানুহত ব্যৱহাৰ কৰিলে, সেই জন্তুৰ নামতো বহুবচনত হঁত ব্যৱহাৰ হয়। যেনে, গৰুহঁত, কুকুৰহঁত।

 ২৯। সম্বন্ধ বুজুৱা শব্দৰ বহুবচনত সম্ভ্ৰমাৰ্থতো হঁত ব্যৱহাৰ হয়। যেনে, দেউতাহঁত, ককাইদেউহঁত, ককাইহঁত।

 ৩০। সকল কেৱল মানুহ বুজুৱা শব্দৰ বহুবচনত সম্ভ্ৰমত ব্যৱহাৰ হয়। যেনে, দেউতাসকল, ডাঙৰীয়াসকল, গোসাঁইসকল।

 ৩১। লোক, সকলৰ নিচিনা সম্ভ্ৰমত মাথোন ব্যৱহাৰ হয়। যেনে, চাহাবলোক।

 বিশেষ্য পদৰ বহুবচনৰ চিন স্বৰূপে লোক শব্দৰ ব্যৱহাৰ অতি বিৰল।

 ৩২। বস্তুৰ সংখ্যা বা পৰিমাণ বুজাবলৈ বহুবচনত কেতিয়াবা মখা শব্দ ব্যৱহাৰ হয়। যেনে, লৰামখা, পানীমখা।

 বহুবচনৰ চিন স্বৰূপে মখা শব্দৰ ব্যৱহাৰ মৌখিক, লিখিত পৰিমাৰ্জ্জিত ভাষাত ব্যৱহাৰ নাই। কিন্তু মাউখ অৰ্থত মাৰ্জ্জিত ভাষাতো মখা ব্যৱহাৰ হয়। যেনে, সান্দহৰ মখা।

 ৩৩। বিভক্তি অনুসাৰে সংজ্ঞাবোধক বিশেষ্যৰ ৰূপ।

[ ৪৪ ]

ব্যঞ্জনান্ত শব্দ - মানুহ্।

বিভক্তি একবচন   বহুবচন
প্ৰথমা মানুহে মানুহবিলাকে
দ্বিতীয়া মানুহক মানুহবিলাকক
তৃতীয়া মানুহেৰে

মানুহেদি
মানুহৰ দ্বাৰা
বা
মানুহৰ দ্বাৰায়

মানুহবিলাকেৰে

মানুহবিলাকেদি
মানুহবিলাকৰ দ্বাৰা
বা
মানুহবিলাকৰ দ্বাৰায়

চতুৰ্থী মানুহলৈ

মানুহক

মানুহবিলাকলৈ

মানুহবিলাকক

পঞ্চমী মানুহৰ পৰা মানুহবিলাকৰ পৰা
ষষ্ঠী মানুহৰ মানুহবিলাকৰ
সপ্তমী মানুহত মানুহবিলাকত

অ-কাৰান্ত শব্দ - পাৰ।

বিভক্তি একবচন   বহুবচন
প্ৰথমা পাৰই পাৰবিলাকে
দ্বিতীয়া পাৰক পাৰবিলাকক
তৃতীয়া পাৰৰে

পাৰদি, পাৰইদি

পাৰবিলাকেৰে

পাৰবিলাকেদি

[ ৪৫ ]
বিভক্তি একবচন   বহুবচন
তৃতীয়া পাৰৰ দ্বাৰা

বা
পাৰৰ দ্বাৰায়

পাৰবিলাকৰ দ্বাৰা

বা
পাৰবিলাকৰ দ্বাৰায়

চতুৰ্থী পাৰলৈ

পাৰক

পাৰবিলাকলৈ

পাৰবিলাকক

পঞ্চমী পাৰৰ পৰা পাৰবিলাকৰ পৰা
ষষ্ঠী পাৰৰ পাৰবিলাকৰ
সপ্তমী পাৰত পাৰবিলাকত

আ-কাৰান্ত শব্দ—লৰা।

বিভক্তি একবচন   বহুবচন
প্ৰথমা লৰাই লৰাবিলাকে
দ্বিতীয়া লৰাক লৰাবিলাকক
তৃতীয়া লৰাৰে

লৰাদি, লৰাইদি
লৰাৰ দ্বাৰা
বা
লৰাৰ দ্বাৰায়

লৰাবিলাকেৰে

লৰাবিলাকেদি
লৰাবিলাকৰ দ্বাৰা
বা
লৰাবিলাকৰ দ্বাৰায়

চতুৰ্থী লৰালৈ

লৰাক

লৰাবিলাকলৈ

লৰাবিলাকক

পঞ্চমী লৰাৰ পৰা লৰাবিলাকৰ পৰা
[ ৪৬ ]
বিভক্তি   একবচন   বহুবচন
ষষ্ঠী লৰাৰ লৰাবিলাকৰ
সপ্তমী লৰাত লৰাবিলাকত

ই-কাৰান্ত শব্দ—বালি।

বিভক্তি একবচন   বহুবচন
প্ৰথমা বালিয়ে বালিবিলাকে
দ্বিতীয়া বালিক বালিবিলাকক
তৃতীয়া বালিৰে, বালিয়েৰে

বালিদি, বালিয়েদি
বালিৰ দ্বাৰা
 বা
বালিৰ দ্বাৰায়

বালিবিলাকেৰে

বালিবিলাকেদি
বালিবিলাকৰ দ্বাৰা
 বা
বালিবিলাকৰ দ্বাৰায়

চতুৰ্থী বালিলৈ

বালিক

বালিবিলাকলৈ

বালিবিলাকক

পঞ্চমী বালিৰ পৰা বালিবিলাকৰ পৰা
ষষ্ঠী বালিৰ বালিবিলাকৰ
সপ্তমী বালিত বালিবিলাকত
 ঈ-কাৰান্ত আৰু ঋ-কাৰান্ত শব্দৰ ৰূপো ই-কাৰান্ত শব্দৰ নিচিনা হয়। [ ৪৭ ]

উ-কাৰান্ত শব্দ—পহু।

বিভক্তি একবচন   বহুবচন
প্ৰথমা পহুৱে পহুবিলাকে
দ্বিতীয়া পহুক পহুবিলাকক
তৃতীয়া পহুৰে, পহুৱেৰে

পহুদি, পহুৱেদি
পহুৰ দ্বাৰা
 বা
পহুৰ দ্বাৰায়

পহুবিলাকেৰে

পহুবিলাকেদি
পহুবিলাকৰ দ্বাৰা
 বা
পহুবিলাকৰ দ্বাৰায়

চতুৰ্থী পহুলৈ

পহুক

পহুবিলাকলৈ

পহুবিলাকক

পঞ্চমী পহুৰ পৰা পহুবিলাকৰ পৰা
ষষ্ঠী পহুৰ পহুবিলাকৰ
সপ্তমী পহুত পহুবিলাকত

 উ-কাৰান্ত শব্দৰ ৰূপো উ-কাৰান্ত শব্দৰ নিচিনা হয়। এ-কাৰান্ত শব্দ অসমীয়াত নাই, থাকিলেও তাৰ ৰূপ ই-কাৰান্ত শব্দৰ নিচিনা হয়।

ঐ-কাৰান্ত শব্দ—মুদৈ।

বিভক্তি   একবচন   বহুবচন
প্ৰথমা মুদৈয়ে মুদৈবিলাকে
দ্বিতীয়া মুদৈক মুদৈবিলাকক।
[ ৪৮ ]
বিভক্তি একবচন   বহুবচন
তৃতীয়া মুদৈৰে, মুদৈয়েৰে

মুদৈদি, মুদৈয়েদি
মুদৈৰ দ্বাৰা
 বা
মুদৈৰ দ্বাৰায়

মুদৈবিলাকেৰে

মুদৈবিলাকেদি
মুদৈবিলাকৰ দ্বাৰা
 বা
মুদৈবিলাকৰ দ্বাৰায়

চতুৰ্থী মুদৈলৈ

মুদৈক

মুদৈবিলাকলৈ

মুদৈবিলাকক

পঞ্চমী মুদৈৰ পৰা মুদৈবিলাকৰ পৰা
ষষ্ঠী মুদৈৰ মুদৈবিলাকৰ
সপ্তমী মুদৈত মুদৈবিলাকত

ও-কাৰান্ত শব্দ—পো।

বিভক্তি একবচন   বহুবচন
প্ৰথমা পোৱে পোবিলাকে
দ্বিতীয়া পোক পোবিলাকক
তৃতীয়া পোৰে, পোৱেৰে

পোদি, পোৱেদি
পোৰ দ্বাৰা
 বা
পোৰ দ্বাৰায়

পোবিলাকেৰে

পোবিলাকেদি
পোবিলাকৰ দ্বাৰা
 বা
পোবিলাকৰ দ্বাৰায়

[ ৪৯ ]
বিভক্তি একবচন   বহুবচন
চতুৰ্থী পোলৈ

পোক

পোবিলাকলৈ

পোবিলাকক

পঞ্চমী পোৰ পৰা পোবিলাকৰ পৰা
ষষ্ঠী পোৰ পোবিলাকৰ
সপ্তমী পোত পোবিলাকত

ঔ-কাৰান্ত শব্দ — মৌ।

বিভক্তি একবচন   বহুবচন
প্ৰথমা মৌৱে মৌবিলাকে
দ্বিতীয়া মৌক মৌবিলাকক
তৃতীয়া মৌৰে, মৌৱেৰে

মৌদি, মৌৱেদি
মৌৰ দ্বাৰা
বা
মৌৰ দ্বাৰায়

মৌবিলাকেৰে

মৌবিলাকেদি
মৌবিলাকৰ দ্বাৰা
বা
মৌবিলাকৰ দ্বাৰায়

চতুৰ্থী মৌলৈ

মৌক

মৌবিলাকলৈ

মৌবিলাকক

পঞ্চমী মৌৰ পৰা মৌবিলাকৰ পৰা
ষষ্ঠী মৌৰ মৌবিলাকৰ
সপ্তমী মৌত মৌবিলাকত
[ ৫০ ]

(ং) অনুস্বাৰান্ত শব্দ—ডাং।

বিভক্তি একবচন   বহুবচন
প্ৰথমা ডাঙে ডাংবিলাকে
দ্বিতীয়া ডাঙক ডাংবিলাকক
তৃতীয়া ডাঙেৰে

ডাঙেদি
ডাঙৰ দ্বাৰা
বা
ডাঙৰ দ্বাৰায়

ডাংবিলাকেৰে

ডাংবিলাকেদি
ডাংবিলাকৰ দ্বাৰা
বা
ডাংবিলাকৰ দ্বাৰায়

চতুৰ্থী ডাঙলৈ

ডাঙক

ডাংবিলাকলৈ

ডাংবিলাকক

পঞ্চমী ডাঙৰ পৰা ডাংবিলাকৰ পৰা
ষষ্ঠী ডাঙৰ ডাংবিলাকৰ
সপ্তমী ডাঙত ডাংবিলাকত

সংজ্ঞাবোধক বিশেষ্য আৰু বিশেষ্যৰূপে ব্যৱহাৰ
হোৱা পদৰ লিঙ্গ।

 ৩৪। যিহৰ দ্বাৰায় স্ত্ৰী পুৰুষ ভেদ বুজা যায়, তাক লিঙ্গ বোলে। [ ৫১ ]  ৩৫। সংজ্ঞাবোধক বিশেষ্যৰ তিনি লিঙ্গ: —পুংলিঙ্গ, স্ত্ৰীলিঙ্গ, ক্লীৱলিঙ্গ। পুৰুষ বুজালে পুংলিঙ্গ, স্ত্ৰী বুজালে স্ত্ৰীলিঙ্গ, আৰু স্ত্ৰী, পুৰুষ একো নুবুজালে ক্লীবলিঙ্গ।

 কিছুমান সংজ্ঞা শব্দৰ লিঙ্গ অনুসাৰে ভিন্ ভিন্ ৰূপ হয়, কিন্তু অনেক পুংলিঙ্গবোধক শব্দক প্ৰত্যয় যোগ দি স্ত্ৰীলিঙ্গ কৰা যায়।  ৩৬। যিবিলাক প্ৰত্যয় যোগ দি পুংলিঙ্গৰ শব্দক স্ত্ৰীলিঙ্গ কৰা হয়, সিহঁতক স্ত্ৰী প্ৰত্যয় বোলে। সংস্কৃতত স্ত্ৰী প্ৰত্যয় তিনটা:—তা, ঈ, আনী।

 ৩৭। জাতি আৰু গুণ বুজুৱা কেতবিলাক অ-কাৰান্ত শব্দত, স্ত্ৰীলিঙ্গত আ প্ৰত্যয় হয়। যেনে, শূদ্ৰ—শূদ্ৰা, বৈশ্য—বৈশ্যা, কুশ—কশা, ভদ্ৰ—ভদ্ৰা, কৃষ্ণ—কৃষ্ণা, কোকিল—কোকিলা।

 ৩৮। অক শেষত থকা শব্দত স্ত্ৰীলিঙ্গত আ প্ৰত্যয় হলে, অ-ক মৰি ইক হয়। যেনে, বালক—বালিকা, নায়ক—নায়িকা, গায়ক—গায়িকা, পাঠক—পাঠিকা, পাচক—পাচিকা ইত্যাদি।

 ৩৯। জাতি আৰু গুণ বুজুৱা কেতবিলাক অ-কাৰান্ত শব্দত, স্ত্ৰীলিঙ্গত ঈ প্ৰত্যয় হয়। যেনে, হংস—হংসী, সিংহ—সিংহী, ব্যাঘ্ৰ—ব্যাস্ত্ৰী, পাত্ৰ—পাত্ৰী, মৃগ—মৃগী, নদ—নদী, শৃগাল—শৃগালী, বৈষ্ণৱ—বৈষ্ণৱী, ব্ৰাহ্মণ—ব্ৰাহ্মণী, কুমাৰ—কুমাৰী, সুন্দৰ—সুন্দৰী, তৰুণ—তৰুণী, ইত্যাদি।

 ৪০। গুণ বা পদ বুজুৱা উ-কাৰান্ত শব্দত, স্ত্ৰীলিঙ্গত ঈ [ ৫২ ] প্ৰত্যয় হয়। যেনে, সাধু—সাধ্বী, গুৰু— গুৰ্ব্বী, তনু—তন্বী। কিন্তু তন্তু আৰু চঞ্চু শব্দত স্ত্ৰীলিঙ্গত ঊ প্ৰত্যয়ো হয়। যেনে, তনু—তনূ, চঞ্চু–চঞ্চূ।

 ৪১। ইন্‌ শেষত থকা শব্দত, স্ত্ৰীলিঙ্গত ঈ প্ৰত্যয় হয়। যেনে, হস্তিন্‌—হস্তিনী, উপকাৰিন্‌—উপকাৰিণী, তপস্বিন্— তপস্বিনী, মায়াবিন্—মায়াবিনী, মানিন্—মানিনী, মালিন্‌— মালিনী।

 ৪২। অস্ শেষত থকা শব্দত, স্ত্ৰীলিঙ্গত ঈ প্ৰত্যয় হয়। যেনে, প্ৰেয়স্—প্ৰেয়সী, গৰীয়স্—গৰীয়সী, মহীয়স্— মহীয়সী। কিন্তু বিদ্বস্—বিদুষী।

 ৪৩। অন্‌ শেষত থকা শব্দত, স্ত্ৰীলিঙ্গত ঈ প্ৰত্যয় হয়, ঈ প্ৰত্যয় হলে, অনৰ অ গুচে। যেনে, খ্যাতনামন্‌—খ্যাতনাম্নী, অজ্ঞাতনামন্—অজ্ঞাতনাম্নী, সুনামন্‌—সুনাম্নী। কিন্তু ৰাজন্‌ শব্দৰ ৰূপ স্ত্ৰীলিঙ্গত ৰাজ্ঞী।

 ৪৪৷ অৎ, বৎ, মৎ শেষত থকা শব্দত, স্ত্ৰীলিঙ্গত ঈ প্ৰত্যয় হয়। যেনে, সৎ—সতী, ৰূপৱৎ—ৰূপৱতী, গুণৱৎ— গুণৱতী, বুদ্ধিমৎ—বুদ্ধিমতী, শ্ৰীমৎ—শ্ৰীমতী ইত্যাদি।

 ৪৫। ঋ-কাৰান্ত শব্দত, স্ত্ৰীলিঙ্গত ঈ প্ৰত্যয় হয়। যেনে, দাতৃ—দাত্ৰী, কৰ্ত্তৃ—কৰ্ত্ৰী, শিক্ষয়িতৃ—শিক্ষয়িত্ৰী ইত্যাদি।

 ৪৬। কেতবিলাক শব্দত, পত্নী অৰ্থত আনী প্ৰত্যয় হয়। যেনে, ইন্দ্ৰ—ইন্দ্ৰানী, ৰুদ্ৰ-ৰুদ্ৰানী, ভব—ভবানী, শিৱ —শিৱানী, বৰুণ—বৰুণানী, মাতুল—মাতুলানী, ক্ষত্ৰিয় [ ৫৩ ] —ক্ষত্ৰিয়ানী ইত্যাদি। কিন্তু মাতুল—মাতুলা, মাতুলী, আচাৰ্য্য—আচাৰ্য্যা, আচাৰ্য্যানী, ক্ষত্ৰিয়—ক্ষত্ৰিয়া এনেকুৱাও হয়।

 ৪৭। বহুব্ৰীহি সমাস হলে, শৰীৰৰ অঙ্গ বুজুৱা শব্দত, স্ত্ৰীলিঙ্গত অ বা ঈ প্ৰত্যয় হয়। যেনে, কোকিলকণ্ঠা বা কোকিলকণ্ঠী, দীৰ্ঘকেশা বা দীৰ্ঘকেশী, কৃশোদৰা বা কৃশোদৰী। কিন্তু তেনে সমাস কোনো লোকৰ নাম হলে, কেৱল আ প্ৰত্যয় হয়। যেনে, শূৰ্পনখা।

 ৪৮। নয়ন, বদন আদি শব্দৰ বহুব্ৰীহি সমাস হলে, সিহঁতত স্ত্ৰীলিঙ্গত আ প্ৰত্যয় হয়। যেনে, মৃগনয়না, কমললোচনা, চন্দ্ৰবদনা, সুলোচনা ইত্যাদি।

 ৪৯৷ স্বৰান্ত শব্দত স্ত্ৰী প্ৰত্যয় যোগ হলে, শব্দৰ অন্তৰ স্বৰ লোপ হয়।

 ৫০৷ সংস্কৃত ভাষাত কিছুমান শব্দ স্বভাৱতে স্ত্ৰীলিঙ্গ বুলি ধৰা হয়। যেনে, কথা, বিদ্যা, বুদ্ধি, ভাষা, সভা, শক্তি, মতি, গঙ্গা, যমুনা, সৰস্বতী, পৃথিবী, ভূমি, ৰেখা, শৰৎ, বিদ্যুৎ, জ্যোৎস্না, বীণা, লজ্জা, তিথি, ৰাত্ৰি, ৰজনী, শ্ৰেণী, আপদ্, বিপদ্, পূজা, ভাবনা, চিকিৎসা, নীলিমা, গৰিমা ইত্যাদি।

 ৫১। কিছুমান শব্দ স্বভাৱতে পুংলিঙ্গ বুলি ধৰা হয়। যেনে, চন্দ্ৰ, সূৰ্য্য, শুক্ৰ, শনি, বৃক্ষ, সৰোবৰ, দাৰ, ব্ৰহ্মপুত্ৰ, সিন্ধু, শোণ ইত্যাদি।

 সংক্ষেপত—ভাববাচ্যত হোৱা ঙ আৰু তদ্ধিতৰ ইমন্‌ প্ৰত্যয়ান্ত [ ৫৪ ] শব্দ, আৰু তা আৰু ক্তি প্ৰত্যয়ান্ত শব্দ সংস্কৃতত স্ত্ৰীলিঙ্গ বুলি ধৰা হয়। ঋ—কাৰান্ত শব্দৰ ভিতৰত মাতৃ, দুহিতৃ, ননন্দ, আদি শব্দ স্ত্ৰীলিঙ্গ।
 ঘঞ্‌, কি, ন আদি প্ৰত্যয়ান্ত শব্দ পুংলিঙ্গ।
 ভাববাচ্যত হোৱা ঘ্যন্, অনট্ আদি প্ৰত্যয়ান্ত শব্দ ক্লীৱলিঙ্গ।

 ৫২। কিছুমান পুংলিঙ্গ শব্দৰ স্ত্ৰীলিঙ্গৰ ৰূপ একেবাৰে ভিন্। যেনে, পিতা—স্ত্ৰী মাতা, ভ্ৰাতা—স্ত্ৰী ভগিনী, পুত্ৰ—স্ত্ৰী কন্যা, পতি–স্ত্ৰী পত্নী, যুবা—স্ত্ৰী যুবতী, পুৰুষ—স্ত্ৰী স্ত্ৰী, স্বামী–স্ত্ৰী ভাৰ্য্যা, বৰ—স্ত্ৰী কন্যা ইত্যাদি।

 লিঙ্গ সম্বন্ধে ওপৰত যিবিলাক নিয়ম দিয়া হৈছে, সেইবিলাক সংস্কৃত ব্যাকৰণৰ নিয়ম। সংস্কৃত ভাষাত শব্দৰ অৰ্থ অনুসাৰে লিঙ্গ ভেদ কৰা নহয়, শব্দৰ ৰূপ বা ব্যুৎপত্তি অনুসাৰেহে লিঙ্গ ভেদ কৰা হয়। কিছুমান শব্দৰ আকৌ কেনেকৈ লিঙ্গ ঠাৱৰোৱা হৈছে বুজাই নাযায়। সেইবিলাক শব্দ অভিধানত যি লিঙ্গ বুলি ধৰি থৈছে, সিহঁতক সদায় সেই লিঙ্গ বুলিয়ে ধৰা যায়। এতেকে সংস্কৃতত কেতিয়াবা পুৰুষ বুজুৱা শব্দ স্ত্ৰীলিঙ্গ, আৰু স্ত্ৰী বুজুৱা শব্দ পুংলিঙ্গ হয়। দেৱতা এটা সংস্কৃত শব্দ, ই অৰ্থ অনুসাৰে পুংলিঙ্গ হব লাগে, কিন্তু সংস্কৃত অভিধান আৰু ব্যাকৰণ মতেই স্ত্ৰীলিঙ্গ। দাৰ এটা সংস্কৃত শব্দ, ইয়াৰ অৰ্থ ভাৰ্য্যা। এতেকে ই স্ত্ৰীলিঙ্গ হব লাগে, কিন্তু ই স্ত্ৰীলিঙ্গ নহয়, পুংলিঙ্গ। বৃক্ষ শব্দ অৰ্থ অনুসাৰে ক্লীৱলিঙ্গ, কিন্তু ব্যাকৰণ বা অভিধান অনুসাৰে পুংলিঙ্গ। এই দৰে, চন্দ্ৰ, সূৰ্য্য, মেঘ, বায়ু আদি শব্দ সংস্কৃতত পুংলিঙ্গ, আৰু লতা, ধেনু, ভ্ৰূ আদি শব্দ স্ত্ৰীলিঙ্গ হয়। অসমীয়া ভাষাত এই দৰে লিঙ্গ ভেদ কৰা নহয়। তাত অৰ্থ অনুসাৰে শব্দ পুং, স্ত্ৰী, বা ক্লীৱলিঙ্গ হয়। কিন্তু গভীৰ বিষয়ৰ গহীন ৰচনাত [ ৫৫ ] ভাষাৰ সৌষ্ঠৱ বঢ়াবলৈ কেতিয়াবা ক্কচিৎ সংস্কৃত ব্যাকৰণৰ নিয়ম অনুসৰি অসমীয়াতো নিৰ্জীব বস্তুৰ ওপৰত লিঙ্গ আৰোপ কৰা হয়। যেনে, নিষ্ফলা আশা, শস্যশালিনী ধৰিত্ৰী, কৃশাঙ্গী লতা ইত্যাদি। এই দৰে নিৰ্জীব বস্তুৰ লিঙ্গ ভেদ কৰা উদাহৰণ সাধাৰণ অসমীয়া কথাত কিছুমান চলিত আছে। যেনে, পুৱতী নিশা, বোৱতী নৈ, কানী সন্ধ্যা বা কানী গধূলি। ওপৰৰ কথাৰ পৰা বুজা যায় যে, অসমীয়া ভাষাত পুৰুষ বুজুৱা শব্দ পুংলিঙ্গ, স্ত্ৰী বুজুৱা শব্দ স্ত্ৰীলিঙ্গ আৰু যি শব্দে পুং স্ত্ৰী একো নুবুজায়, অৰ্থাৎ নিৰ্জীব বস্তুৰ নাম, ক্লীব লিঙ্গ হয়। কিন্তু সংস্কৃত ভাষাৰ নিচিনা অসমীয়াতো পুংলিঙ্গৰ শব্দত স্ত্ৰীপ্ৰত্যয় যোগ দি স্ত্ৰীলিঙ্গ কৰা হয়।

 ৫৩। অসমীয়াত স্ত্ৰী-প্ৰত্যয় দুটা, ঈ আৰু অনি।

 ৫৪৷ গুণ বুজুৱা আ-কাৰান্ত শব্দত, স্ত্ৰীলিঙ্গত প্ৰায় ঈ প্ৰত্যয় হয়, ঈ প্ৰত্যয় হলে, শব্দৰ অন্তত থকা স্বৰ লোপ হয়। যেনে, কলা—কলী, বগা—বগী, মেনা—মেনী, ফেঁটা—ফেঁটী, বুঢ়া—বুঢ়ী, পেটুলা—পেটুলী, ঠেহুলা—ঠেহুলী, কান্দুৰা—কান্দুৰী, হাগুৰা—হাগুৰী, মুতুৰা—মুতুৰী, দন্দুৰা—দন্দুৰী, কেটেঙ্গা--কেটেঙ্গী, নিছলা—নিছলী, মেমেৰা—মেমেৰী।

 ৫৫। ঈ প্ৰত্যয় হলে কোনো কোনো শব্দৰ শেষ ব্যঞ্জনৰ আগৰ ও মৰি উ হয়। যেনে, খোৰা—খুৰী, খোনা—খুনী, লোদোৰা—লুদুৰী, লোধোমা—লুধুমী।

 ৫৬। ঈ প্ৰত্যয় হলে কোনো কোনো শব্দৰ আদিৰ অ মৰি আ হয়। যেনে, অজলা—আজলী, অঁকৰা—আঁকৰী, বগৰা—বাগৰী, অন্ধলা—আন্ধলী, পগলা—পাগলী, ডফলা—ডাফলী। [ ৫৬ ]  ৫৭। জাতি বা সম্বন্ধ বুজুৱা কেতবিলাক শব্দত স্ত্ৰীলিঙ্গত ঈ প্ৰত্যয় হয়। ঈ প্ৰত্যয় হলে, ইয়াতো ওপৰৰ সূত্ৰ মতে কোনো কোনো শব্দৰ অ আৰু ও মৰি আ আৰু উ হয়। যেনে, ঘোৰা—ঘুৰী, মহা—মাহী, খুৰা— খুৰী, পেহা—পেহী, ধেমেনা—ধেমেনী, শালিকা—শালিকী, ভেকোলা—ভেকুলী, বগুলা (বগ)—বগুলী। গুণ বুজুৱা কোনো কোনো শব্দতো তেনেকুৱা পৰিবৰ্ত্তন হয়। যেনে, কনা—কানী, খোনা—খুনী।

 ৫৮। কিছুমান ব্যঞ্জনান্ত শব্দত, স্ত্ৰীলিঙ্গত ঈ প্ৰত্যয় হয়, ঈ শব্দৰ শেষ ব্যঞ্জনত যোগ হয়। যেনে, বান্দৰ্‌—বান্দৰী, ছাগল্‌ (ছাগ)—ছাগলী, কাউৰ্‌ (কোৱা)—কাউৰী, টেঙ্গৰ্‌— টেঙ্গৰী, ধৈয়াল্‌—ধৈয়ালী, নিলাজ্‌—নিলাজী।

 ৫৯। জাতি, কুল বা পত্নী বুজুৱা প্ৰায় শব্দত, স্ত্ৰীলিঙ্গত অনী প্ৰত্যয় হয়। অনী প্ৰত্যয় হলে, ব্যঞ্জনান্ত শব্দত, প্ৰত্যয়ৰ অ শব্দৰ শেষ ব্যঞ্জনত যোগ হয়, অ-কাৰান্ত শব্দৰ পাচত প্ৰত্যয়ৰ অ লোপ হয়, ই, ঈ, এ আৰু ঐ-কাৰান্ত শব্দৰ পাচত প্ৰত্যয়ৰ অ মৰি য় হয়, উ, ঊ, ও আৰু ঔ-কাৰান্ত শব্দৰ পাচত প্ৰত্যয়ৰ অ মৰি ৰ হয় আৰু ঈ-কাৰান্ত শব্দৰ ঈ হ্ৰস্ব হয়। যেনে,
 জাতি⸺হিন্দু—হিন্দুৱনী, বন্ধু—বন্ধুৱনী, গাৰো—গাৰোৱনী, কপৌ—কপৌৱনী, মিৰি—মিৰিয়নী, খাচিয়া—খাচিয়ানী, অসমীয়া—অসমীয়ানী, শিয়াল—শিয়ালনী, কুকুৰ—কুকুৰণী ( শিয়ালী আৰু কুকুৰীও হয় )। [ ৫৭ ]  কুল⸺নাপিত—নাপিতনী, কলিতা—কলিতানী, কুমাৰ—কুমাৰণী, কমাৰ—কমাৰণী, বৰিয়া—বৰিয়ানী, মৰিয়া—মৰিয়াণী।

 পত্নী⸺ফুকন—ফুকননী, মন্‌চুপ—মন্‌চুপনী, বৰুৱা—বৰুৱানী, মুদৈ—মুদৈয়নী, বাঢ়ৈ—বাঢ়ৈয়নী, ভৰালী—ভৰালিয়নী, কাকতী—কাকতিয়নী।

 ৬০। নাতি আদি শব্দত স্ত্ৰীলিঙ্গত অনী প্ৰত্যয় হয়, অনী প্ৰত্যয় হলে, প্ৰত্যয়ৰ অ লোপ হয়। যেনে, নাতি—নাতিনী, হাৰি—হাৰিণী।

 ৬১। বাঘ আদি শব্দত স্ত্ৰীলিঙ্গত অনী প্ৰত্যয় হয়। অনী প্ৰত্যয় হলে, স্বৰান্ত শব্দৰ শেষৰ স্বৰ লোপ হয়, আৰু প্ৰত্যয়ৰ তা মৰি ই হয়। যেনে, বাঘ—বাঘিনী, সিংহ—সিংহিনী, হাঁহ—হাঁহিনী, মিতা—মিতিনী।

 ৬২। কোঁচ, চোৰ আদি শব্দত, স্ত্ৰীলিঙ্গত অনী প্ৰত্যয় হয়। অনী প্ৰত্যয় হলে, প্ৰত্যয়ৰ অ মৰি উ হয়, আৰু শব্দৰ আদিৰ ও-কাৰ উ-কাৰ হয়। যেনে, কোঁচ্‌—কুচুনী, চোৰ্‌—চুৰুণী, ডোম্‌—ডুমুনী। ধোবা শব্দৰ শেষৰ আ-কাৰ লোপ হয়। যেনে, ধোবা—ধুবুনী।

 ৬৩। গৰাকী শব্দৰ স্ত্ৰীলিঙ্গত দুটা ৰূপ হয়। গৰাকীৰ ঘৈনীয়েকক বুজালে গৰাকিয়নী, আৰু কোনো বস্তুৰ অধিকাৰিণী বুজালে, গৰাকিনী হয়।

[ ৫৮ ]  ৬৪। বিড়াল শব্দৰ স্ত্ৰীলিঙ্গত দুটা ৰূপ, বিড়ালী আৰু বিড়লী।

 ৬৫। কোনো কোনো হ্ৰস্ব ই-কাৰান্ত শব্দ স্ত্ৰীলিঙ্গত কেৱল দীৰ্ঘ ঈ-কাৰান্ত হয়। যেনে, পুং সখি, ৰান্ধনি, মঙ্গলতি। স্ত্ৰী সখী, ৰান্ধনী, মঙ্গলতী।

 ৬৬। জাতি বুজুৱা শব্দৰ আগত মতা আৰু মাইকী শব্দ ব্যৱহাৰ কৰি বা পাচত টো আৰু জনী তদ্ধিত প্ৰত্যয় যোগ দি পুং স্ত্ৰী লিঙ্গ ভেদ কৰা যায়। যেনে, মতা মানুহ মাইকী মানুহ, মতা বাঘ মাইকী বাঘ, মতা ঘোৰা মাইকী ঘোৰা, মতা কুকুৰা মাইকী কুকুৰা, মতা মহ মাইকী মহ; বা মানুহটো মানুহজনী, ঘোৰাটো ঘোৰাজনী, কুকুৰাটো কুকুৰাজনী, মহটো মহজনী ইত্যাদি।

 ৬৭। ডাঙ্গৰ বলৱন্ত জন্তুৰ গোটেইটো জাতি বুজাবলৈ প্ৰায় পুংলিঙ্গৰ শব্দ ব্যৱহাৰ হয়। যেনে, মানুহ, হাতী, ঘোৰা, বাঘ, সিংহ ইত্যাদি। মানুহ মৰণশীল, চতুষ্পদী জন্তুৰ ভিতৰত হাতী ডাঙ্গৰ, বাঘৰ নিচিনা হিংসক আৰু সিংহৰ নিচিনা বলৱন্ত জন্তু নাই। এই উদাহৰণবিলাকত যদিও কেৱল পুংলিঙ্গৰ শব্দ ব্যৱহাৰ কৰা হৈছে, কিন্তু সেই শব্দে সিহঁতৰ গোটেইটো জাতিকে বুজাইছে।

 ৬৮। জন্তুটো মতা বা মাইকী বুলি প্ৰকাশ থাকিলে, সেই অনুসাৰে তাৰ পুং বা স্ত্ৰীলিঙ্গৰ ৰূপ ব্যৱহাৰ কৰা হয়। [ ৫৯ ] যেনে, পোৱালি চুৰ কৰিলে বাঘিনীয়ে (ইয়াত বাঘে নহয়) চোৰক শুদাই নেৰে।

 ৬৯। সৰু নিৰ্ব্বলী জন্তুৰ গোটেইটো জাতি বুজাবলৈ প্ৰায় স্ত্ৰীলিঙ্গৰ শব্দ ব্যৱহাৰ হয়। যেনে, কাউৰী, চিলনী, বগলী, ছাগলী, বিড়ালী, ভেকুলী ইত্যাদি। চৰাইৰ ভিতৰত কাউৰী বৰ ধূৰ্ত্ত। ইয়াত কাউৰী স্ত্ৰীলিঙ্গৰ শব্দ হলেও সি গোটেই জাতিটোকে বুজাইছে।

 ৭০। ক্লীৱলিঙ্গৰ শব্দ মানুহৰ নাম স্বৰূপে ব্যৱহাৰ হলে, তাৰো লিঙ্গ ভেদ কৰা হয়। যেনে, গোলাপ—গোলাপী, কদম—কদমী ইত্যাদি।

 ৭১। লৰা শব্দ দুয়ো লিঙ্গত ব্যৱহাৰ হয়। যেনে, কেচুৱা লৰাৰ উভতি কেৱল মাকেহে সহিব পাৰে, লৰাটোৰ বা লৰাজনীৰ অলপ মাত ফুটিছে।

 ৭২। অসমীয়াত কিছুমান স্ত্ৰীলিঙ্গৰ শব্দ আছে, যাৰ পুংলিঙ্গ নাই। যেনে, নামতী, ফুলতী, লাহতী, বোৱনী, শিপিনী, ৰাংঢালী, ৰচকী ইত্যাদি।

 ৭৩। কিছুমান শব্দৰ স্ত্ৰীলিঙ্গত ৰূপ একেবাৰে ভিন্ হয়। সেই ৰূপবিলাক তলত দিয়া গল।

পুংলিঙ্গ
ককাই
ককা
কোৱা

স্ত্ৰীলিঙ্গ
বাই, বৌ, (ভাৰ্য্যা)
বুঢ়ী আই
কাউৰী

পুংলিঙ্গ
কোৱঁৰ
গোলাম
গৃহস্থ

স্ত্ৰীলিঙ্গ
আইদেউ, কুৱঁৰী
বান্দী
ঘৈনী

[ ৬০ ]

পুংলিঙ্গ
গিৰী
গোহাঁই
গোসাঁই
গগৈ
চপনীয়া
ছাগ
ছাগল
জেঠা
ডেকা
তাৱৈ
দেওৰ
দৰা
দঁতুৱা
দমৰা
দঁতাল
দদাই
নগা
নাচনিয়াৰ
পো

স্ত্ৰীলিঙ্গ
ঘৈনী
আইচু
গোসাঁনী
আইচু
চাপনী
ছাগলী
ছাগলী
জেঠাই
ডেকেৰী, গাভৰু
আমৈ
জা
কন্যা
দাঁতিনী
কাঢ়লী
মাখুন্দী
খুৰী
নাগিনী
নাচনী
জী

পুংলিঙ্গ
পিতা
পৈ
বোপাই
বাপ
বলদ
বগ
বোন্দা
বন্দী
ভাই
ভেঙ্গুৱা
মামাই
মুনিহ
মখনা
মতা
মগনিয়াৰ
ৰজা
লৰা
শহুৰ
শৰ

স্ত্ৰীলিঙ্গ
মাতা
ঘৈনী
আই
আইটী, আইদেউ
গাই
বগলী
জাঁই
বেটী
ভনী
ভাঙ্গুৰী,
মাই
তিৰী, তিৰোতা
মাখুন্দী
মাইকী
মাগনী
ৰাণী, কুৱঁৰী
ছোৱালী
শাহু
ভেলেঙ্গী

⸻⸺