এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
বহল ব্যাকৰণ
উ-কাৰান্ত শব্দ—পহু।
বিভক্তি | একবচন | বহুবচন | ||
প্ৰথমা | পহুৱে | পহুবিলাকে | ||
দ্বিতীয়া | পহুক | পহুবিলাকক | ||
তৃতীয়া | পহুৰে, পহুৱেৰে পহুদি, পহুৱেদি |
পহুবিলাকেৰে পহুবিলাকেদি | ||
চতুৰ্থী | পহুলৈ পহুক |
পহুবিলাকলৈ পহুবিলাকক | ||
পঞ্চমী | পহুৰ পৰা | পহুবিলাকৰ পৰা | ||
ষষ্ঠী | পহুৰ | পহুবিলাকৰ | ||
সপ্তমী | পহুত | পহুবিলাকত |
উ-কাৰান্ত শব্দৰ ৰূপো উ-কাৰান্ত শব্দৰ নিচিনা হয়। এ-কাৰান্ত শব্দ অসমীয়াত নাই, থাকিলেও তাৰ ৰূপ ই-কাৰান্ত শব্দৰ নিচিনা হয়।
ঐ-কাৰান্ত শব্দ—মুদৈ।
বিভক্তি | একবচন | বহুবচন | ||
প্ৰথমা | মুদৈয়ে | মুদৈবিলাকে | ||
দ্বিতীয়া | মুদৈক | মুদৈবিলাকক। |