প্ৰত্যয় হয়। যেনে, সাধু—সাধ্বী, গুৰু— গুৰ্ব্বী, তনু—তন্বী। কিন্তু তন্তু আৰু চঞ্চু শব্দত স্ত্ৰীলিঙ্গত ঊ প্ৰত্যয়ো হয়। যেনে, তনু—তনূ, চঞ্চু–চঞ্চূ।
৪১। ইন্ শেষত থকা শব্দত, স্ত্ৰীলিঙ্গত ঈ প্ৰত্যয় হয়। যেনে, হস্তিন্—হস্তিনী, উপকাৰিন্—উপকাৰিণী, তপস্বিন্— তপস্বিনী, মায়াবিন্—মায়াবিনী, মানিন্—মানিনী, মালিন্— মালিনী।
৪২। অস্ শেষত থকা শব্দত, স্ত্ৰীলিঙ্গত ঈ প্ৰত্যয় হয়। যেনে, প্ৰেয়স্—প্ৰেয়সী, গৰীয়স্—গৰীয়সী, মহীয়স্— মহীয়সী। কিন্তু বিদ্বস্—বিদুষী।
৪৩। অন্ শেষত থকা শব্দত, স্ত্ৰীলিঙ্গত ঈ প্ৰত্যয় হয়, ঈ প্ৰত্যয় হলে, অনৰ অ গুচে। যেনে, খ্যাতনামন্—খ্যাতনাম্নী, অজ্ঞাতনামন্—অজ্ঞাতনাম্নী, সুনামন্—সুনাম্নী। কিন্তু ৰাজন্ শব্দৰ ৰূপ স্ত্ৰীলিঙ্গত ৰাজ্ঞী।
৪৪৷ অৎ, বৎ, মৎ শেষত থকা শব্দত, স্ত্ৰীলিঙ্গত ঈ প্ৰত্যয় হয়। যেনে, সৎ—সতী, ৰূপৱৎ—ৰূপৱতী, গুণৱৎ— গুণৱতী, বুদ্ধিমৎ—বুদ্ধিমতী, শ্ৰীমৎ—শ্ৰীমতী ইত্যাদি।
৪৫। ঋ-কাৰান্ত শব্দত, স্ত্ৰীলিঙ্গত ঈ প্ৰত্যয় হয়। যেনে, দাতৃ—দাত্ৰী, কৰ্ত্তৃ—কৰ্ত্ৰী, শিক্ষয়িতৃ—শিক্ষয়িত্ৰী ইত্যাদি।
৪৬। কেতবিলাক শব্দত, পত্নী অৰ্থত আনী প্ৰত্যয় হয়। যেনে, ইন্দ্ৰ—ইন্দ্ৰানী, ৰুদ্ৰ-ৰুদ্ৰানী, ভব—ভবানী, শিৱ —শিৱানী, বৰুণ—বৰুণানী, মাতুল—মাতুলানী, ক্ষত্ৰিয়