কুল⸺নাপিত—নাপিতনী, কলিতা—কলিতানী, কুমাৰ—কুমাৰণী, কমাৰ—কমাৰণী, বৰিয়া—বৰিয়ানী, মৰিয়া—মৰিয়াণী।
পত্নী⸺ফুকন—ফুকননী, মন্চুপ—মন্চুপনী, বৰুৱা—বৰুৱানী, মুদৈ—মুদৈয়নী, বাঢ়ৈ—বাঢ়ৈয়নী, ভৰালী—ভৰালিয়নী, কাকতী—কাকতিয়নী।
৬০। নাতি আদি শব্দত স্ত্ৰীলিঙ্গত অনী প্ৰত্যয় হয়, অনী প্ৰত্যয় হলে, প্ৰত্যয়ৰ অ লোপ হয়। যেনে, নাতি—নাতিনী, হাৰি—হাৰিণী।
৬১। বাঘ আদি শব্দত স্ত্ৰীলিঙ্গত অনী প্ৰত্যয় হয়। অনী প্ৰত্যয় হলে, স্বৰান্ত শব্দৰ শেষৰ স্বৰ লোপ হয়, আৰু প্ৰত্যয়ৰ তা মৰি ই হয়। যেনে, বাঘ—বাঘিনী, সিংহ—সিংহিনী, হাঁহ—হাঁহিনী, মিতা—মিতিনী।
৬২। কোঁচ, চোৰ আদি শব্দত, স্ত্ৰীলিঙ্গত অনী প্ৰত্যয় হয়। অনী প্ৰত্যয় হলে, প্ৰত্যয়ৰ অ মৰি উ হয়, আৰু শব্দৰ আদিৰ ও-কাৰ উ-কাৰ হয়। যেনে, কোঁচ্—কুচুনী, চোৰ্—চুৰুণী, ডোম্—ডুমুনী। ধোবা শব্দৰ শেষৰ আ-কাৰ লোপ হয়। যেনে, ধোবা—ধুবুনী।
৬৩। গৰাকী শব্দৰ স্ত্ৰীলিঙ্গত দুটা ৰূপ হয়। গৰাকীৰ ঘৈনীয়েকক বুজালে গৰাকিয়নী, আৰু কোনো বস্তুৰ অধিকাৰিণী বুজালে, গৰাকিনী হয়।