বহল ব্যাকৰণ/তৃতীয় অধ্যায়
তৃতীয় অধ্যায়।
⸺:☀:⸺
সন্ধি প্ৰকৰণ।
১। এটা শব্দৰ শেষ বৰ্ণ আন এটাৰ আদি বৰ্ণেৰে সৈতে জোৰা লাগি শব্দ দুটা এটা হলে, সিহঁতৰ ভিতৰত সন্ধি হোৱা বোলা যায়।
২। সংস্কৃতত যি দুটা শব্দৰ সমাস হয়, সিহঁতৰ সদায় সন্ধি হয়।
৩। ধাতুৰ আগত উপসৰ্গ বা আন কোনো শব্দ থাকিলে, সিহঁতৰ ভিতৰত সদায় সন্ধি হয়।
৪। ধাতু আৰু প্ৰত্যয়ৰ ভিতৰতো সদায় সন্ধি হয়।
শুনিবলৈ কথা ললিত কৰিবৰ নিমিত্তে আন আন নানা বিধ শব্দৰ ভিতৰতো সন্ধি হয়। কিন্তু সেই সন্ধি লিখকৰ ইচ্ছাধীন, অৰ্থাৎ তেনে সন্ধি লিখকে কৰিলে কৰিব পাৰে, নকৰিলে নকৰিবও পাৰে।
সন্ধি হলে শব্দৰ ৰূপ অলপ পৰিবৰ্ত্তন হয়, কিন্তু অৰ্থৰ পৰিবৰ্ত্তন নহয়।
৫। সন্ধি তিনি বিধ :– স্বৰসন্ধি, ব্যঞ্জনসন্ধি আৰু অনুস্বাৰ আৰু বিসৰ্গ সন্ধি। [ ২১ ]স্বৰসন্ধি।
৬। স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয়, তাক স্বৰসন্ধি বোলে।
৭। এবিধ সবৰ্ণৰ এটা বৰ্ণ আগত আৰু এটা বৰ্ণ পাচত থাকিলে, দুয়ো মিলি দীৰ্ঘ হয়। আৰু সেই দীৰ্ঘ বৰ্ণ আগৰ আখৰত যোগ হয়। যেনে,—
অ সবৰ্ণৰ সন্ধি :— (অ+অ) মৃগ+অঙ্ক= মৃগাঙ্ক, বদ্ধ+অঞ্জলি= বদ্ধাঞ্জলি, দীপ+অন্বিতা= দীপান্বিতা, বস্ত্ৰ+অলঙ্কাৰ= বস্ত্ৰালঙ্কাৰ, হিম+অচল= হিমাচল, নীল+অচল= নীলাচল, গৌৰ+অঙ্গ= গৌৰাঙ্গ, দেব+অসুৰ= দেবাসুৰ, মুৰ+অৰি= মুৰাৰি, চৰ+অচৰ= চৰাচৰ, ভষ্ম+অচল= ভষ্মাচল, চিত্ৰ+অচল= চিত্ৰাচল।
আৰু (অ+আ) কুশ+আসন= কুশাসন, হিম+আলয়= হিমালয়, দেব+আলয়= দেবালয়, দীপ+আৱলী= দীপাবলী, দশ+আনন= দশানন, ভয়+আতুৰ= ভয়াতুৰ, শোক+আকুল= শোকাকুল, লোক+আলয়= লোকালয়, মেঘ+আচ্ছন্ন= মেঘাচ্ছন্ন, চন্দ্ৰ+আলোক= চন্দ্ৰালোক, ছত্ৰ+আকাৰ= ছত্ৰাকাৰ।
আৰু (আ+অ) মহা+অৰ্ঘ= মহাৰ্ঘ, মহা+অৰ্ণৱ= মহাৰ্ণব, বিদ্যা+অলঙ্কাৰ= বিদ্যালঙ্কাৰ, আশা+অতীত= আশাতীত, সীমা+অন্ত= সীমান্ত, আশা+অনুৰূপ= আশানুৰূপ। [ ২২ ] আৰু (আ+আ) মহা+আশয়= মহাশয়, বিদ্যা+আলয়= বিদ্যালয়, ক্ষুধা+আতুৰ= ক্ষুধাতুৰ, ধৰা+আসন= ধৰাসন, দয়া+আৰ্দ্ৰ= দয়াৰ্দ্ৰ, উমা+আনন্দ= উমানন্দ, সদা+আনন্দ= সদানন্দ।
ওপৰত দিয়া উদাহৰণবিলাকত মন কৰিব লগীয়া কথা এই যে, অসমীয়া উচ্চাৰণ মতে নীলাচল, কুশাসন আদি সন্ধি সঙ্গত হব নোৱাৰে। অসমীয়া উচ্চাৰণ মতে নীল নহয় নীল্, কুশ নহয় কুশ্, গতিকে পাচৰ পদৰ অ-কাৰ বা আ-কাৰত যোগ হবলৈ একো নাই। কিন্তু নীল্ শব্দৰ ল্ হসন্ত হোৱা বাবে আৰু অচলৰ অ তাৰ পাচতে থকা বাবে, শব্দ দুটা উচ্চাৰণ কৰোঁতে, অচলৰ অ নীল্ শব্দৰ ল্ আথৰৰ লগত স্বভাৱতে গোট খায়। সি স্বৰসন্ধি নহয়। সেই দৰে, কুশাসন শব্দকো এটা স্বৰসন্ধি বুলিব নোৱাৰি।
ই সবৰ্ণৰ সন্ধি :– (ই+ই) প্ৰতি+ইতি= প্ৰতীতি, অভি+ইষ্ট= অভীষ্ট, মণি+ইন্দ্ৰ= মণীন্দ্ৰ, গিৰি+ইন্দ্ৰ= গিৰীন্দ্ৰ, অতি+ইত= অতীত।
আৰু (ই+ঈ ) ক্ষিতি+ঈশ= ক্ষিতীশ, প্ৰতি+ঈক্ষা= প্ৰতীক্ষা, গিৰি+ঈশ= গিৰীশ, পৰি+ঈক্ষা= পৰীক্ষা
আৰু (ঈ+ই) মহী+ইন্দ্ৰ= মহীন্দ্ৰ, বলী+ইন্দ্ৰ= বলীন্দ্ৰ, মহতী+ইচ্ছা= মহতীচ্ছা।
আৰু (ঈ+ঈ) পৃথিবী+ঈশ্বৰ= পৃথিবীশ্বৰ, গৌৰী+ঈশ্বৰ= গৌৰীশ্বৰ।
উ সবৰ্ণৰ সন্ধি :—(উ+উ) কটু+উক্তি= কটূক্তি, সাধু [ ২৩ ] +উক্তি= সাধূক্তি, মধু+উৎসৱ= মধূৎসৱ, গুৰু+উপদেশ= গুৰূপদেশ, ভানু+উত্তাপ= ভানূত্তাপ।
আৰু (উ+উ) তৰু+উৰ্দ্ধ= তৰূৰ্দ্ধ, বায়ু+উৰ্ম্মি= বায়ুৰ্ম্মি।
আৰু (উ+উ) বধূ+উন্নতি= বধূন্নতি, বধূ+উৎসৱ= বধূৎসৱ, স্বয়ম্ভূ+উদয় = স্বয়ম্ভূদয়।
আৰু (ঊ+ঊ) ভূ+ঊৰ্দ্ধ= ভূৰ্দ্ধ।
৮। ঋ-কাৰৰ পাচত ঋ-কাৰ থাকিলে, দুয়ো মিলি দীৰ্ঘ ৠ হয়, আৰু সেই দীৰ্ঘ ৠ আগৰ আখৰত যোগ হয়। যেনে, পিতৃ+ঋণ= পিতৃণ, ভ্ৰাতৃ+ঋদ্ধি= ভ্ৰাতৃদ্ধি।
দীৰ্ঘ ৠ-কাৰ আদিত বা অন্তত থকা শব্দ অতি বিৰল।
৯। ই সবৰ্ণৰ পাচত অন্য স্বৰবৰ্ণ থাকিলে, ই সবৰ্ণৰ আখৰ মৰি য হয়, সেই য আগৰ আখৰত যোগ হয়, আৰু পাচৰ স্বৰবৰ্ণ য-তে যোগ হয়। যেনে, যদি+অপি= যদ্যপি, নদী+অম্বু= নদ্যম্বু, ইতি+আদি= ইত্যাদি, অতি+উত্তম= অত্যুত্তম অতি+অধিক= অত্যধিক, প্ৰতি+আশা= প্ৰত্যাশা, নাস্তি+ঔষধ= নাস্ত্যৌষধ, অতি+আচাৰ = অত্যাচাৰ, প্ৰতি+উপকাৰ= প্ৰত্যুপকাৰ, প্ৰতি+এক= প্ৰত্যেক।
১০। উ সবৰ্ণৰ পাচত অন্য স্বৰবৰ্ণ থাকিলে, উ সবৰ্ণৰ আখৰ মৰি ৱ হয়, সেই ৱ আগৰ আখৰত যোগ হয়, আৰু পাচত থকা স্বৰবৰ্ণ ৱ-তে যোগ হয়। যেনে, অনু+এষণ= [ ২৪ ] অন্বেষণ, অনু+অয়= অন্বয়, পশু+আদি= পশ্বাদি, অনু+ইত= অন্বিত, ভূ+আদি= ভ্বাদি, সু+অস্তি= স্বস্তি।
১১। ঋ-কাৰৰ পাচত অন্য স্বৰবৰ্ণ থাকিলে ঋ মৰি ৰ হয়, সেই ৰ আগৰ আখৰত যোগ হয়, আৰু পাচত থকা স্বৰবৰ্ণ সেই ৰ-তে যোগ হয়। যেনে, পিতৃ+অনুমতি= পিত্ৰনুমতি, মাতৃ+আদেশ= মাত্ৰাদেশ, পিতৃ+আলয়= পিত্ৰালয়।
১২। অ সবৰ্ণৰ পাচত ই সবৰ্ণ থাকিলে দুয়ো মিলি এ হয়, আৰু সেই এ আগৰ আখৰত যোগ হয়। যেনে, গণ+ঈশ= গণেশ, মহা+ঈশ্বৰ= মহেশ্বৰ, পৰম+ঈশ্বৰ= পৰমেশ্বৰ, নৰ+ইন্দ্ৰ= নৰেন্দ্ৰ, যথা+ইষ্ট= যথেষ্ট, লঙ্কা+ঈশ্বৰ= লঙ্কেশ্বৰ, মহা+ইন্দ্ৰ= মহেন্দ্ৰ, ৰমা+ঈশ= ৰমেশ, শুক্ৰ+ঈশ্বৰ= শুক্ৰেশ্বৰ, বাণ+ঈশ্বৰ= বাণেশ্বৰ, ৰুদ্ৰ+ ঈশ্বৰ= ৰুদ্ৰেশ্বৰ, কাম+ঈশ্বৰ= কামেশ্বৰ।
১৩। অ সবৰ্ণৰ পাচত উ সবৰ্ণ থাকিলে, দুয়ো মিলি ও হয়, আৰু সেই ও আগৰ আখৰত যোগ হয়। যেনে, ফল+উদয়= ফলোদয়, পাদ+উদক= পাদোদক, গঙ্গা+উদক= গঙ্গোদক, চন্দ্ৰ+উদয়= চন্দ্ৰোদয়, বোধ+উদয়= বোধোদয়, যথা+উপযুক্ত= যথোপযুক্ত, মহা+উৰ্ম্মি= মহোৰ্ম্মি।
১৪। অ সবৰ্ণৰ পাচত ঋ থাকিলে, দুয়ো মিলি অৰ্ হয়, তাৰ অ আগৰ আখৰত যোগ হয়, আৰু ৰ্ ৰেফ হৈ পাচৰ আখৰৰ শিৰলৈ যায়। যেনে, দেব+ঋষি= দেবৰ্ষি, মহা+ঋষি= মহৰ্ষি, ৰাজা+ঋষি= ৰাজৰ্ষি, অধম+ঋণ= অধমৰ্ণ। [ ২৫ ] ১৫। কিন্তু দুই পদৰ তৃতীয় তৎপুৰুষ সমাস হলে, ঋ আৰু অ বৰ্ণৰ আখৰ দুয়ো মিলি আৰ্ হয়, তাৰ আ আগৰ আখৰত যোগ হয়, আৰু ৰ্ ৰেফ হৈ পাচৰ আখৰৰ শিৰলৈ যায়। যেনে, শোক+ঋত = শোকাৰ্ত্ত, ক্ষুধা+ঋত = ক্ষুধাৰ্ত্ত।
১৬। অ সবৰ্ণৰ পাচত এ বা ঐ থাকিলে, দুয়ো মিলি ঐ হয়, আৰু সেই ঐ আগৰ আখৰত যোগ হয়। যেনে, জন+এক = জনৈক, তথা+এবচ= তথৈবচ, মহা+ঐশ্বৰ্য্য = মহৈশ্বৰ্য্য, মহা+ঐৰাৱত = মহৈৰাৱত।
১৭। অ সবৰ্ণৰ পাচত ও বা ঔ থাকিলে, দুয়ো মিলি ঔ হয়, আৰু সেই ঔ আগৰ আখৰত যোগ হয়। যেনে, মহা+ঔষধ = মহৌষধ, মহা+ওষধি = মহৌষধি, চিত্ত+ঔদাৰ্য্য = চিত্তৌদাৰ্য্য, জল+ওকা = জলৌকা।
১৮। এ-কাৰৰ পাচত স্বৰবৰ্ণ থাকিলে, এ মৰি অয়্ হয়, তাৰ অ আগৰ আখৰত যোগ হয়, আৰু পাচত থকা স্বৰবৰ্ণ য়-ত যোগ হয়। যেনে, নে+অন = নয়ন, শে+অন = শয়ন, চে+অন = চয়ন।
১৯। ঐ-কাৰৰ পাচত স্বৰবৰ্ণ থাকিলে, ঐ মৰি আয়্ হয়, তাৰ আ আগৰ আখৰত যোগ হয়, আৰু পাচত থকা স্বৰ য়-ত যোগ হয়। যেনে, গৈ+অন = গায়ন, নৈ+অক = নায়ক।
২০। ও-কাৰৰ পাচত স্বৰবৰ্ণ থাকিলে, ও মৰি অব্ হয়, [ ২৬ ] তাৰ অ আগৰ আখৰত যোগ হয়, আৰু পাচত থক৷ স্বৰ ব্-ত যোগ হয়। যেনে, পো+ অন = পবন, ভো + অন = ভবন, শ্ৰো + অন = শ্ৰবণ।
২১। ঔ-কাৰৰ পাচত স্বৰবৰ্ণ থাকিলে, ঔ মৰি আব্ হয়, তাৰ আ আগৰ আখৰত যোগ হয়, আৰু পাচত থকা স্বৰ ব-ত যোগ হয়। যেনে, পৌ + অক = পাবক, ভৌ+উক =ভাবুক, নৌ+ইক= নাবিক।
ওপৰত দিয়৷ সন্ধিবিলাক, অ সবৰ্ণৰ সন্ধিৰ নিচিনাকৈ কোনটো কোন বিধৰ তাক ভাঙ্গি বিধে বিধে দেখুউৱা নাই। তেনেকৈ দেখুৱালে পুথিৰ আকাৰ বাঢ়ে। উদাহৰণবিলাক মন দি চালেই কোনটো কোন বিধৰ বুজা যাব।
অস বৰ্ণৰ সন্ধিৰ নিচিনা স্বৰসন্ধি প্ৰায় এটাইবিলাকেই অসমীয়া উচ্চাৰণ মতে অসঙ্গত।অসমীয়া উচ্চাৰণ মতে পৰমেশ্বৰ-পৰমীশ্বৰ, নীলাচল-নীলচল, দেবৰ্ষি - দেবৃষি হব লাগে। কেৱল সংস্কৃত উচ্চাৰণ মতেহে এইবিলাক সন্ধি হব পাৰে।
২২। সংস্কৃত ভাষাত কেতবিলাক সন্ধি চলিত আছে, যাক ওপৰত দিয়া নিয়মবিলাকেৰে সাধিব নোৱাৰি। সেই সন্ধিবিলাকক নিপাতনত সিদ্ধ, অৰ্থাৎ অনিয়মিত ৰূপে সিদ্ধ হোৱা সন্ধি বুলি কয়। যেনে, স্ব + ইৰিণী = স্বৈৰিণী, অক্ষ +ঊহিণী = অক্ষৌহিণী, প্ৰ+উঢ়ি=প্ৰৌঢ়ি, গো + য = গব্য,ভো + য= ভব্য, গো + অক্ষ = গবাক্ষ, গো + ইন্দ্ৰ = গবেন্দ্ৰ, কুল + অটা = কুলটা, শাৰ + অঙ্গ = শাৰঙ্গ,সীম +অন্ত = সীমন্ত। [ ২৭ ]ব্যঞ্জন সন্ধি।
২৩। ব্যঞ্জনবৰ্ণৰ লগত ব্যঞ্জনৰ বা স্বৰবৰ্ণৰ যি সন্ধি হয়, তাক ব্যঞ্জন সন্ধি বোলে।
২৪। চ বা ছ পাচত থাকিলে ত্ আৰু দ্ মৰি চ্ হয়। যেনে, উৎ+চাৰণ = উচ্চাৰণ, সৎ + চিন্ত৷ = সচ্চিন্তা, সৎ+চৰিত্ৰ = সচ্চৰিত্ৰ, উৎ+ছেদ = উচ্ছেদ, উৎ + ছন্ন = উচ্ছন্ন, বিপদ্ + চিন্তা = বিপচ্চিন্তা।
২৫। জ বা ঝ পাচত থাকিলে, ত্ আৰু দ্ মৰি জ্ হয়। যেনে, উৎ + জ্বল = উজ্জল, জগৎ + জননী = জগজ্জননী, মহৎ+ ঝনৎকাৰ = মহাজ্ননৎকাৰ, সৎ + জন = সজ্জন, বিপদ্ + জাল = বিপজ্জাল, তদ্ + জন্ম = তজ্জন্ম, তদ্ + জন্য = তজ্জন্য।
২৬। ট বা ঠ পাচত থাকিলে ত আৰু দ্ মৰি ট্ হয়। যেনে, মহৎ+ টঙ্কাৰ = মহট্টঙ্কাৰ, ভবৎ + ঠক্কুৰ= ভবট্ঠক্কুৰ।
২৭। ড বা ঢ পাচত থাকিলে ত্ আৰু দ্ মৰি ড্ হয়। উৎ + ডীন = উড্ডীন, মহৎ + ঢাল = মহড্ঢাল!
২৮। ল পাচত থাকিলে ত্ আৰু দ্ মৰি ল হয়। যেনে, উৎ + লিখিত = উল্লিখিত, উৎ+লাস = উল্লাস, বিপদ্ + লয় = বিপল্লয়।
২৯। শ পাচত থাকিলে ত্ আৰু দ্ মৰি চ্ হয়, আৰু পাচত থকা শ মৰি ছ হয়। যেনে, শৰৎ + শশী = শৰচ্ছশী, মহৎ + শঙ্কট = মহচ্ছঙ্কট, বিপদ্ + শান্তি =বিপচ্ছান্তি।[ ২৮ ] ৩০। ছ পাচত থাকিলে আগৰ পদৰ শেষত এটা চ হয়। যেনে, গৃহ + ছিদ্ৰ = গৃহচ্ছিদ্ৰ।
৩১। চ্ বা জ্ আগত, থাকিলে পাচৰ ন মৰি ঞ হয়। যেনে, যাচ্ + না = যাচ্ঞা, যজ্ +ন = যজ্ঞ।
৩২। হ পাচত থাকি ত্ মৰি দ্ হয়, আৰু পাচৰ হ মৰি ধ হয়। যেনে, উৎ + হাৰ = উদ্ধাৰ, উৎ+হত = উদ্ধত।
৩৩। দ্ পাচত থাকিলে হ মৰি ধ হয়। যেনে, বিপদ্+হেতু = বিপদ্ধেতু, তদ্†হিত = তদ্ধিত।
৩৪। ষ্ আগত থাকিলে ত আৰু থ মূৰ্দ্ধন্য হয়। যেনে, উৎকৃষ্ + ত = উৎকৃষ্ট, প্ৰবিষ+ত= প্ৰবিষ্ট, ষষ্+থ =ষষ্ঠ
৩৫। স্বৰবৰ্ণ বা বৰ্গৰ তৃতীয় চতুৰ্থ বৰ্ণ, বা য্ ৰ্ ল্ ৱ্ হ্ পাচত থাকিলে বৰ্গৰ প্ৰথম বৰ্ণ মৰি সেই বৰ্গৰ তৃতীয় বৰ্ণ হয়। যেনে, দিক্+অন্ত = দিগন্ত, বাক্+অড়ম্বৰ = বাগাড়ম্বৰ, বাক্+ঈশ = বাগীশ, জগৎ + ঈশ্বৰ = জগদীশ্বৰ, তৎ+উপৰি = তদুপৰি, ষট্+আনন = ষড়ানন, দিক্ + গজ = দিগ্গজ, অপ্ + দ = অব্দ, বৃহৎ + ৰথ = বৃহদ্ৰথ, নিচু + অন্ত = নিজন্ত, জগৎ+অম্বা = জগদম্বা, সৎ+উপদেশ = সদুপদেশ।
৩৬। ন বা ম পাচত থাকিলে ক্ মৰি ঙ্ আৰু ত্ মৰি ন্ হয়। যেনে, বাক্+ময় = বাঙ্ময়, প্ৰাক্+মুখ = প্ৰাঙ্মুখ, জগৎ+নাথ = জগন্নাথ, উৎ+নতি = উন্নতি, উৎ + মত্ত = উন্মত্ত, তৎ + ময় = তন্ময়।[ ২৯ ] ৩৭। ঢ পাচত থাকিলে আগৰ ঢ লোপ হয়। যেনে, মূঢ় +ঢ় = মূঢ়।
৩৮। উৎ শব্দ আগত থাকিলে স্থা আৰু স্তন্ভ ধাতুৰ স্ লোপ হয়। যেনে, উৎ+স্থান = উত্থান, উৎ+স্তন্ভ = উত্তন্ভ।
৩৯। ব্যঞ্জনবৰ্ণ আদিত থকা কোনো পদ পাচত থাকিলে, দিব্ শব্দৰ ঠাইত দ্যু হয়। যেনে, দিব্+লোক = দ্যুলোক।
৪০। কাম শব্দ পাচত থাকি সমাস হলে, তুম্ প্ৰত্যয়ৰ ম আৰু সম্ শব্দৰ ম লোপ হয়। যেনে, গন্তুম্+কাম = গন্তুকাম, সম্+কাম = সকাম।
৪১। কৃ ধাতুৰ আগত সম্ বা পৰি উপসৰ্গ থাকিলে, সেই ধাতুৰ আগত এটা স্ হয়। যেনে, সম্+ কৃত = সংস্কৃত, পৰিঃ+কাৰ = পৰিষ্কাৰ।
৪২। আগৰ স্বৰযুক্ত নোহোৱা ব্যঞ্জনবৰ্ণ পাচৰ স্বৰবৰ্ণত বা স্বৰযুক্ত ব্যঞ্জনত সদায় যোগ হয়। যেনে, বছৰ্ + এক = বছৰেক, মাহ্+এক = মাহেক, পষ্ +এক = পষেক, শত্†এক = শতেক, সম্+পত্তি = সম্পত্তি, সম্+বাদ= সম্বাদ, তম্+বল = তম্বল, মানুহ্ + ও = মানুহো, মন্+ও =মনো, হাত্+ এৰে = হাতেৰে, হাত্+এদি = হাতেদি, ঘৰ্ + অৰ = ঘৰৰ, গছ্ + অত = গছত, মানুহ + অক = মানুহক, মানুহ + এ = মানুহে।[ ৩০ ] ৪৩। কেতবিলাক সন্ধি আছে, যাক ওপৰত দিয়া নিয়মেৰে সাধিব নোৱাৰি। সেইবিলাক সন্ধি নিপাতনত, অৰ্থাৎ অনিয়মিতৰূপে সিদ্ধ। সন্ধিবিলাক সেই দৰে সিদ্ধ হওঁতে কোনোটোত বৰ্ণাগম, কোনোটোত বৰ্ণ বিপৰ্য্য়য়, কোনোটোত বৰ্ণবিকাৰ, কোনোটোত বা বৰ্ণবিনাশ হৈছে। যেনে, বৰ্ণাগম—গো+ পদ = গোষ্পদ; বৰ্ণবিপৰ্য্যয়— হিন্স্+অ =সিংহ; বৰ্ণবিকাৰ— তৎ+কৰ = তস্কৰ; বৰ্ণবিনাশ—মনস্+ঈষা = মনীষা।
অনুস্বাৰ আৰু বিসৰ্গ সন্ধি।
৪৪। অন্তঃস্থ বা উষ্মবৰ্ণ পাচত থাকিলে, আগৰ ম্ মৰি ং অনুস্বাৰ হয়। যেনে, সম্ + সৰ্গ = সংসৰ্গ, সম্ + যম = সংযম, সম্ + যোগ = সংযোগ, সম্ + লগ্ন =সংলগ্ন, বশম্ +বদ = বশংবদ। কিন্তু সিদ্ধ পদে ৰজা বুজালে ম্ অনুস্বাৰ নহয়। যেনে, সম্+ৰাট = সম্ৰাট।
৪৫। অনুস্বাৰৰ পাচত যি বৰ্গৰ বৰ্ণ থাকে, অনুস্বাৰ মৰি সেই বৰ্গৰ পঞ্চম বৰ্ণ হয়। যেনে, সং+ গতি = সঙ্গতি,সং+চয় =সঞ্চয়,শং+খ = শঙ্খ, সং+পৰ্ক = সম্পৰ্ক, কিং+ কৰ = কিঙ্কৰ।
৪৬। চ, ছ পাচত থাকিলে আগৰ বিসৰ্গ মৰি শ্ হয়, ট, ঠ পাচত থাকিলে ষ্ হয়, আৰু ত, থ থাকিলে স্ হয়। যেনে, নিঃ+চয় = নিশ্চয়, শিৰঃ + ছেদন = শিৰশ্ছেদন, ধনুঃ + [ ৩১ ] টঙ্কাৰ = ধনুষ্টঙ্কাৰ, নিঃ+তেজ=নিস্তেজ, মনঃ + তাপ = মনস্তাপ।
৪৭। অ, বা বৰ্গৰ তৃতীয়, চতুৰ্থ, পঞ্চম বৰ্ণ, বা য, ৰ, ল, ৱ, হ পাচত থাকিলে, অ-কাৰৰ পাচত থকা সজাত বিসৰ্গ আৰু সেই অ-কাৰ দুয়ো মিলি ও হয়, পাচত যদি অ-কাৰ থাকে, সি লোপ হয়। যেনে, মনঃ+ অভিমত = মনোভিমত, মনঃ + অভিলাষ = মনোভিলাষ, বয়ঃ + অধিক = বায়োধিক, অধঃ+গতি = অধোগতি, শিবঃ+ভূষণ = শিৰোভূষণ, মনঃ+ যোগ = মনোযোগ, মনঃ + মত = মনোমত, সৰঃ + বৰ = সৰে৷বৰ, মনঃ+হৰ = মনোহৰ, অতঃ+নষ্ট =অতোনষ্ট, ততঃ+ ভ্ৰষ্ট =ততোভ্ৰষ্ট।
৪৮। স-কাৰান্ত শব্দৰ সংস্কৃতত প্ৰথমা বিভক্তিৰ একবচনত স্ মৰি বিসৰ্গ হয়। সেই বিসৰ্গ স-ৰ পৰা জন্মে দেখি তাক সজাত বিসৰ্গ বোলে। যেনে, মনস্ – মনঃ, বয়স্ – বয়ঃ, শিৰস্ — শিৰঃ, তেজস্—তেজঃ, যশস্-যশঃ, সৰস্—সৰঃ। সেই দৰে, কিছুমান অব্যয় শব্দৰ অন্ততো স্ থাকে। যেনে, অধস্, অতস্, ততস্। এই স-বিলাকো বিসৰ্গৰ আকাৰত থাকে। যেনে, অধঃ, অতঃ, ততঃ। এই বিসৰ্গবিলাকো সজাত বিসৰ্গ।
৪৯। অ-কাৰত বাজে আন স্বৰবৰ্ণ পাচত থাকিলে, অ-কাৰৰ পাচত থকা সজাত বিসৰ্গ লোপ হয়, লোপৰ পাচত আৰু শব্দ দুটাৰ সন্ধি নহয়। যেনে, অতঃ+ এব = অতএব।
[ ৩২ ] ৫০। স্বৰবৰ্ণ বা বৰ্গৰ তৃতীয়, চতুৰ্থ, পঞ্চম বৰ্ণ বা য, ৰ, ল, ৱ, হ পাচত থাকিলে ৰজাত বিসৰ্গ মৰি ৰ, হয়। যেনে, পুনঃ+অপি = পুনৰপি, প্ৰাতঃ+উত্থান = প্ৰাতৰুত্থান, পুনঃ+ জন্ম = পুনৰ্জন্ম, দুঃ+মূল্য = দুৰ্মূল্য, দুঃ+ভাবনা = দুৰ্ভাবনা, দুঃ+ঘোৰ = দুৰ্ঘোৰ, অন্তঃ+আত্মা = অন্তৰাত্মা।
৫১। কোনো কোনো পদৰ আৰু কোনো কোনো উপসৰ্গৰ অন্তত ৰ্ আছে। সেই ৰ্ সাধাৰণতঃ বিসৰ্গৰ আকাৰত থাকে। যেনে, প্ৰাতৰ্ – প্ৰাতঃ, পুনৰ্ — পুনঃ, অন্তৰ্ –অন্তঃ, দুৰ্ – দুঃ, নিৰ্ —নিঃ। এই বিসৰ্গবিলাক যথাৰ্থত ৰ-ৰ পৰা জন্মিছে, সেই দেখি সিহঁতক ৰজাত বিসৰ্গ বোলা হয়।
৫২। স্বৰবৰ্ণ বা বৰ্গৰ তৃতীয়, চতুৰ্থ বা পঞ্চম বৰ্ণ বা য, ৰ, ল, ৱ, হ পাচত থাকিলে, অ সবৰ্ণৰ বাজে আন স্বৰবৰ্ণৰ পাচত থকা সকলো বিধৰ বিসৰ্গ মৰি ৰ্ হয়। যেনে, নিঃ+আকাৰ = নিৰাকাৰ, আশীঃ+বাদ = আশীৰ্ব্বাদ, নিঃ +মূল = নিৰ্ম্মূল, দুঃ+আকাঙ্খা = দুৰাকাঙ্খা।
৫৩। ক খ প ফ পাচত থাকিলে, আগৰ বিসৰ্গ মৰি স হয়, কিন্তু সেই বিসৰ্গ অ সবৰ্ণৰ বাজে আন স্বৰ বৰ্ণৰ পাচত থাকিলে, ষ্ হয়। যেনে, মনঃ+কামনা = মনস্কামনা, মনঃ+খেদ = মনস্খেদ, নিঃ+পাপ = নিষ্পাপ, নিঃ+ফল = নিষ্ফল।
কিন্তু অন্তঃকৰণ অন্তস্কৰণ, বা শিৰঃপীড়া শিৰস্পীড়া নহয়।
[ ৩৩ ] ৫৪। ৰ পাচত থাকিলে আগৰ বিসৰ্গ মৰি যি ৰ, হয়, সেই ৰ্ লোপ হয়, আৰু তাৰ আগৰ হ্ৰস্ব স্বৰ দীৰ্ঘ হয়। যেনে, নিঃ+ৰস = নীৰস, নিঃ+ৰব = নীৰব, নিঃ+ৰোগ = নীৰোগ।
সন্ধিৰ বিষয়ে বিশেষ কথা।
ওপৰত দিয়া সন্ধিৰ সূত্ৰবিলাকৰ ভিতৰত এটাৰ বাজে সকলোবিলাক সংস্কৃত ব্যাকৰণৰ সূত্ৰ। অসমীয়া ভাষাত সন্ধিৰ প্ৰচলন নাই। কেঁচা+আম = কেঁচাম, পকা+অমৃতা = পকামৃতা, ৰঙ্গা+আলু = ৰঙ্গালু, চেৰেকি+ঊঘা = চেৰেক্যুঘা, এনেদৰে অসমীয়াত শব্দ জোৰা নালাগে। দৰাচল পক্ষত অসমীয়া ব্যাকৰণত সন্ধিৰ সূত্ৰ নিদিলেও চলিব পাৰে। কিন্তু অসমীয়া ভাষাত সংস্কৃত শব্দ প্ৰচুৰ পৰিমাণে ব্যৱহাৰ হয়, আৰু সেই শব্দবিলাকৰ ভিতৰত অনেক সন্ধি আছে। তেনেবিলাক শব্দৰ ব্যাখ্যাৰ নিমিত্তে সন্ধিৰ নিয়ম প্ৰয়োজন। সেই কাৰণে ইয়াত সংস্কৃত ব্যাকৰণৰ পৰা সন্ধিৰ প্ৰধান প্ৰধান সূত্ৰবিলাক দিয়া হৈছে।
সন্ধি সংস্কৃত ভাষাৰ এটা বিশেষ অঙ্গ, কিন্তু অসমীয়া ভাষাৰ নহয়। ভাষা সুললিত বা গহীন কৰিবলৈ যেনে কেতিয়াবা অসমীয়াত সংস্কৃত শব্দ ব্যৱহাৰ কৰা হয়, সন্ধিও সেই নিমিত্তে ব্যৱহাৰ কৰা হয়। চমু কথা, অসমীয়াত সন্ধি এবিধ অলঙ্কাৰ মাথোন। এতেকে যত অলঙ্কাৰৰ প্ৰয়োজন, তাতহে সন্ধি ব্যৱহাৰ কৰা যুগুত। সাধাৰণতঃ সংস্কৃত শব্দকো অসমীয়াত সন্ধি ভাঙ্গি ব্যৱহাৰ কৰিব লাগে, তেহে অসমীয়া লনি আৰু ললিত হয়।
সন্ধিৰ ভিতৰত স্বৰসন্ধি সকলোবিলাক ভাঙ্গি লিখিব পাৰি। চন্দ্ৰোদয় হল নুবুলি চন্দ্ৰ উদয় হল বুলিলে কথাষাৰ অসমীয়াত ললিত [ ৩৪ ] হয়। সেই দৰে, মাত্ৰাদেশ নুবুলি মাতৃৰ আদেশ, পৃথিবীশ্বৰ নুবুলি পৃথিবীৰ ঈশ্বৰ বুলিলে ভাষা ললিত হয়, আৰু জতুৱা ঠাচত উঠে।
ব্যঞ্জন সন্ধি এই সম্বন্ধে দুবিধ। এবিধ সন্ধি ভাঙ্গি লিখিব পাৰি, এবিধ নোৱাৰি। যি বিধৰ সন্ধি ভাঙ্গিলে, দুয়োটা শব্দৰ অৰ্থ থাকে, তাক সন্ধিৰ বিশেষ প্ৰয়োজন নাথাকিলে ভাঙ্গি লিখা উচিত। যেনে, সচ্চৰিত্ৰ, এই সন্ধিটোত যি দুটা শব্দ আছে, সিহঁতৰ প্ৰত্যেকৰে একোটা সুকীয়া অৰ্থ আছে, আৰু শব্দ দুটা সেই সুকীয়া অৰ্থত বেলেগে ব্যৱহাৰ কৰাও যায়। এতেকে এই সন্ধিটো ভাঙ্গি সৎ চৰিত্ৰ বা সজ চৰিত্ৰ লিখিলে সুললিত অসমীয়া হয়।
কোনোবিলাক ব্যঞ্জন সন্ধি ভাঙ্গিব নোৱাৰি, ভাঙ্গিলে শব্দটোৰ আচল অৰ্থ নাথাকে। যেনে, বাগীশ সন্ধি ভাঙ্গি বাক্যৰ ঈশ, বা বাক্যৰ ঈশ্বৰ বুলি লিখিলে শব্দটোৰ অৰ্থ নাথাকে। এতেকে, এনেবিলাক সন্ধি ভাঙ্গি লিখ৷ উচিত নহয়।
উপসৰ্গেৰে সৈতে পদৰ যি সন্ধি হয়, আৰু প্ৰত্যয়েৰে সৈতে প্ৰকৃতিৰ যি সন্ধি হয়, তাকো ভাঙ্গিব নোৱাৰি। অনুস্বাৰ আৰু বিসৰ্গ সন্ধিও প্ৰায় ভঙ্গা নাযায়।
কিছুমান সংস্কৃত সন্ধি অসমীয়া ভাষাত সোমাই গুটীয়া শব্দ যেন হৈ পৰিছে। সিহঁতৰো সন্ধি ভাঙ্গিব নোৱাৰি। যেনে, পৰমেশ্বৰ, জগদীশ্বৰ, কথমপি, যদ্যপি, তদপি, তথাপি, তদুপৰি, ইত্যাদি, ফলোদয়, জলাঞ্জলি, আশীৰ্ব্বাদ, মনোহৰ, দুষ্কৰ, পঞ্চামৃত, পাদোদক, জগন্নাথ।
⸻