—ক্ষত্ৰিয়ানী ইত্যাদি। কিন্তু মাতুল—মাতুলা, মাতুলী, আচাৰ্য্য—আচাৰ্য্যা, আচাৰ্য্যানী, ক্ষত্ৰিয়—ক্ষত্ৰিয়া এনেকুৱাও হয়।
৪৭। বহুব্ৰীহি সমাস হলে, শৰীৰৰ অঙ্গ বুজুৱা শব্দত, স্ত্ৰীলিঙ্গত অ বা ঈ প্ৰত্যয় হয়। যেনে, কোকিলকণ্ঠা বা কোকিলকণ্ঠী, দীৰ্ঘকেশা বা দীৰ্ঘকেশী, কৃশোদৰা বা কৃশোদৰী। কিন্তু তেনে সমাস কোনো লোকৰ নাম হলে, কেৱল আ প্ৰত্যয় হয়। যেনে, শূৰ্পনখা।
৪৮। নয়ন, বদন আদি শব্দৰ বহুব্ৰীহি সমাস হলে, সিহঁতত স্ত্ৰীলিঙ্গত আ প্ৰত্যয় হয়। যেনে, মৃগনয়না, কমললোচনা, চন্দ্ৰবদনা, সুলোচনা ইত্যাদি।
৪৯৷ স্বৰান্ত শব্দত স্ত্ৰী প্ৰত্যয় যোগ হলে, শব্দৰ অন্তৰ স্বৰ লোপ হয়।
৫০৷ সংস্কৃত ভাষাত কিছুমান শব্দ স্বভাৱতে স্ত্ৰীলিঙ্গ বুলি ধৰা হয়। যেনে, কথা, বিদ্যা, বুদ্ধি, ভাষা, সভা, শক্তি, মতি, গঙ্গা, যমুনা, সৰস্বতী, পৃথিবী, ভূমি, ৰেখা, শৰৎ, বিদ্যুৎ, জ্যোৎস্না, বীণা, লজ্জা, তিথি, ৰাত্ৰি, ৰজনী, শ্ৰেণী, আপদ্, বিপদ্, পূজা, ভাবনা, চিকিৎসা, নীলিমা, গৰিমা ইত্যাদি।
৫১। কিছুমান শব্দ স্বভাৱতে পুংলিঙ্গ বুলি ধৰা হয়। যেনে, চন্দ্ৰ, সূৰ্য্য, শুক্ৰ, শনি, বৃক্ষ, সৰোবৰ, দাৰ, ব্ৰহ্মপুত্ৰ, সিন্ধু, শোণ ইত্যাদি।
সংক্ষেপত—ভাববাচ্যত হোৱা ঙ আৰু তদ্ধিতৰ ইমন্ প্ৰত্যয়ান্ত