দৰে, মানুহ+অৰ+পৰা=মানুহৰপৰা, লৰা+অৰ+পৰা = লৰাৰপৰা।
(ঙ) অ-কাৰান্ত আৰু অ-কাৰান্ত শব্দৰ পাচত প্ৰথমা বিভক্তিৰ এ গুচি ই হয়, ই ঈ এ ঐ বা ঋ-কাৰান্ত শব্দৰ পাচত য়ে হয়, উ উ ও বা ঔ-কাৰান্ত শব্দৰ পাচত ৱে হয়। শব্দৰ শেষত অকলশৰীয়া ই থাকিলে, আৰু তাত প্ৰথমা বিভক্তি হলে, সেই ই লোপ হয়, কিন্তু অকলশৰীয়া ঈ থাকিলে, সি লোপ নহয়। যেনে, গাধ+এ=গাধই, লৰা+এ=লৰাই।
আৰু যেনে, মুনি+এ= মুনিয়ে, নদী+এ=নদীয়ে, গোখ্লে+এ= গোখ্লেয়ে, তাৱৈ+এ= তাৱৈয়ে, পিতৃ+এ = পিতৃয়ে।
আৰু যেনে, সাধু+এ =সাধুৱে, বধূ+এ =বধূৱে, মলো+এ = মলোৱে, হলৌ+এ=হলৌৱে।
আৰু যেনে, বাই+এ=বায়ে, ককাই+এ = ককায়ে। কিন্তু দীঘল মুঈ+এ= দীঘল মুঈয়ে।
(চ) শব্দৰ শেষত অ-কাৰান্ত যুক্তাক্ষৰ থাকিলে, তাত প্ৰথমা বিভক্তিৰ এ কেতিয়াবা ই নহৈও থাকে, কিন্তু তেতিয়া যুক্তাক্ষৰৰ অ লোপ হয়। যেনে, কৃষ্ণ+এ = কৃষ্ণে বা কৃষ্ণই৷
(ছ) যি শব্দৰ শেষ ব্যঞ্জনৰ আগত অনুস্বাৰ থাকে, তাৰ শেষ ব্যঞ্জন যুক্তাক্ষৰৰ স্বভাৱ প্ৰাপ্ত হয়। তাতো প্ৰথমা বিভক্তিৰ এ কেতিয়াবা ই নহৈ থাকে, কিন্তু তেতিয়া শব্দৰ