সমললৈ যাওক

পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
বহল ব্যাকৰণ।

 ৬৪। বিড়াল শব্দৰ স্ত্ৰীলিঙ্গত দুটা ৰূপ, বিড়ালী আৰু বিড়লী।

 ৬৫। কোনো কোনো হ্ৰস্ব ই-কাৰান্ত শব্দ স্ত্ৰীলিঙ্গত কেৱল দীৰ্ঘ ঈ-কাৰান্ত হয়। যেনে, পুং সখি, ৰান্ধনি, মঙ্গলতি। স্ত্ৰী সখী, ৰান্ধনী, মঙ্গলতী।

 ৬৬। জাতি বুজুৱা শব্দৰ আগত মতা আৰু মাইকী শব্দ ব্যৱহাৰ কৰি বা পাচত টো আৰু জনী তদ্ধিত প্ৰত্যয় যোগ দি পুং স্ত্ৰী লিঙ্গ ভেদ কৰা যায়। যেনে, মতা মানুহ মাইকী মানুহ, মতা বাঘ মাইকী বাঘ, মতা ঘোৰা মাইকী ঘোৰা, মতা কুকুৰা মাইকী কুকুৰা, মতা মহ মাইকী মহ; বা মানুহটো মানুহজনী, ঘোৰাটো ঘোৰাজনী, কুকুৰাটো কুকুৰাজনী, মহটো মহজনী ইত্যাদি।

 ৬৭। ডাঙ্গৰ বলৱন্ত জন্তুৰ গোটেইটো জাতি বুজাবলৈ প্ৰায় পুংলিঙ্গৰ শব্দ ব্যৱহাৰ হয়। যেনে, মানুহ, হাতী, ঘোৰা, বাঘ, সিংহ ইত্যাদি। মানুহ মৰণশীল, চতুষ্পদী জন্তুৰ ভিতৰত হাতী ডাঙ্গৰ, বাঘৰ নিচিনা হিংসক আৰু সিংহৰ নিচিনা বলৱন্ত জন্তু নাই। এই উদাহৰণবিলাকত যদিও কেৱল পুংলিঙ্গৰ শব্দ ব্যৱহাৰ কৰা হৈছে, কিন্তু সেই শব্দে সিহঁতৰ গোটেইটো জাতিকে বুজাইছে।

 ৬৮। জন্তুটো মতা বা মাইকী বুলি প্ৰকাশ থাকিলে, সেই অনুসাৰে তাৰ পুং বা স্ত্ৰীলিঙ্গৰ ৰূপ ব্যৱহাৰ কৰা হয়।