প্ৰত্যয় ব্যৱহাৰ হয়। যেনে, বোৰ, বিলাক, হঁত সকল, লোক আৰু মখা। বহুবচনৰ প্ৰত্যয় পদৰ শেষত যোগ হয়। যেনে, লৰাহঁত, মানুহবিলাক।
২৪। বহুবচনৰ পদত, বিভক্তি বহুৰচনৰ প্ৰত্যয়ৰ পাচত যোগ হয়। যেনে, লৰাহঁতে, লৰাহঁতক, মানুহবিলাকে, মানুহবিলাকক ইত্যাদি।
২৫। বস্তুৰ পৰিমাণ আৰু সংখ্যা, দুয়োকো বুজাবলৈ বহুবচনত বোৰ আৰু বিলাক ব্যৱহাৰ হয়। যেনে, (পৰিমাণত) পানীবোৰ বা পানীবিলাক, চাউলবোৰ বা চাউলবিলাক; (সংখ্যাত) লৰাবোৰ বা লৰাবিলাক, ঘৰবোৰ বা ঘৰবিলাক।
২৬। মানুহ বুজুৱা শব্দৰ বহুবচনত, অনাদৰত, অৰ্থাৎ তুচ্ছ ভাৱ থকাত বা নথকাত বোৰ ব্যৱহাৰ হয়, আদৰত, অৰ্থাৎ তুচ্ছ কৰা ভাব নাথাকিলে, বিলাক ব্যৱহাৰ হয়। যেনে, চোৰবোৰ, ডকাইতবোৰ, কুলিবোৰ, লৰাবোৰ, মানুহবোৰ; কিন্তু (আদৰত) লৰাবিলাক, মানুহবিলাক, কুলিবিলাক, বামুণবিলাক, পণ্ডিতবিলাক। চোৰ বা ডকাইতবিলাক অসঙ্গত।
২৭। হঁত কেৱল মানুহ বুজুৱা শব্দৰ বহুবচনত, অনাদৰত ব্যৱহাৰ হয়, আৰু তেতিয়া বিশেষ কেইটামান মানুহক ইয়াত বুজায়। যেনে, লৰাহঁত, ছোৱালীহঁত, কুলিহঁত। ইয়াত কিছুমান বিশেষ লৰা, ছোৱালী বা কুলিক বুজাইছে বা সিহঁ-