পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬`
বহল ব্যাকৰণ।

 ৭। যিবিলাক প্ৰত্যয়ে ক্ৰিয়াত যোগ হৈ তাৰ কাল আৰু পুৰুষ নিৰ্দ্ধাৰণ কৰে, সিহঁতক ক্ৰিয়া-বিভক্তি বোলে।

 ক্ৰিয়া-বিভক্তিৰ কথা পাচত কোৱা যাব।

শব্দ-বিভক্তি।

 ৮। শব্দ-বিভক্তি সাত বিধ: – প্ৰথম, দ্বিতীয়, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী, আৰু সপ্তমী।

প্ৰথমা—এ
দ্বিতীয়া—অক
তৃতীয়া—এৰে, এদি, দ্বাৰা বা দ্বাৰায়
চতুৰ্থী—অলৈ, অক
পঞ্চমী—পৰা
ষষ্ঠী—অৰ
সপ্তমী—অত

 ৯। শব্দত বিভক্তি যোগ দিবৰ সাধাৰণ নিয়ম।

 (ক) ব্যঞ্জনান্ত শব্দত বিভক্তিৰ আদিৰ” অকলশৰীয়া স্বৰ শব্দৰ শেষ ব্যঞ্জনত যোগ হয়। যেনে, মানুহ+এ= মানুহে, মানুহ+অক = মানুহক, মানুহ+এৰে= মানুহেৰে, ইত্যাদি।

 (খ) স্বৰান্ত শব্দৰ পাচত প্ৰথমা বিভক্তিৰ বাজে আন বিভক্তিৰ আদিৰ অকলশৰীয়া স্বৰ লোপ হয়। যেনে, লৰা+