ভাষাৰ সৌষ্ঠৱ বঢ়াবলৈ কেতিয়াবা ক্কচিৎ সংস্কৃত ব্যাকৰণৰ নিয়ম অনুসৰি অসমীয়াতো নিৰ্জীব বস্তুৰ ওপৰত লিঙ্গ আৰোপ কৰা হয়। যেনে, নিষ্ফলা আশা, শস্যশালিনী ধৰিত্ৰী, কৃশাঙ্গী লতা ইত্যাদি। এই দৰে নিৰ্জীব বস্তুৰ লিঙ্গ ভেদ কৰা উদাহৰণ সাধাৰণ অসমীয়া কথাত কিছুমান চলিত আছে। যেনে, পুৱতী নিশা, বোৱতী নৈ, কানী সন্ধ্যা বা কানী গধূলি। ওপৰৰ কথাৰ পৰা বুজা যায় যে, অসমীয়া ভাষাত পুৰুষ বুজুৱা শব্দ পুংলিঙ্গ, স্ত্ৰী বুজুৱা শব্দ স্ত্ৰীলিঙ্গ আৰু যি শব্দে পুং স্ত্ৰী একো নুবুজায়, অৰ্থাৎ নিৰ্জীব বস্তুৰ নাম, ক্লীব লিঙ্গ হয়। কিন্তু সংস্কৃত ভাষাৰ নিচিনা অসমীয়াতো পুংলিঙ্গৰ শব্দত স্ত্ৰীপ্ৰত্যয় যোগ দি স্ত্ৰীলিঙ্গ কৰা হয়।
৫৩। অসমীয়াত স্ত্ৰী-প্ৰত্যয় দুটা, ঈ আৰু অনি।
৫৪৷ গুণ বুজুৱা আ-কাৰান্ত শব্দত, স্ত্ৰীলিঙ্গত প্ৰায় ঈ প্ৰত্যয় হয়, ঈ প্ৰত্যয় হলে, শব্দৰ অন্তত থকা স্বৰ লোপ হয়। যেনে, কলা—কলী, বগা—বগী, মেনা—মেনী, ফেঁটা—ফেঁটী, বুঢ়া—বুঢ়ী, পেটুলা—পেটুলী, ঠেহুলা—ঠেহুলী, কান্দুৰা—কান্দুৰী, হাগুৰা—হাগুৰী, মুতুৰা—মুতুৰী, দন্দুৰা—দন্দুৰী, কেটেঙ্গা--কেটেঙ্গী, নিছলা—নিছলী, মেমেৰা—মেমেৰী।
৫৫। ঈ প্ৰত্যয় হলে কোনো কোনো শব্দৰ শেষ ব্যঞ্জনৰ আগৰ ও মৰি উ হয়। যেনে, খোৰা—খুৰী, খোনা—খুনী, লোদোৰা—লুদুৰী, লোধোমা—লুধুমী।
৫৬। ঈ প্ৰত্যয় হলে কোনো কোনো শব্দৰ আদিৰ অ মৰি আ হয়। যেনে, অজলা—আজলী, অঁকৰা—আঁকৰী, বগৰা—বাগৰী, অন্ধলা—আন্ধলী, পগলা—পাগলী, ডফলা—ডাফলী।