হোৱা অৰ্থ নুবুজাই অন্য এক অৰ্থ বুজায়, সি ৰূঢ় শব্দ। যেনে, প্ৰহাৰ = প্ৰ-হৃ+ঘঞ। প্ৰ উপসৰ্গৰ অৰ্থ উত্তমৰূপে, হৃ ধাতুৰ অৰ্থ হৰণ কৰা,ঘঞ্ ভাববাচ্যৰ প্ৰত্যয়। ধাতু প্ৰত্যয় অনুসাৰে প্ৰহাৰ শব্দৰ অৰ্থ উত্তমৰূপে হৰণ কৰা, অৰ্থাৎ চুৰ কৰা বা ডকা দিয়া, কিন্তু তাৰ সেই অৰ্থ নহয়। প্ৰহাৰ বুলিলে মাৰ অৰ্থাৎ আঘাত বুজায়, আৰু সেই অৰ্থত শব্দটো ৰূঢ়, অৰ্থাৎ প্ৰসিদ্ধ, সি আৰু আন অৰ্থত ব্যৱহাৰ নহয়। যি শব্দে ধাতু প্ৰত্যয় মতে অনেক বস্তুক বুজাব লাগে, কিন্তু বুজায় কেৱল এটাক, তাক যোগৰূঢ় শব্দ বোলে। যেনে, পঙ্কজ শব্দৰ অৰ্থ হৈছে, বোকাত জন্ম। এই তাৰ ধাতু প্ৰত্যয় মতে হোৱা অৰ্থ। অৰ্থ মতে পঙ্কজ বুলিলে বোকাত হোৱা ভেঁট, উৎপল, পদুম, শেলুক,মোলান, চকা, মকুৱা আদি সকলোকে বুজাব লাগিছিল, কিন্তু শব্দটোৱে বুজায় মাথোন পদ্ম। সি এই অৰ্থতে ৰূঢ়। যি শব্দে কেৱল ধাতু প্ৰত্যয় মতে হোৱা অৰ্থকেহে বুজায়, সি যৌগিক শব্দ। যেনে, দাতা। দাতা =দা + তৃন্। দা- ধাতুৰ অৰ্থ দিয়া, তৃন্ কৰ্ত্তৃবাচ্যৰ প্ৰত্যয়। ধাতু প্ৰত্যয় অনুসাৰেই দাতা শব্দৰ অৰ্থ দিওঁতা, আৰু শব্দটোও সেই অৰ্থতে ব্যৱহাৰ হয়।
সংজ্ঞাবোধক বিশেষ্য পদৰ বচন।
২১। সংজ্ঞাবোধক বিশেষ্য পদৰ দুই বচন:—একবচন আৰু বহুবচন।
২২। এটাক বুজালে একবচন আৰু এটাতকৈ অধিকক বুজালে বহুবচন বোলে।
২৩। পদৰ বহুবচন বুজাবলৈ কেতবিলাক শব্দ বা