পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
বহল ব্যাকৰণ।

অক=লৰাক, লৰা+এৰে = লৰাৰে, লৰা+অলৈ = লৰালৈ, ইত্যাদি।

 (গ) তৃতীয়াৰ এৰে বিভক্তিৰ এ অ-কাৰান্ত আৰু আ-কাৰান্ত শব্দৰ পাচত লোপ হয়, ই ঈ ঋ এ ঐ-কাৰাদি স্বৰ অন্তত থকা শব্দৰ পাচতো লোপ হয় বা য়ে হয়, উ উ ও ঔ-কাৰাদি স্বৰ অন্তত থকা শব্দৰ পাচত লোপ হয় বা ৱে হয়।

 তৃতীয়াৰ এদি বিভক্তিৰ এ সকলো স্বৰান্ত শব্দৰ পাচত লোপ হয় বা অ-কাৰান্ত আৰু আ-কাৰান্ত শব্দৰ পাচত ই হয়, ই ঈ ঋ এ আৰু ঐ-কাৰান্ত শব্দৰ পাচত য়ে হয়, আৰু উ উ ও আৰু ঔ-কাৰান্ত শব্দৰ পাচত ৱে হয়। যেনে, পাৰ+এৰে = পাৰৰে, লৰা+এৰে = লৰাৰে, বালি+এৰে= বালিৰে বা বালিয়েৰে, চকু+এৰে = চকুৰে বা চকুৱেৰে, ইত্যাদি।

 আৰু যেনে, পাৰ+এদি= পাৰদি বা পাৰইদি, ঘোৰা+এদি= ঘোৰাদি বা ঘোৰাইদি, চকু+এদি=চকুদি বা চকুৱেদি, ইত্যাদি।

 (ঘ) তৃতীয়া বিভক্তিৰ দ্বাৰা বা দ্বাৰায়, আৰু পঞ্চমী বিভক্তিৰ পৰা যোগ হলে, শব্দৰ শেষত অৰ হয়, আৰু সেই অৰ বিভক্তি যোগৰ সকলো নিয়মৰ অধীন হয়। যেনে, মানুহ+অৰ+দ্বাৰা বা দ্বাৰায়= মানুহৰদ্বাৰা বা দ্বাৰায়, লৰা+অৰ+দ্বাৰা বা দ্বাৰায় = লৰাৰদ্বাৰা বা দ্বাৰায়। সেই