৩৫। সংজ্ঞাবোধক বিশেষ্যৰ তিনি লিঙ্গ: —পুংলিঙ্গ, স্ত্ৰীলিঙ্গ, ক্লীৱলিঙ্গ। পুৰুষ বুজালে পুংলিঙ্গ, স্ত্ৰী বুজালে স্ত্ৰীলিঙ্গ, আৰু স্ত্ৰী, পুৰুষ একো নুবুজালে ক্লীবলিঙ্গ।
কিছুমান সংজ্ঞা শব্দৰ লিঙ্গ অনুসাৰে ভিন্ ভিন্ ৰূপ হয়, কিন্তু অনেক পুংলিঙ্গবোধক শব্দক প্ৰত্যয় যোগ দি স্ত্ৰীলিঙ্গ কৰা যায়। ৩৬। যিবিলাক প্ৰত্যয় যোগ দি পুংলিঙ্গৰ শব্দক স্ত্ৰীলিঙ্গ কৰা হয়, সিহঁতক স্ত্ৰী প্ৰত্যয় বোলে। সংস্কৃতত স্ত্ৰী প্ৰত্যয় তিনটা:—তা, ঈ, আনী।
৩৭। জাতি আৰু গুণ বুজুৱা কেতবিলাক অ-কাৰান্ত শব্দত, স্ত্ৰীলিঙ্গত আ প্ৰত্যয় হয়। যেনে, শূদ্ৰ—শূদ্ৰা, বৈশ্য—বৈশ্যা, কুশ—কশা, ভদ্ৰ—ভদ্ৰা, কৃষ্ণ—কৃষ্ণা, কোকিল—কোকিলা।
৩৮। অক শেষত থকা শব্দত স্ত্ৰীলিঙ্গত আ প্ৰত্যয় হলে, অ-ক মৰি ইক হয়। যেনে, বালক—বালিকা, নায়ক—নায়িকা, গায়ক—গায়িকা, পাঠক—পাঠিকা, পাচক—পাচিকা ইত্যাদি।
৩৯। জাতি আৰু গুণ বুজুৱা কেতবিলাক অ-কাৰান্ত শব্দত, স্ত্ৰীলিঙ্গত ঈ প্ৰত্যয় হয়। যেনে, হংস—হংসী, সিংহ—সিংহী, ব্যাঘ্ৰ—ব্যাস্ত্ৰী, পাত্ৰ—পাত্ৰী, মৃগ—মৃগী, নদ—নদী, শৃগাল—শৃগালী, বৈষ্ণৱ—বৈষ্ণৱী, ব্ৰাহ্মণ—ব্ৰাহ্মণী, কুমাৰ—কুমাৰী, সুন্দৰ—সুন্দৰী, তৰুণ—তৰুণী, ইত্যাদি।
৪০। গুণ বা পদ বুজুৱা উ-কাৰান্ত শব্দত, স্ত্ৰীলিঙ্গত ঈ