৫৭। জাতি বা সম্বন্ধ বুজুৱা কেতবিলাক শব্দত স্ত্ৰীলিঙ্গত ঈ প্ৰত্যয় হয়। ঈ প্ৰত্যয় হলে, ইয়াতো ওপৰৰ সূত্ৰ মতে কোনো কোনো শব্দৰ অ আৰু ও মৰি আ আৰু উ হয়। যেনে, ঘোৰা—ঘুৰী, মহা—মাহী, খুৰা— খুৰী, পেহা—পেহী, ধেমেনা—ধেমেনী, শালিকা—শালিকী, ভেকোলা—ভেকুলী, বগুলা (বগ)—বগুলী। গুণ বুজুৱা কোনো কোনো শব্দতো তেনেকুৱা পৰিবৰ্ত্তন হয়। যেনে, কনা—কানী, খোনা—খুনী।
৫৮। কিছুমান ব্যঞ্জনান্ত শব্দত, স্ত্ৰীলিঙ্গত ঈ প্ৰত্যয় হয়, ঈ শব্দৰ শেষ ব্যঞ্জনত যোগ হয়। যেনে, বান্দৰ্—বান্দৰী, ছাগল্ (ছাগ)—ছাগলী, কাউৰ্ (কোৱা)—কাউৰী, টেঙ্গৰ্— টেঙ্গৰী, ধৈয়াল্—ধৈয়ালী, নিলাজ্—নিলাজী।
৫৯। জাতি, কুল বা পত্নী বুজুৱা প্ৰায় শব্দত, স্ত্ৰীলিঙ্গত অনী প্ৰত্যয় হয়। অনী প্ৰত্যয় হলে, ব্যঞ্জনান্ত শব্দত, প্ৰত্যয়ৰ অ শব্দৰ শেষ ব্যঞ্জনত যোগ হয়, অ-কাৰান্ত শব্দৰ পাচত প্ৰত্যয়ৰ অ লোপ হয়, ই, ঈ, এ আৰু ঐ-কাৰান্ত শব্দৰ পাচত প্ৰত্যয়ৰ অ মৰি য় হয়, উ, ঊ, ও আৰু ঔ-কাৰান্ত শব্দৰ পাচত প্ৰত্যয়ৰ অ মৰি ৰ হয় আৰু ঈ-কাৰান্ত শব্দৰ ঈ হ্ৰস্ব হয়। যেনে,
জাতি⸺হিন্দু—হিন্দুৱনী, বন্ধু—বন্ধুৱনী, গাৰো—গাৰোৱনী, কপৌ—কপৌৱনী, মিৰি—মিৰিয়নী, খাচিয়া—খাচিয়ানী, অসমীয়া—অসমীয়ানী, শিয়াল—শিয়ালনী, কুকুৰ—কুকুৰণী ( শিয়ালী আৰু কুকুৰীও হয় )।