এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
বহল ব্যাকৰণ।
(ং) অনুস্বাৰান্ত শব্দ—ডাং।
| বিভক্তি | একবচন | বহুবচন | ||
| প্ৰথমা | ডাঙে | ডাংবিলাকে | ||
| দ্বিতীয়া | ডাঙক | ডাংবিলাকক | ||
| তৃতীয়া | ডাঙেৰে ডাঙেদি |
ডাংবিলাকেৰে ডাংবিলাকেদি | ||
| চতুৰ্থী | ডাঙলৈ ডাঙক |
ডাংবিলাকলৈ ডাংবিলাকক | ||
| পঞ্চমী | ডাঙৰ পৰা | ডাংবিলাকৰ পৰা | ||
| ষষ্ঠী | ডাঙৰ | ডাংবিলাকৰ | ||
| সপ্তমী | ডাঙত | ডাংবিলাকত |
⸻
সংজ্ঞাবোধক বিশেষ্য আৰু বিশেষ্যৰূপে ব্যৱহাৰ
হোৱা পদৰ লিঙ্গ।
৩৪। যিহৰ দ্বাৰায় স্ত্ৰী পুৰুষ ভেদ বুজা যায়, তাক লিঙ্গ বোলে।