১৫। যি বিশেষ্য পদে সংজ্ঞা, অৰ্থাৎ কোনো প্ৰাণীৰ বা বস্তুৰ নাম বুজায়, তাক সংজ্ঞাবোধক বিশেষ্য বোলে।
১৬। সংজ্ঞাবোধক বিশেষ্য দুবিধ:–সাধাৰণ সংজ্ঞাবোধক বিশেষ্য আৰু বিশেষ সংজ্ঞাবোধক বিশেষ্য।
১৭। যি বিশেষ্য পদে সাধাৰণ সংজ্ঞা, অৰ্থাৎ প্ৰাণীৰ বা বস্তুৰ সাধাৰণ নাম বুজায়, তাক সাধাৰণ সংজ্ঞাবোধক বিশেষ্য বোলে। যেনে, জুই. পানী, নদী, পৰ্ব্বত, গছ, লতা, গৰু, ঘোৰা, চন্দ্ৰ, সূৰ্য্য, আকাশ, পৃথিবী, মানুহ, ইত্যাদি।
১৮। যি বিশেষ্য পদে কোনো এক বিশেষ সংজ্ঞা, অৰ্থাৎ কোনো এক বিশেষ প্ৰাণীৰ বা বস্তুৰ নাম বুজায়, তাক বিশেষ সংজ্ঞাবোধক বিশেষ্য বোলে। যেনে, আসাম, ব্ৰহ্মপুত্ৰ, নীলাচল, গোপাল, ইত্যাদি।
১৯। যি বিশেষ্য পদে কোনো গুণ বুজায়, তাক গুণবোধক বিশেষ্য বোলে। যেনে, সৌন্দৰ্য্য, মাধুৰী, লৰালি, পণ্ডিতালি, বেজালি ইত্যাদি।
২০। যি বিশেষ্য পদে কোনো কাৰ্য্য বুজায়, তাক ক্ৰিয়াবোধক বিশেষ্য বোলে। যেনে, শয়ন, ভোজন, পিন্ধন, উৰণ, ফুৰণি, ঘূৰণি, খজুৱতি, ইত্যাদি।
কোনো কোনো বৈয়াকৰণৰ মতে শব্দ দুবিধ :– অব্যয় আৰু সব্যয়। যি শব্দত বিভক্তি যোগ নহয়, সি অব্যয় আৰু যি শব্দত বিভক্তি যোগ হয়, সি সব্যয় শব্দ। সব্যয় শব্দ আকৌ তিনি বিধ :- ৰূঢ়, যোগৰূঢ় আৰু যৌগিক। যি শব্দে ধাতু প্ৰত্যয়ৰ পৰা উৎপন্ন