নামতী-আই

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ প্ৰথম পৃষ্ঠা ]

নামতী-আই।

৺দিবাকৰ দুৱৰাৰ দ্বাৰা সংগৃহীত।

শ্ৰীশিৱনাথ ভট্টাচাৰ্য্য দ্বাৰা
প্ৰকাশিত।
ডিব্ৰুগড়।

তৃতীয় তাঙ্গৰণ।

 

কলিকাতা
৬নং কলেজ-স্কোয়ার "সাম্য-যন্ত্ৰত”
শেখ আবদুল লতিফ দ্বাৰা
ছপা কৰা হ'ল

১৯১১

[ ভূমিকা ]
 

প্ৰাৰ্থনা।

 বিয়াৰ নাম ভাগ ভাগ কৈ দি নামৰ যাতো বেলেগ্‌ বেলেগ্‌ দিয়া হৈছে, যদি কোনৱে সেই নামত সেই জাত লগাই ভাল নেপাই অনুগ্ৰহ কৰি তেওঁবিলাকে “নামতী আইক” দোষ নিদি নিজে ভাল পোৱা জাতেৰে যেন সেই নাম গায় ইতি।

নিবেদক  
শ্ৰীদিবাকৰ দুৱৰা।  

 এই পুথি খনি মই বহুত পুৰুষাৰ্থেৰে সংগ্ৰহ কৰি ইয়াৰ উপযুক্ত মূল্য লৈ ডিব্ৰুগড় নিবাসী শ্ৰীযুক্ত শিৱনাথ ভট্টাচাৰ্য্য মহাশয়ক ইয়াৰ স্বত্ব বিক্ৰি কৰিলোঁ। এই পুথিত মোৰ নামৰ বাজে আৰু কোনো প্ৰকাৰৰ স্বত্ব নেথাকিল ইতি।

ডিব্ৰুগড়,
১ লা নবেম্বৰ ১৮৯৮।
শ্ৰীদিবাকৰ দুৱৰা
 

[ পাতনি ]
 

পাতনি।

 আজি কালি আমাৰ দেশত, বিয়া হলে বােৱাৰী ও জিৱৰী বিলাকে নামতীৰ অভাবে, নাম গােৱাত আহকাল পাই বিয়ালৈকে নােযােৱা হৈছে, সেই দেখি তেওঁবিলাকৰ সেই দুখ দুৰ কৰিবৰ নিমিত্তে অতি আগ্ৰহ কৰি ছাপা কৰাই এই নামতী আই আগ বঢ়ালাে। যদি সকলােৱে মৰম কৰি তেওঁক ওচৰ চপাই লৈ কোনো এখন বিয়াত বহে, বােধ কৰোঁ তেওৰ সহায়তে আপােনালােকে ঝাত্ ঝাত্‌ কৰি মিঠা সুৰেৰে নাম গাই সভা মােহিত কৰিব পাৰিব। নামৰ জাত বা বিয়া নাম শিকিবলৈ কাৰো ওচৰলৈ যাব নেলাগে এই নামতী আইৰ সহায় ললেই বিয়াৰ নাম শিকিব পাৰিব। নামতী আইয়ে আপােনালােকৰ একে সাৰিত বহিবলৈ পালেই মােৰ পৰিশ্ৰমৰ সার্থক হল বুলি ভাবিব পাৰিম। ইতি
একান্ত বাধ্য
শ্ৰীদিবাকৰ দুৱৰা।

[ সূচীপত্ৰ ]

বিষয়।
—:★:—

“নামতী আইয়ে” কি কি জানে চাওক— পৃষ্ঠাঙ্ক।
১। নোৱাই তোলনি বিয়াৰ নাম ...
২। জোৰণ পিন্ধোৱা নাম ...
৩। মূৰত তেল দিয়া নাম
৪। পানী তুলিবলৈ যোৱা নাম
...
৫। পানী তুলি উভতি আহোঁতে গোৱা নাম ...
৬। ছালত পানী দিয়া নাম ... ১১
৭। মৰললৈ সোমোৱা নাম
৮। নোৱনি ঘৰলৈ যোৱা নাম
... ১২
৯। নোৱনি ঘৰত গোৱা নাম ... ১৩
১০। মূৰত চাউল দিয়া নাম ... ১৮
১১। মৰলত বহি গোৱা নাম ... ২০
১২। গাঠিয়ন খুন্দা নাম ... ৩৮
১৩। দৈয়ন দিয়া নাম ... ৪০
১৪। দৰা সজাওঁতে গোৱা নাম ... ৪১
১৫। দৰা ওলাই আহোঁতে গোৱা নাম ... ৪৩
১৬। দৰা আহোঁতে বাটত গোৱা নাম ... ৪৫
১৭। কলৰ গুৰিত গোৱা নাম ... ৫০
১৮। দৰা আদৰিবলৈ যোৱা নাম ... ৫১
১৯। সুৱাগুৰি তুলিবলৈ যোৱা নাম ... ৫২
২০। হোমৰ সভালৈ যোৱা নাম ... ৫৩
২১। হোমৰ সভাত গোৱা নাম ... ৫৫
২২। মুখ চান্দলি ভঙ্গা নাম ... ৬৫
২৩। যোৰা নাম ... ৬৬
২৪। দৰা ভিতৰলৈ যোৱা নাম ... ৬৯
২৫। কটাৰি সলাওঁতে গোৱা নাম ... ৭০
২৬। দৰা ও কন্যা ঘৰলৈ উভতি আহোঁতে গোৱা নাম ৭১

[ সূচীপত্ৰ ]

বিষয়।
—:★:—

“নামতী আইয়ে” কি কি জানে চাওক— পৃষ্ঠাঙ্ক।
১। নোৱাই তোলনি বিয়াৰ নাম ...
২। জোৰণ পিন্ধোৱা নাম ...
৩। মূৰত তেল দিয়া নাম
৪। পানী তুলিবলৈ যোৱা নাম
...
৫। পানী তুলি উভতি আহোঁতে গোৱা নাম ...
৬। ছালত পানী দিয়া নাম ... ১১
৭। মৰললৈ সোমোৱা নাম
৮। নোৱনি ঘৰলৈ যোৱা নাম
... ১২
৯। নোৱনি ঘৰত গোৱা নাম ... ১৩
১০। মূৰত চাউল দিয়া নাম ... ১৮
১১। মৰলত বহি গোৱা নাম ... ২০
১২। গাঠিয়ন খুন্দা নাম ... ৩৮
১৩। দৈয়ন দিয়া নাম ... ৪০
১৪। দৰা সজাওঁতে গোৱা নাম ... ৪১
১৫। দৰা ওলাই আহোঁতে গোৱা নাম ... ৪৩
১৬। দৰা আহোঁতে বাটত গোৱা নাম ... ৪৫
১৭। কলৰ গুৰিত গোৱা নাম ... ৫০
১৮। দৰা আদৰিবলৈ যোৱা নাম ... ৫১
১৯। সুৱাগুৰি তুলিবলৈ যোৱা নাম ... ৫২
২০। হোমৰ সভালৈ যোৱা নাম ... ৫৩
২১। হোমৰ সভাত গোৱা নাম ... ৫৫
২২। মুখ চান্দলি ভঙ্গা নাম ... ৬৫
২৩। যোৰা নাম ... ৬৬
২৪। দৰা ভিতৰলৈ যোৱা নাম ... ৬৯
২৫। কটাৰি সলাওঁতে গোৱা নাম ... ৭০
২৬। দৰা ও কন্যা ঘৰলৈ উভতি আহোঁতে গোৱা নাম ৭১

[  ]

নামতী-আই।

(১) নোৱাঁই তোলনি বিয়াৰ নাম।

হাতি কৰে  ডোল্‌ ডোপ্‌
 ঘোঁৰাৰ সঞ্ছাৰ৷
বাণ ৰজাৰ ঘৰে আজি
 কিহৰে জঞ্জাল।
অলপ ম -তিয়া উষা
 হইছে কন্যা কাল।
বাণ ৰজাৰ ঘৰে আজি
 নকৰা জঞ্জাল॥

 সালত এড়িল
 ছেলেং সাতে কাঠি
ঐ ৰাম!  জটৰত এৰিলা পাঁজি হে।
 এইনো সাত দিনে
 কি বন কৰিলা
ঐ ৰাম!  কোচত পানী লৰা বান্ধি হে৷
 আবেলি বেলিকা
 কনাই নুলিয়াবা
ঐ ৰাম!  ছিলাই থাপে মাৰি নিব হে।

[  ]

 ছিলাই থাপে মাৰি
 মদাৰত তুলিব
ঐ ৰাম!  বুঢ়ীমাক মৰিব কান্দি হে।
 এজনী বুঢ়ী মাক
 লেৰেলী ঠেৰেলী
ঐ ৰাম! এজনী বুঢ়ীমাক কলী হে।
 আইটীৰ বিয়ালৈ
 আখৈ ভাজিবলৈ
ঐ ৰাম! আনে গজ পুৰৰ বালি হে।
 গজে গজ পুৰত
 বগাই ৰঙ্গে পুৰত
ঐ ৰাম ! পেলাই গুৱাহাটিত কলি হে।
 আখৈ ধান সাঁচিলে
 টোপােলা টোপােলে
ঐ ৰাম! মাৰে জীয়েৰে খাবা হে।
 ধানৰে বাখৰু
 জয়মতী গাভৰু
ঐ ৰাম! কিয় অতপালি হলা হে।
 দ্বাৰাকাৰ কৃৃষ্ণৰ
 কপাল হল মুকলি
ঐ ৰাম! অলপত কন্যাকাল হলা হে।
 কতক কনাই কোলা
 লােৱা অই আইটী
ঐ ৰাম! গােহালী সাজিব কোনে হে।

[  ]

  বহুত অঞ্জলিয়া
  পৈয়েৰ ধেমেলীয়া
ঐ ৰাম। আৰ্জ্জি পুহিব কোনে হে।
  কনাই কোলা লঁৱতী
  থপৰাই বহঁতি
ঐ ৰাম। কনাই লৈ আনিছ কিয়ে হে।
  কনাই লৈ আধলি
  মাকলৈ মাদলি
ঐ ৰাম। ৰাইজলৈ তামোল পান লাগে হে!
 থুপি থুপি   নেমুটেঙ্গা
   বজাৰৰে লোন।
 আমাৰ আইদেওক   সজাই থৈছে
   যেনে পূৰ্ণিমাৰ জোন॥


(২) জোৰণ পিন্ধোৱা নাম।

ইয়ে ৰাধা! কি মনি সাজেৰে
ইয়ে ৰাধা! কি মনি আনিছা
ৰুক্মিণী অ দেও! লই আহা বাছি পিন্ধাও।
ইয়ে ৰাধা! সোনাৰি সালতে
ইয়ে ৰাধা! সাদিন টিকে টিকাই
ৰুক্মিণী অ দেও! আইদেওৰ হাতলৈ খাৰু।
ইয়ে ৰাধা! মনতে অসন্তোষ
ইয়ে ৰাধা! নকৰা আইদেও
ৰুক্মিণী অ দেও! তুমি হবা আলাসৰ লাৰু॥

[  ]

ইয়ে ৰাধা! সুবৰ্ণৰ খাটতে
ইয়ে ৰাধা! আইদেও শুইয়াছে
ৰুক্মিণী অ দেও! ই কথা মনতে নাই।
ইয়ে ৰাধা! লাখৰ বাখৰ কৰি
ইয়ে ৰাধা! আইটীৰ বাইদেউক
ৰুক্মিণী অ দেও! লাহেকৈ যগোৱা গই॥
ইয়ে ৰাধা! মাৰৰ অলঙ্কাৰ
ইয়ে ৰাধা! থোৱা ঐ আইটি
ৰুক্মিণী অ দেও! ককাই দেওৰ অলঙ্কাৰ থোৱা
ইয়ে ৰাধা! তোমাৰ নিজ ঘৰৰ
ইয়ে ৰাধা! অলঙ্কাৰ আনিছে
ৰুক্মিণী অ দেও! হাত কৰ যোৰেকৈ লোৱা।
ইয়ে ৰাধা! ভেকুৰি গছতে
ইয়ে ৰাধা! মেকুৰি উঠিলে
ৰুক্মিণী অ দেও! ছনকাই ভাগিলে ডাল।
ইয়ে ৰাধা! আইদেওৰ হাতলৈ
ইয়ে ৰাধা! কি খাৰু আনিছা
ৰুক্মিণী অ দেও! ঢেকিৰ গুল দিবলৈ ভাল॥
ইয়ে ৰাধা! ওপৰৰ কুৰুৱাই
ইয়ে ৰাধা! আনে ৰৌ মাছ
ৰুক্মিণী অ দেও! তললৈ পেলালে ফিছা।
ইয়ে ৰাধা! জোৰোনত দিছেহি
ইয়ে ৰাধা! মুগাৰে মেখেলা
ৰুক্মিণী অ দেও! সমাজ পাই মাতিব মিছা॥

[  ]

ইয়ে ৰাধা! ছোতালৰ আগৰে
ইয়ে ৰাধা! মিঠা আম এজুপি
ৰুক্মিণী অ দেও! বাকলি গুছাইয়ে খাবা।
ইয়ে ৰাধা! দোষ দায় কৰিব
ইয়ে ৰাধা! দৰাৰ মাক ক্ষমিবা
ৰুক্মিণী অ দেও! মাকৰ মুখলৈ চাই॥
ইয়ে ৰাধা! শুনিবা শুনিবা
ইয়ে ৰাধা! দৰাৰে মাকে
ৰুক্মিণী অ দেও! আইদেওৰ ব্যবস্থা কওঁ।
ইয়ে ৰাধা! তাঁতত হালে জালে
ইয়ে ৰাধা! শৰাইত ফুলে গাঁথে
ৰুক্মিণী অ দেও! তাকেহে আইদেও পাৰে॥
ইয়ে ৰাধা! টান বন নিদিবা
ইয়ে ৰাধা! লঘোনে নথবা
ৰুক্মিণী অ দেও! চেচুকৰ ডেম ডেউকা।
ইয়ে ৰাধা! চাৰি ভাইৰ মাজৰে
ইয়ে ৰাধা! চেনেহৰ আইদেউ
ৰুক্মিণী অ দেও! নেখাই দোৱা ভজা ছিৰা॥
ইয়ে ৰাধা! শুকান পিঠা গুৰি
ইয়ে ৰাধা! চালিব নোৱাৰে
ৰুক্মিণী অ দেও! হাতৰ পানী জোলা বান্ধে।
ইয়ে ৰাধা! লোকৰ মাতে কথা
ইয়ে ৰাধা! শুনিব নোৱাৰে।
ৰুক্মিণী অ দেও! আপুনি স্বয়ং হৈ থাকে॥

[  ]

ইয়ে ৰাধা! আমাৰ আইদেউ
ইয়ে ৰাধা! নিছেই কুমলীয়া
ৰুক্মিণী অ দেও! নিছেই কল পাতৰ থুৰি।
ইয়ে ৰাধা! আটিব নোৱাৰে
ইয়ে ৰাধা! চাটোনৰ মেখেলা
ৰুক্মিণী অ দেও! বান্ধিব নেজানে চুলি।


(৩) মূৰত তেল দিয়া নাম।

  দালিম থিয় কৰি
  মূৰত তেল দিবা
ঐ ৰাম! সুগন্ধ মালতীৰ হাতে হে।
  তেলে চিকে মিকাই
  চিকন ঐ আইদেও
ঐ ৰাম! আৰু চিকে মিকাই হাতে হে।

(৪) পানী তুলিবলৈ যোৱা নাম।

ওলাই আহা   শশী প্ৰভা
  ৰাজাৰ মহা দৈ।
শুভ ক্ষণে   যাত্ৰা কৰি
  জল আনো গৈ॥
কাৰে ঘণ্টা   লোৱা ৰাধা
  মুয়ে লোৱা মালা।

[  ]

(ক) যমুনা লৈ   যাব লাগে
  নকৰিবা হেলা।
বাটে বাটে   ফুলি আছে
  কেতেকী বকুল।
চলিব নোৱাৰে   ৰাধাই
  পাৱত নেপূৰ॥
বাটে বাটে   জোমা জুমি
  চোৱা গোপীলোক।
কোন খনি   বৃন্দা বন
  চিনাই দিয়া মোক॥



  ৰত্নৰ কলসী
  দশমে মলসী
ঐ ৰাম! লই যোৱা আচলে ঢাকি হে।
  আগত গইছে
  গায়নে বায়নে
ঐ ৰাম। পাছত গইছে ভাৰী হে।
  মাজত গইছে
  দ্ৰুপদ জিয়াৰী
ঐ ৰাম! পাণ্ডুৰ নিজা বোৱাৰী হে।
  দূৰৈকৈ পুখুৰী
  খনালা আই দেউ
ঐ ৰাম! বন্ধালা সেন্দুৰী আলি হে।

[  ]

  তাৰ **পাশে
  কদম ৰুই গলা
ঐ ৰাম! তাৰ মাজে বকুলৰ সাৰী হে।
  যাওঁ বেগ ধৰি
  নেপাও হাত মেলি
ঐ ৰাম! কতবা যমুনা নৈ হে।
  যমুনাৰে জল
  কৰে টল বল
ঐ ৰাম! আছে বকুল তলে ৰই হে।
  যমুনাৰ বালি পাই
  তধাদি আছে চাই
ঐ ৰাম! তোলোঁ কোন ঘাটে পানী হে।
  যদি ধুকি পাও
  তাৰে তুলি নিওঁ
ঐ ৰাম! যমুনা সাগৰৰ পানী হে।
  দূৰকৈ পুখুৰী
  খনালা আইটি
ঐ ৰাম! পাৰত ৰোৱাই গলা জৰা হে।
  ৰাধাই পানী তোলে
  উঠিব নোৱাৰে
ঐ ৰাম! নমাই দে পাৰলী ধোবা হে।



(খ) মথুৰা ঘাটক লাগি ৰাধা চলি যায়।
বাট ভোট ধিলা খেদে নন্দেৰ কানাই॥

[  ]

নুঠিবা নাৱত ৰাধা, কানাইৰ ভগা নাওঁ।
ক’ত থবা দধি ভাণ্ড, ক’ত থবা পাও॥
যমুনাৰ ঢৌ দেখি, ৰাধাৰ কঁপে হিয়া।
ঘাটে নাওঁ চপাই দিয়া অ! বিনন্দিয়া॥
ইফালৰে চাক নৈয়া, সিফালৰে ঢৌ।
তামৰ কলসী ৰাধা, ভৰিল নে নৌ॥
জললৈ নেনামে টেঙ্গৰী যশোদা
  নাগে হৰি নিয়ে বুলি এ
  জল এৰি দিয়া হৰি এ
  লই যাওঁ কলসী ভৰি এ

(৫) পানী তুলি ওভতি আহোঁতে গোৱা না

জয়! গঙ্গাত জল মাগি,
জয়! কি মায়া দেখিলা,
জয়! ৰৈ বসুদেৱে শোধে
জয়! জল ভৰি যশোদা,
জয়! পাছলৈ নেচাবা,
জয়! সাগৰ আহিব ভাগি।
জয়! সাগৰো ভাগিব,
জয়! জগৰো লাগিব,
জয়! লোকৰ ধৰমীয়া বিয়া।
জয়! গঙ্গাত জল মাগি,
জয়! আনিছোঁ আইটী,
জয়! লোৱাহি আঁচলে পাতি।

[ ১০ ]

জয়! লগাই থৈ আহিলোঁ,
জয়! সোণৰ মুঠি গছা,
জয়! এতিয়াই আহোগৈ বুলি।
জয়! জল কুৱৰীয়ে,
জয়! এৰি নপঠিয়াই,
জয়! মোকো লই যোৱা বুলি।
জয়! চাঁতে ফুলিলে,
জয়! বালি বাবৰি,
জয়! আহোঁতে ফুলিলে জৰা।
জয়! ছকুৰি গোপিনী,
জয়! আহে পানী তুলি,
জয়! ভৱ সাগৰৰ পৰা
জয়! বতাহত মাৰলি,
জয়! ভাগিল হৰি হৰি,
জয়! বতাহত মাৰলি ভাগিল।
জয়! ৰং যেন দেখিলা,
জয়! গায়নক মাতিলা,
জয়! গায়নৰ কি জগৰ লাগিল
জয়! কৰ্দৈ চকলা
জয়! পাতে ভৰা ভৰা,
জয়! কৰ দৈ চকলা পাত।
জয়! ৰুপৰ চকলা,
জয়! দিবলই কোৱাগৈ,
জয়! ঢুলিয়াই নিদিয়ে বাট।

[ ১১ ]

জয়! ঢাপৰ থেৰেজু।
জয়! টেঙ্গা হৰি হৰি,
জয়! ঢাপৰ ঠেৰেজু টেঙ্গা।
জয়! খৰকৈ যোৱাগৈ,
জয়! দেউতাক কোৱাগৈ,
জয়! মাৰকহি গায়নৰ জেঙ্গা।
জয়! আইটীৰ পধুলি,
জয়! ওখোৰা মোখোৰা
জয়! গায়নৰ নচলে ভৰি।
জয়! আনা কোৰ খনি,
জয়! দিয়া সমান কৰি,
জয়! গায়নে চলায় যত ভৰি।


(৬) ছালত পানী দিয়া নাম।

  ছালত পানী দিবা,
  ধাৰ নিচিঙ্গিবা,
ঐ ৰাম! অতি সাবধান হবা হে।
  ছালত পানী দিবা,
  নিয়ম কৈ সোমাবা,
ঐ ৰাম! মৰল চাই টেকেলি থবা হে।


[ ১২ ]

(৭) মঁৰললৈ সোমোৱা নাম।

  পাঁচ বৰণীয়া,
  পাচুটি টেকেলী,
ঐ ৰাম! ঘিলা বৰণীয়া পানী হে।
  আউদেউ সুধিলে,
  কৰা কি এ বুলি,
ঐ ৰাম! ডিব্ৰুনইৰে পানী হে।
  দুৱাৰ মেল দুৱৰি
  অৰ্জ্জুন কুৱৰী
ঐ ৰাম! দুৱাৰত ঘুনুছা জৰি হে।
  শিলৰ পাটে দুৱাৰ,
  মেলাগৈ ঘৰিণী,
ঐ ৰাম! কলসী ভিতৰে কৰো হে।
  গঙ্গাত জল মাগি,
  আনিছোঁ আইদেউ,
ঐ ৰাম! লোৱাহি মাথা দোঁৱাই হে।


(৮) নোৱনি ঘৰলৈ যোৱা নাম

ওলাই আহা আইদেৱে
মাটিত মঙ্গল চাই।
গণকে গণিতা কৰে
ক্ষণ চৰি যায়॥

[ ১৩ ]

ওলাই আহা আইদেৱে
আঙ্গুলিক লেখি
প্ৰজা সকল ৰই আছে
তোমাক নেদেখি॥
ওলাই আহা আইদেৱে,
দুৱাৰ দলিৰ বাজ।
ঘৰতে নোৱাব লাগে
নকৰিবা লাজ॥
ওলাই আহা আইদেৱে
কদমতে ধৰি।
নোৱাবলৈ ৰই আছে
কৌশল্যা সুন্দৰী॥



  বৃন্দাবনৰ মাজে
  আইদেউ চলি যায়,
ঐ ৰাম! থমকে থমকে পাৱ চলাই।
  চিত্ৰ মুনিৰ পুত্ৰ
  আমি চিনা নাই
ঐ ৰাম! মোহন মুৰুলি বাংশী বজাই।



(৯) নোৱনি ঘৰত গোৱা নাম।


অ! হৰি চম্পাৰ কলি
  মোলান পৰে গাত

[ ১৪ ]

নেমাৰিবা নেমাৰিবা
দই পানীৰ চাট॥
আচলতে ধৰি মাৰে
ঘূৰে পঞ্চ বাৰ।
অভিমান নকৰিবা
বেদৰ ব্যৱহাৰ॥



  বেইতে ঘুৰোঁতে
  ফুৰনি ধৰিলে
ঐ ৰাম! সোমাই বৰপিৰাত বহে হে।
  জীয়েকৰ আচলত
  মাকে ধৰিছে
ঐ ৰাম! ই জনী কি লাহত ঘুৰে হে।



  প্ৰথমতে মুঠা দিবা
অ! সখি মাহ শিৰত।
  হালধিত তেল দিবা
অ! সখি বহিবা গাৱত
  হালধি বাটিলে কোনে
অ! সখি খৰচিয়া হল।
  শিতলীয়া গাৱ পাই
অ! সখি পিছলিয়া গল

[ ১৫ ]

জাতি চন্দন ৰে
এছাতি মাৰিবা
থাকিব মলে মলাই ৰাম জানকী।
কেলেই ঘহিছা
কেতুৰি হালধি
আপুনি কেতেকী পাহি ৰাম জানকী।
মাৰৰ হালধি
থোৱা কাতি কৰি
দেউতাৰৰ হালধি থোৱা ৰাম জানকী।
তোমাৰ নিজৰ গুৰুৰ
হালধি আনিছে
তাকে ঘহিবলৈ লোৱা ৰাম জানকী।
আগলি পাততে
ৰাঙ্গলি হালধি
বহে মৰাচালি কৰি ৰাম জানকী।

ভৰিলৈ ননমাই
মাকৰ মান হৰাই বুলি ৰাম জানকি।
এটা বাটিতে
মাহে হালধী
এটা বাটিতে দৈ ৰাম জানকী।
হৰক নোৱাবলই
গৌৰী আহিছে
মূৰত ওৰণী লই ৰাম জানকি।

[ ১৬ ]

অতি চেনেহৰে
মাকে নোৱাইছে
ওপৰে বনাইছে চিলা ৰাম জানকী।



আইদেউৰ পধুলিতে, হালি আহে নল।
কলহে কলহে ধালে, যমুনাৰে জল॥
দেউতাৰ ঢাপত আছে, পাৰদ মণি তিতা।
এতেবেলি নোৱাই আছে কুমলিয়া সীতা॥
মেঘৰ বৰণ শ্যাম তনু, দিগম্বৰ ভেশ।
পিঠিত পৰিয়া আছে, আউল জাউল কেশ॥
বহি আছে আইদেৱে, মেলি আছে চুলি।
শৰ ধনু ধৰি আছে, হৰি নিয়ে বুলি॥
স্নান কৰি আইদেৱে দুৰ্গাত মাগে বৰ।
জন্মে জন্মে মোৰ স্বামী হোক দামোদৰ।
স্নান কৰি আইদেৱে কঁপে থৰ থৰি।
পেলাই দিয়া পাট বস্ত্ৰ, পিন্ধক লাহে কৰি॥
স্নান কৰি আইদেৱে গোপিণীলৈ চাই।
চেনেহৰ মাকৰ মনে, অনেক খেলাই॥
স্নান কৰি আইদেৱে মূৰত দি হাত।
স্বৰ্গৰ পৰা ইন্দ্ৰ আহি কৰে আশীৰ্ব্বাদ॥



ৰাম ৰাম। জাৰে কপাই হিয়া
ৰাম ৰাম। কিনো ৰঙ্গ চোৱা
ৰাম ৰাম। বস্ত্ৰ দি আবৰি আনা।

[ ১৭ ]

ৰাম ৰাম।  গা চাই গামোছা
ৰাম ৰাম।  আনাগই লিগিৰী
ৰাম ৰাম।  ককাল চাই মেখেলা আনা।
ৰাম ৰাম।  মুখে চাই আৰছি
ৰাম ৰাম।  আনাগই বানেছি
ৰাম ৰাম।  দাপোন চাই মেলাগই চুলি।
ৰাম ৰাম।  চুলিও নেমেলে
ৰাম ৰাম।  চন্দনো নিপিন্ধে
ৰাম ৰাম।  সতৰ ফোঁট নলৱে বুলি।
ৰাম ৰাম।  গা ধুই আইটী
ৰাম ৰাম।  মাকক সুধিলে
ৰাম ৰাম।  মোলৈ কি এ সাজ আছে।
ৰাম ৰাম।  চাঁতে শুকুৱা
ৰাম ৰাম।  মুঠিতে লুকুৱা
ৰাম ৰাম।  তোমালৈ সেই সাজ আছে।
ৰাম ৰাম।  গা ধুই উঠিয়েই
ৰাম ৰাম।  দেউতাক সুধিলে
ৰাম ৰাম।  কি ফুল পিন্ধিব পাই।
ৰাম ৰাম।  সেউতী নিপিন্ধো
ৰাম ৰাম।  মালতী নিপিন্ধো।
ৰাম ৰাম।  নিপিন্ধো খৰিকা জাঁই।
ৰাম ৰাম।  সাগৰৰ মাজতে
ৰাম ৰাম।  আছে পাৰিজাত
ৰাম ৰাম।  তাকে আনি দিওঁতা নাই।

[ ১৮ ]

ৰাম ৰাম।  দেউতা বিষয়া
ৰাম ৰাম।  দিলে নাওঁ বঠা
ৰাম ৰাম।  পাৰিজাত বিচাৰি যাওঁ।




(১০) মূৰত চাউল দিয়া নাম


(ক) আজুনন্দ নন্দ ঘৰে।
 পূৰ্ণ ব্ৰহ্ম জন্ম ধৰে।
 ঘাগুৰ গুৰ গুৰ সঘন বাজে।
 কত মন মঠ দেখি লাজে।
 গোপিণী মিল মিল নেত্ৰ ছৰে
 দধি দুগ্ধ খেলৰে।
 মুৰত চাউল দিবা।
 আশীৰ্ব্বাদ কৰা।
 সুমঙ্গল বসতি হোক এ।



﴾খ﴿ আগত দিয়া পাছত দিয়া
 পঞ্চ আয়টীয়ে ৰাম ৰাম
 পঞ্চ আয়টী এ।
 দুৰ্ব্বা ঘাটে পানী তোলে।
 যশোদা সুন্দৰী ৰাম নাম
 যশোদা সুন্দৰী।

[ ১৯ ]

পুখুৰীৰ চৌ পাশে
খাগৰিৰ বেৰা ৰাম ৰাম
খাগৰিৰ বেড়া।

দলি মাৰি পেলাই দিবা ২
ফটিকৰে মালা ৰাম ৰাম
ফটি কৰে মালা।

তুমি দিবা ফটিক মালা
আমি দিমে কিয়ে ৰাম ৰাম
আমি দিমে কি।

ধৰম কৰি বিয়া দিবা ২
সত্য ব্ৰহ্মাৰ জী ৰাম ৰাম
সত্য ব্ৰহ্মাৰ জী।

পুখুৰীত পানী নাই
পাৰক নুবুৰে ৰাম ৰাম
পাৰক নুবুৰে।

বৃক্ষত পক্ষী নাই ২
ঝাকে ঝাকে উৰে ৰাম ৰাম
ঝাকে ঝাকে উৰে।

তুলসীৰ তলে শুই
মৃগ পহু আছে যাৰ ৰাম
তাক দেখি ৰামচন্দ্ৰই ২
শৰ ধেনু ধৰে ৰাম ৰাম
শৰ ধেনু ধৰে।

[ ২০ ]

আশীৰ্ব্বাদ কৰাঁ   মুৰত চাউল দিয়া
  সুমঙ্গল বসতী হোক এ।



[১১] মৰলত বহি গোৱা নাম


দেখ সখি!  তুলিতে বহিছে
দেখ সখি!  চুলি মেলিছে
দেখ সখি!  অনেক ভকতলৈ চাই হে।
দেখ সখি!  চিকন ঐ আইদেও
দেখ সখি!  গলে চিকে মিকাই মনি হে।
দেখ সখি!  মুঠিৰ ভিতৰত
দেখ সখি!  কিহে চিকে মিকাই
দেখ সখি!  হেঙ্গুল হাইঠালৰ ফণি হে।
দেখ সখি!  সেৱা সৰিয়হৰ
দেখ সখি!  চিকন তেল এটুপি
দেখ সখি!  কোমল দইৰ বাহৰে ফণি হে।
দেখ সখি!  লাহেকই মেলাবা
দেখ সখি!  এডালি ছিগিব
দেখ সখি!  আইদেওৰ চেনেহৰ চুলি হে।
দেখ সখি!  সৰুৰে এপৰা
দেখ সখি!  কেশকে বঢ়ালা
দেখ সখি!  এডালি নিছিগা কৰি হে।

[ ২১ ]

দেখ সখি!  জীয়েকৰ মৰমত।
দেখ সখি!।  মাকে মূৰ মেলাইছে
দেখ সখি!  ছিগিব চেনেহৰ চুলি হে।
দেখ সখি!  সোনৰ কাঁকইবে
দেখ সখি!  বেবোলৰ দাপোণে
দেখ সখি!  আইদেওক সজাব পাই হে।
দেখ সখি!  আইদেওক সজাইছে
দেখ সখি! ৰম্বিনা গঢ়াইছে
দেখ সখি! প্ৰতিমাত চকু দিয়ে হে।
দেখ সখি!  আকাশত মঙলি
দেখ সখি!  পূৰ্ণচাঁদ ওলাইছে
দেখ সখি!  ত্ৰৈলোক্য পোহৰ কৰি হে।
দেখ সখি!  অগৰু চন্দনে
দেখ সখি!  মিহিকই পিহনে
দেখ সখি!  কপালে পূৰ্ণ চান্দ জ্বলে হে।
দেখ সখি!  সেউতীৰ এচাকী
দেখ সখি!  মালতীৰ এচাকী
দেখ সখি! আৰু চপাৰ কলিৰ চাকি হে।
দেখ সখি!  হেমৱন্ত ৰজাই
দেখ সখি! আইদেওক সজাইছে
দেখ সখি!  একো নাই থোৱা বাকী হে।
দেখ সখি!  মুকুতাৰ দান্ত
দেখ সখি! নাহিকে মাতক
দেখ সখি! মুখে হাসে যেন কৰে হে।

[ ২২ ]

আইদেৱে নবহিলে তলে ধুলি মাটি।
ককাইদেৱে অনাই থৈছে বঙ্গলুয়া পাটী॥
বঙ্গলুয়া পাটী ধাৰি বাঘৰ নেজি ঠঙ্গা।
তাতে বহি আনন্দ কৰে সোণৰ চেকুৰা॥
 সবায়ে নধৰে
 অয়ে অলঙ্কাৰে
অ শশি। লহে নধৰে জল।
 সমাজৰ মাজতে
 আইদেও বহিছে
অ শশি. এশ পৰিয়ালৰ বল।
 নই কাষৰ ঢেকিয়া
 চিৰলি চিৰলি
অ শশি। নেখাই বা থাকিব কোনে।
 আমাৰ আইদেও
 জোন বৰণীয়া
এ শশি। নেচাই বা থাকিব কোনে।
 সোনাৰিৰ শালতে
 নিতৌ টিকে টিকাই
এ শশি। আইদেওৰ হাতলৈ খাৰু।
 তুমি যে আইদেও
 চিন্তা নকৰিবা
অ শশি। হবাগই আলাশৰ লাৰু।
 নই কাষৰ ঢেকিয়া
 ঠোৰালি ঠাৰালি

[ ২৩ ]

অ শশি। পিতলৰ সৰাইতে বাছো।
 চিন্তা নকৰিবা
 আমাৰ আইদেও
অ শশি। চৌ পাশে আবৰি আছো।
 কোনে আনি দিব
 লোণে আমেলখি
অ শশি। কোনে আনি দিব জৰা।
 কোনে আনি দিব
 দ্বাৰকাৰ কৃষ্ণক
অ শশি। কু্ণ্ডিলা নগৰৰ পৰা।


আজি চৌপৰ বাতি
গাঠিছে মানতা
নাচিছে গন্ধৰ্ব্ব গাৱে কি ৰাম ৰাম।
কেতেকী এপাহি
কেতেকী দুপাহি
কেতকীৰ তিনি পাহি কি ৰাম ৰাম।
ডালৰ কেতেকী
নাচে ঘুৰি ঘুৰি
আইদেও পেলালে হাঁহি কি ৰাম ৰাম।
আইদেওৰ তপস্যা
চোৱা বালি ৰাজা
চোতালে নধৰে প্ৰজা কি ৰাম ৰাম

[ ২৪ ]

বনৰ বনে চাই
মৰাই ধৰে ফৰাই
আইদেওৰ দেউতাক ৰজা কি ৰাম ৰাম
পধুলি মুৰৰে
কাঞ্চন ফুল এজুপি
নিতৌ তিনি পাহি সৰে কি ৰাম ৰাম।
আইদেওৰ মুখলৈ
চাবকে নোৱাৰি
হীৰা কি মুকুতা জলে কি ৰাম বাম।
ঘিলাৰে গছতে
ঘিলা নাইকিয়া
পাতে তিৰে বিৰে কৰে কি ৰাম ৰাম।
আইদেওৰ গাৰুতে
গিলিপ নাইকিয়া
ছকে তিৰে বিৰে কৰে কি ৰাম ৰাম।
এক লাখ টকাৰে।
তুলি তলিছা
দুই লাখ টকাৰে গাৰু কি ৰাম ৰাম।
তিনি লাখ টকাৰে
আইদেওক সজাইছে
কোনে বুলি যাব সৰু কি ৰাম ৰাম।
ই বোলে আইদেও
সি বোলে আইদেও
আইদেও তিয়ঁহৰ জালি কি ৰাম ৰাম

[ ২৫ ]

আইদেওৰ চুলি টাৰ
মেঘতকৈ অৱতাৰ
বংশী বদনৰ চুলি কি ৰাম ৰাম।
পধূলিৰ মূৰতে
তামোল তিনি জুপি
তাৰ মাঝে তৰিছে তাঁত কি ৰাম ৰাম।
মাকোৰ ঘিত্, ঘিতনি
গাম খাৰুৰ বাজনি
নুশুনো আইদেওৰ মাত কি ৰাম ৰাম।
শৰায়ে শাৰায়ে
কাঞ্চন ফুল গাঠিছে
আইদেওৰ খোপালৈ চাই কি ৰাম ৰাম।
সেউতী নিপিন্ধে
মালতী নিপিন্ধে
পিন্ধিব খৰিকা জাঁই কি ৰাম নাম।
বৰ ছৰাৰ মুখতে
পাৰৰ টঙ্গি দিলে
পাখিয়ে ধপে ধপাই কি ৰাম ৰাম।
একাঠু তুলিতে
আইদেউ বহিছে
মাটি ভকে ভকাই কি ৰাম ৰাম।
আইদেওৰ কপালে
পাতিদৈ নেপালে
ই ৰাজ্যত নেপালে দৰা কি ৰাম ৰাম।

[ ২৬ ]

 কাকই কদমলৈ
 টেকেলা পঠালে
 অনাইছে বিচিত্ৰ দৰা কি ৰাম ৰাম।



শিৱ! ৰান ৰজাৰ জীয়ৰী
শিৱ! উষা পটেশ্বৰী
শিৱ! স্বপ্ন দেখিলে ৰাতি
শিৱ! ৰাতি দুপৰ নিশা
শিৱ! উষাই স্বপ্ন দেখে
শিৱ! কি লাগি জীৱনে ধৰো
শিৱ! আহা সখি সবে
শিৱ! স্বামীৰ বিৰহে
শিৱ! জলে ঝাম্প দিয়া মৰো।
শিৱ! বাটত লগে পাই
শিৱ! নাৰদে সুধিলে
শিৱ! কলৈ যোৱা প্ৰাণ সখি।
শিৱ! কিবা সোধা সখি
শিৱ! কুমাৰক নেদেখি
শিৱ! উষা মৰিলেক কান্দি।
শিৱ! পাটিত বহিয়ে
শিৱ! উষা মূৰ্চ্চা গলে
শিৱ! সখিক সোধে যুগুতি।
শিৱ! কেনেকৈ হৰিবা
শিৱ! অনিৰুধ কুমাৰক
শিৱ! থৈছে লোৱৰ গড় মাৰি।

[ ২৭ ]

শিৱ! কামদেৱৰ পুত্ৰ
শিৱ! গোবিন্দৰ নাতি
শিৱ! আনি দিয়া প্ৰাণ সখি।



 চিত্ৰ লেখা   বোলে উষা
 ওবা প্ৰাণৰ সখি।
 সাত দিনৰ   ভিতৰে মই
 পত্ৰ দিমো লেখি।



অই ৰে! পাতিত বহি আইদেৱে
অই ৰে! গাঠে ফুলৰ মালা।
অই ৰে! কি কি ফুলৰ মালা আইদেউ
অই ৰে! কি কি ফুলৰ মালা।
অই ৰে! গাৱত বঙ্গালি বস্ত্ৰ
অই ৰে! তুলসীৰ মালা।
অই ৰে! তুলসীৰ মালা লহ
অই ৰে! স্বামী সেৱা কৰে।
অই ৰে! সুমঙ্গল হৌক বুলি
অই ৰে! আশীৰ্ব্বাদ কৰে।
অই ৰে! আইদেউৰ কাপোৰতে
অই ৰে! মাণিকৰ জেঠি।
অই ৰে! দহো আঙ্গুলিয়ে জ্বলে
অই ৰে! ৰত্নৰ আঙঠি।

[ ২৮ ]

অই ৰে! আইদেওৰ কপালতে
  জ্বলি আছে ৰাহু।
অই ৰে! ৰাম যেন স্বামী পালা।
  কৌশল্যা হেন শাহু।
অই ৰে! বতাহতে হলে জালে।
  আগৰ ৰঙ্গা পান।
অই ৰে! পাতিত বহি আইদেৱে।
  মাগে স্বামী দান।



চৰাইৰ নাম সৰালী
মাছৰ নাম বৰালি
সাপৰ নাম পানী মৰলি হে।
দেউতাৰ ছৰাতে
আইদেও বহিয়াছে
ওপৰে সোনৰ মাৰলি হে।
তুলিতে বহিছে
চুলি মেলিছে
শৰাই লৈ মেলিছে চুলি হে।
দহো আঙুলিয়ে
ৰত্ন জ্বলিছে
নেপুৰে ধৰিছে তুলি হে।
উৰে কুমলীয়া
খাবকে নোৱাৰি
কটাৰিৰ আগৰে লোণ হে॥

[ ২৯ ]

আইদেওৰ মুখলৈ
চাবকে নোৱাৰী
যেনে পূৰ্ণিমাৰ জোন হে।
কি খুৱাই তুলিলা
ৰূপহী আইদেওক
কি দি বঢ়ালা চুলি হে
ঘোড়াৰ ফান যেনে
আইদেওৰ চুলিটাৰ
কচুৰ পেপাঁ যেন ককাঁল হে।



নাজিৰ! আইটি আইটি বুলি
নাজিৰ! মাকে মাতিলে
ইলাচি এ জয়! আইটী বা কেহেলৈ গ'ল!
নাজিৰ! তোমাৰ আইটী
নাজিৰ! জোন বৰণীয়া
ইলাচি এ জয়! সোনতে মিহলি হলি
নাজিৰ! আগইয়ে ককাইদেও
নাজিৰ! কই ফুৰিছিলা
ইলাচি এ জয়! আইদেও কতৰা খায়।
নাজিৰ! এতিয়া ককাইদেও
নাজিৰ! চোৱা মনত কৰি
ইলাচি এ জয়! বৰ ঘৰ সুদা ৰই যায়।
নাজিৰ! চৰায়ে তুলিলে
নাজিৰ! ছ আৰ পোৱালী
ইলাচি এ জয়! গছৰ ডাল সুৱনি কৰি।

[ ৩০ ]

নাজিৰ! মাকে দেওতাকে
নাজিৰ! আইদেওক তুলিলে
ইলাচি এ জয়! লোকৰ ঘৰ সুৱনি কৰি।
নাজিৰ! আগ বাৰি সুৱনি
নাজিৰ! কাকিনি তামোলে
ইলাচি এ জয়! পাছ বাৰি সুৱনি পান।
নাজিৰ! বৰ ঘৰ সুৱনি
নাজিৰ! আমাৰে আইটি
ইলাচি এ জয়! উলিয়াই দিবলৈ টান।
নাজিৰ! আগইয়ে ককাইদেও
নাজিৰ! কই থই ছিলা
ইলাচি এ জয়! ঢাপত নুৰুবা জোল।
নাজিৰ! জোল শৰি যাব
নাজিৰ! লোকে লই যাব
ইলাচি এ জয়! আমাৰ ঘৰ সুদা হই যাব।



হৰি হে! কেলই কুটিলা
হৰি হে! চুমই কই পছলা
হৰি হে! লোকে বাটি ভৰাই খাব।
হৰি হে! কেলই তুলিলা
হৰি হে! ৰুপহী আইদেউক
হৰি হে! লোকে বনে কৰা খাব।
হৰি হে! আগইয়ে কলো ময়
হৰি হে! অ'বৰ ককাইদেউ

[ ৩১ ]

হৰি হে! ঠেকেৰা নিদিবা ভাতত।
হৰি হে! আজুৰি আহিব
হৰি হে! পাজুৰি আহিব
হৰি হে! লোকৰ ঠেকেছনি মাতত।
হৰি হে! চৰাই খোৰোজৰে
হৰি হে! ছকুৰি তামোলে
হৰি হে! কেচা খোৰোজৰে পান।
হৰি হে! ৰাজ্যক মাতিবলৈ
হৰি হে! লাগে কেতেৰেলি
হৰি হে! আমাক মাতিবলৈ টান।
হৰি হে! ফুদি জ্বলালো
হৰি হে! থাপ দি নুমালো
হৰি হে! ফলিয়া তুঁহৰে জুই।
হৰি হে! কন্যাৰ ককায়েকৰ
হৰি হে! দাড়িত জুই লগালো
হৰি হে! নোৱনী তামোলৰ হৈ।
হৰি হে! আগৰে এপৰা
হৰি হে! গুৰিলৈ লাগিছে
হৰি হে! লা দোৰোনৰগছ।
হৰি হে! এখন তামোলৰে
হৰি হে! বিয়াখন পাতিছে
হৰি হে! মুহুদি নকৰাৰ সছ!
হৰি হে! মহৰ শিঙ্গে শিঙ্গে
হৰি হে! লাগিল হৰি হৰি

[ ৩২ ]

হৰি হে! শৰৰ শিঙ্গে শিঙ্গে লাগিল
হৰি হে! কন্যাৰ ককায়েকে
হৰি হে! ওলাইছে সোমাইছে
হৰি হে! নাকে মানুহ খাব খোজে।



 মাছ বাছি কাছ কুটি
অ শশী! বেৰত থলে দা।
 হালধিয়া চৰাই যেন
অ শশী! আইদেউৰ কৰে গা।
 বেৰত আছে তেলৰ তাৰি
অ শশী! তাতো আছে তেল।
 ভিতৰতে আইদেউ আছে
অ শশী! বাজত কিহৰ মেল।
 আইদেউ কান্দে লুটি ঘুটি
অ শশী! দেউতা কান্দে কিয়।
 এতিয়া যে কান্দা দেউতা
অ শশী! শৰাই ভঙ্গিছিলা কিয়।
 নেভাঙ্গিলো নিচিঙ্গিলো।
অ শশী! আপোনাৰে জী।
 লোকৰ কন্যা লোকে নিব
অ শশী! আমি কৰিম কি।



  বাহৰ চছলি
  কথা গ'ল পিছলি

[ ৩৩ ]

ঐ ৰাম! বৰ ককায়েকৰ পৰাহে।
  সৰু ককায়েকে
  শতুৰু সালিলে
ঐ ৰাম! দিলে আদহিয়াত বিয়া হে।
  পুখুৰী পাৰৰে
  খহতা ডিমৰু
ঐ ৰাম! তললৈ মেলিলে শিপা হে।
  ধৰোঁতে ধৰোতে
  ৰামচন্দ্ৰই নেৰোঁতে
ঐ ৰাম! দিলে বহাগত বিয়া হে।
  পানতে আইদেও
  পদুম ফুল বাছিলে
ঐ ৰাম! ৰামলৈ জাননী দিলে হে।
  ৰামে মেলি ছালে
  কথা বুজি পালে
ঐ ৰাম! হৃদয়ত সামৰি থলে হে।
  বাটত নাওঁ বান্ধি
  বিদেশত বৈৰাগি
ঐ ৰাম! আইদেওক বিয়া কৰাই নিয়ে হে।
  কোৱাত কৈ বাতৰি
  দিলা ঐ আইদেও
ঐ ৰাম! চিলাত কৈ বাতৰি দিলা হে।
  মাৰৰ ঘৰতে
  কিনো দুখে পালা।

[ ৩৪ ]

ঐ ৰাম! ৰামলৈ জাননী দিলা হে।
  মাৰৰ ঘৰতে
  আছিলা আইদেও
ঐ ৰাম! চাঁ চাই মেলালা চুলি হে।
  জিহে ঘৰলৈ
  পৰিছা আইদেওঁ
ঐ ৰাম! ঢেকিয়ে কৰিব বুঢ়ী হে।
  দিখৌ নইৰে পানী
  বগা ফটে ফটি
ঐ ৰাম! পিৱঁতী চৰায়ে পিয়ে হে।
  কিনো চাই আছিলা
  লগৰ সমনীয়া
  থেৰেজু কলিয়াই নিয়ে হে।
  মাহে এদুলি
  সৰিয়হ এদুলি
ঐ ৰাম! উৰিমাম কাঠৰে পিড়া হে।
  কিনো হাতি ঘোৰা
  দেখিলা দেউতা
ঐ ৰাম! নেদেখা ৰাজলৈ দিলা হে।



আইদেওৰ   কাপোড়তে
  বাচি থৈছে টগৰ।
দ্বাৰকাৰ   কৃষ্ণ আহি
  লগালে জগৰ।

[ ৩৫ ]

আইদেওৰ   কাপোৰতে
  গুটি গুটি ফুল।
দ্বাৰকাৰ পৰা   কৃষ্ণ আহি
  মাৰে জাতি কুল॥
পাতিত বহি   আইদেৱে
  মনে মনে গুণে।
দ্বাৰকাৰ পৰা   কৃষ্ণ আহি
  কাণ পাতি শুনে।
আইদেওৰ   কাপোৰৰে
  আগত সঁতৰ ফোট।
ৰামে বোলে   প্ৰাণেশ্বৰী
  ওলাই মাতা মোক॥
নোয়াৰো   মাতিব মই
  অ! গুণ নিধি।
সখি সবে   সহিতে মই
  আছো পাশা খেলি॥
একে লগে   একে সঙ্গে
  আছিলে উমলি।
আমাক এৰি   কলই যোৱা
  আইদেও প্ৰাণেশ্বৰী॥
অনেক সই   প্ৰবন্ধে কৰি
  তুলিলো তোমাক সই।
আজি হন্তে   স্বামী পাই
  ত্যজিলা আমাক॥

[ ৩৬ ]

পিতৃ কান্দে   মাতৃ কান্দে
  কান্দে সৰু ভাই।
কিয় কান্দা   আমাৰ আইদেউ
  আপোন ঘৰে যায়॥



আৰে সই! আইটী নামেৰে
আৰে সই! কন্যা নুতুলিবা
আৰে সই! গৰ্ভতো নিদিবা ঠাই নাৰৈ নাচিতৰ
  চিতানন্দ সূত্ৰ গাৱে।
আৰে সই! ঘৰৰ বয়ে বস্তু
আৰে সই! সমান ভাগে লব
আৰে সই! আকৌ শোকে বেজাৰ পাই নাৰৈ নাচিতৰ
  চিতানন্দ সূত্ৰ গাৱে।
আৰে সই! তিয়হৰ চকলি
আৰে সই! ৰেবাবৰ বাকলি
আৰে সই! বেৰাৰ ঠালে ভৰি লাগে নাৰৈ নাচিতৰ
  চিতানন্দ সূত্ৰ গাৱে।
আৰে সই! আইদেউ বুলিছে
আৰে সই! মোক কেলেই লাগিছে
আৰে সই! ককাইদেউ ছৰাতে আছে নাৰৈ নাচিতৰ
  চিতানন্দ সূত্ৰ গাৱে।
আৰে সই! আইটী আইটী বুলি
আৰে সই! মাকে মাতিলে
আৰে সই! ‘ক’ত থলা সেন্দুৰৰ পেৰা নাৰৈ নাচিতৰ
  চিতানন্দ সূত্ৰ গাৱে।

[ ৩৭ ]

আৰে সই! কালি এতেবেলি
আৰে সই! নবৌক শুধিলে
আৰে সই! মোৰ হৈছে জঞ্জালৰ বেলা নাৰৈ নাচিতৰ
  চিতানন্দ সুত্ৰ গাৱে।
আৰে সই! কতকে অসন্তোষ
আৰে সই! কৰা অই আইটী
আৰে সই! আমাৰ পূৰি আহে হিয়া নাৰৈ নাচিতৰ
  চিতানন্দ সুত্ৰ গাৱে।
আৰে সই! পুত্ৰ হলা হেঁতেন
আৰে সই! ৰখাই থলো হেতেন
আৰে সই! কিকৈ দিম মাধৱত বিয়া নাৰৈ নাচিতৰ
  চিতানন্দ সুত্ৰ গাৱে।
আৰে সই! জিল মিল কচুৰে
আৰে সই! পাতে হৰি হৰি
আৰে সই! জিল মিল কচুৰে পাত নাৰৈ নাচিতৰ
  চিতানন্দ সুত্ৰ গাৱে।
আৰে সই! ছ’অৰা ৰূপেৰে
আৰে সই! ৰিহা কিনি দিলো
আৰে সই! আইদেউ নললে গাতে নাৰৈ নাচিতৰ
  চিতানন্দ সুত্ৰ গাৱে।
কচুপাতৰ পানী টুপি তল বল কৰে।
বত্ৰিশ হেজাৰ অলঙ্কাৰ হৃদয়ত জলে॥


[ ৩৮ ]

(১২) গাঠিয়ন খুন্দা নাম।

( ১ )

উজনি ৰাজৰে ঐ ৰাম
গন্ধে গাঠিয়নে ঐ ৰাম
নামনি ৰাজৰে পতা ৰাম হৰি
নামনি ৰাজৰে পতা।
কন্যাৰ মাকে ঐ ৰাম।
অতি সুলক্ষণী ঐ ৰাম!
আপুনি ধৰিছে পতা ৰাম হৰি।
আপুনিও ধৰিছে পতা।
দিনত বন্দি হলে ঐ ৰাম
তেজী সুৰূজে ঐ ৰাম।
ৰাতি বন্দি হলে তৰা ৰাম হৰি।
ৰাতি বন্দি হলে তৰা
সাতো আয়টীয়ে ঐ ৰাম।
গাঠিয়ন খুন্দিছে ঐ ৰাম।
উৰুলি এজোকা দিয়া ৰাম হৰি।
উৰুলি এজোকা দিয়া।


( ২ )

তেলত বন্দি হলে ঐ ৰাম।
তেলিনী পৰুৱা ঐ ৰাম।
সালত বন্দি হলে হাতি ৰাম হৰি॥

[ ৩৯ ]

সালত বন্দি হলে হাতী।
তেলে মেলি দিয়া ঐ ৰাম।
তেলিনী পৰুৱা ঐ বান।
সালৰ মেলি দিয়া হাতী ৰাম হৰি।
সালৰ মেলি দিয়া হাতী।
মকৰাৰ জালতে ঐ ৰাম।
কৃষ্ণ বন্দি হলে ঐ ৰাম,
কিনো ৰুক্মিণীৰে মায়া ৰাম হৰি।
কিনো ৰুক্মিণীৰ মায়া।
সাতো আয়টীয়ে ঐ ৰাম
গাঠিয়ন খুন্দিছে ঐ ৰাম।
উৰুলি এজোকা দিয়া ৰাম হৰি।
উৰুলি এজোকা দিয়া।


( ৩ )

মকৰাৰ জালৰ পৰা ঐ ৰাম
কৃষ্ণক মেলি দিয়া ঐ ৰাম।
পুৱাই যক কালিন্দি ৰাতি ৰাম হৰি
পুৱাই যক কালিন্দি ৰাতি।
চান্দো চিকণে ঐ ৰাম
সুৰুজো চিকণে ঐ ৰাম।
চিকণ স্বৰ্গৰ তৰা কি ৰাম হৰি॥

[ ৪০ ]

চিকণ স্বৰ্গৰ তৰা!
এটাইত কই চিকণে ঐ ৰাম।
দেখি থৈ আহিছো ঐ ৰাম।
বাহি চন্দনৰে দৰা ৰাম হৰি।
বাহি চন্দনৰে দৰা।
বাৰি ও নাহিবা ঐ ৰাম।
খাৰি ও নাহিবা ঐ ৰাম।
আহিবা স্বামী শুয়া ৰাম হৰি
আহিবা স্বামী শুয়া।
সাতো আয়ীটয়ে ঐ ৰাম।
গাঠিয়ন খুন্দিছে ঐ ৰাম।
উৰুলি এজোকা দিয়া ৰাম হৰি
উৰুলি এজোকা দিয়া।


(১৩) দৈয়ন দিয়া নাম।

দৈয়ন দিয়া   দৈয়ন দিয়া
  আপোনাৰে আই।
ভাল কৰি   দৈয়ন দিয়া
  শৰীৰ জুৰাই॥
  পান বৰিয়াৰে
  পান আনা গৈ
 গোৱালৰ ঘৰৰে গই এ

[ ৪১ ]

  আজি আইদেওক
  দৈয়ন দিছে
 শিঙ্গা দুৱাৰত ৰই এ


১৪) দৰা সজাওঁতে গোৱা নাম।

এইনো সাজে পাৰে   নুশুৱাই বোপা দেওক
  আৰু সাজ পাৰ লাগে।
খৰকৈ যোৱা গই   দেওতাক কোৱাগই
  এতিয়াই সলাব লাগে।
হাতীকে সজালে   হাতী বৰুৱাই
  ঘোৰাকে সজালে ঘাহি।
আমাৰ বোপা দেওক   সজাই দেউতাকে
  বিচিত্ৰ অলঙ্কাৰ আনি॥
ধোবাকো বধিলে   বস্ত্ৰ কাঢ়ি ললে
  কুজিৰো ললে চন্দন।
মলিয়াৰ হাতৰে   মলা তুলি ললে
  লৰিলে ৰঘু নন্দন।
হাতী আনো বুলি   নানিলা দেউতা
  ঘোৰাকো আহিলে এৰি।
অতখন বাট লই   কেনেকই যাব গই
  সোনৰ মনি যেনে ভৰি।


[ ৪২ ]

কি কৰিছা ৰাম তুমি
কি কৰিছা ৰই এ ২
তত ছাগৈ শিশুপালে
নিলে বিয়া কই এ ২
কি কৰিছা ৰাম তুমি
বলি ভাত খাই ২
তত চাগৈ সীতা শান্তি
আছে বাট চাই ২



ছেৰেংদাৰ বাবলহ
কোনে বুদ্ধি দিলে
কোনে আনি দিলে তলা।
যজ্ঞোলৈ যাবলই
বেলি হল বােপা দেও
ছেৰেংদাৰ সামৰি থােৱা
অৰণ্যৰ মাজতে
সিংহই ডাকে দিলে
শহুৰৰ বহা লই চাই
সােনৰ পেপা মুডি
ৰজা খৰ কৰি
ৰাম চন্দ্ৰ যজ্ঞো লই যায় ।


[ ৪৩ ]

(১৫) দৰা ওলাই আহোতে গোৱা নাম।

ৰাজ্যে কৰিছে
ৰাজ্য হৰি ধ্বনি
বোপাদেও কৰিছে সেৱা কি ৰাম।
ওলাই দেউতাকে
হৰি ধ্বনি কৰিছে
মোৰ বোপাই কুশলে যোৱা কি ৰাম।
হাতী চলাই দিয়া
হাতীয়াল বৰুৱা
ঘোৰা চলাই দিয়া ঘাহি কি ৰাম।
বেদৰনিধি বাপু
খোজে চলাই দিয়া
বংশত জলাব নাও কি ৰাম।
ছতিয়াই লইছে
দোৰোল খাই পৰিছে
কাৰ্শিপৰ কাপোৰৰ দহি কি ৰাম।
বাটৰ বাটৰুৱাই
ৰৈ ৰৈ সুধিছে
কোন ডাঙ্গৰীয়াৰ নাতি কি ৰাম।
গছকি ভাজিলে
পুলি দামে কলা
লগৰ সমনীয়াই হাহে কি ৰাম।
আজি বোপাদেবে

[ ৪৪ ]

খঙ্গেৰে ওলাইছে
ভাৰ্য্যা নানিলে নাহে কি ৰাম।
ঘৰক ঘৰে বুলি
নেজানা বোপাদেও
মাৰকো নোবোলা আই কি ৰাম।
অতক বয়ে বস্তু
হেডাঙ্গি মেলিলা
ভাৰ্য্যাৰ বাতৰি পাই কি ৰাম।
গধুলি বেলিকা
কলই যোৱা বোপাদেও
মাৰক সুদা ঘৰত থই কি ৰাম।
নথওঁ সুদা ঘৰত
কাইলৈ আহিম গই
আগত কই আনিমে সীতা কি ৰাম



পঢ়িলা শুনিলা
মাকে জানিলা
বৰ হই উত্তৰি ললা।
মাতৃক পুহিবৰ
একো চিন নেপালো
মালালৈ বৰাগী হলা।
কোন পোনে যোৱাগৈ
লাহৰী বোপাই মোৰ
বাটত পাতি থৈছে ধেনু।

[ ৪৫ ]

ধেনুকো ভাঙ্গিলোঁ
সীতাকো আনিলো
পৰিয়াল আহিছোঁ জিনি।
গাওঁৰ মাজে মাজে
কল সাৰি সাৰি
বাদুলি পৰিয়ে খাই।
আমাৰে বোপাদেউ
সোণৰ ধেনু লই
বাদুলি কাঁৰিয়াই যাই!
ঔ ফুল ফুলিলে
কপৌ ফুল ফুলিলে
মেদেলাই মেলিলে ঠোৰ।
ক'ত ৰামচন্দ্ৰ ভাৰ্য্যা খুজিলা
বাটৰো নপৰে ওৰ।
অলনি দলনি
পকা ছপৰানি
আমাৰ হাতে ভৰি ভাগে।
তেও নপতিয়াই
আমাৰ ৰামেচন্দ্ৰই
শহুৰৰ জীয়েকক লাগে॥


(১৬) দৰা আহোতে বাটত গোৱা নাম

শশি হে! আগৰ খন ভাৰতে,
শশি হে! কি কি আনিছা

[ ৪৬ ]

শশি হে! পধুলিৰ মুৰতে থোৱা।
শশি হে! মাজৰ খন ভাৰতে
শশি হে! কি কি আনিছা
শশি হে! সমাজৰ মাজতে থোৱা।
শশি হে! উঠা বৰে বাহি
শশি হে! ফকিৰ পালেহি
শশি হে! পধুলিত মাৰিছে হুকি।
শশি হে! আছে যে কন্যা দান
শশি হে! নাই যে সমিধান
শশি হে! ফকিৰক নথবা ৰাখি।
শশি হে! ৰামো আহিছে
শশি হে! ডম্বৰু বজাইছে
শণি হে! ভিক্ষা বা মাগিছে কি।
শশি হে! তুমি হে নেজানা
শশি হে! হেমৱন্ত ৰজা
শশি হে! থৈছে চেনেহৰ জী।
চন্দ্ৰমুখী   ৰাজা তুমি
  কিয় এতে বেলি।
নখঙ্গিবা   প্ৰাণেশ্বৰী
  নহও স্বতন্তৰী॥



অই ৰে! ছোতালৰে পৰা
আই ৰে! সোধে জোঁৱাই লৰা
অই ৰে! আইদেৱে কি বন পাৰে হে॥

[ ৪৭ ]

অই ৰে! সবাহত গুৱা কাটে
অই ৰে! তাঁতত হালে জালে
অই ৰে! আইদেৱে নেই বন পাৰে হে।
অই ৰে! শুকান পিঠা গুৰি
অই ৰে! ছালিৰ নোৱাৰে
অই ৰে! হাতত পানী জোলা বান্ধে হে।
অই ৰে! লোকৰ বৰে কথা
অই ৰে! শুনিব নোৱাৰে
অই ৰে! চেচুকৰ দেম দেউকা হে।
অই ৰে! শুনি থাক শুনি থাক
অই ৰে! অ’ জোৱাই লৰা
অই ৰে! আইদেওৰ চৰিত্ৰ কও হে।
অই ৰে! লাহেকৈ মাতিবা
অই ৰে! টান বন নিদিবা।
অই ৰে! চেচুকৰ দেম দেউকা হে।



শিৱ! হেমৱন্তৰ ঘৰে
শিৱ! আছে কন্যা খনি
শিৱ! শিৱৰ জণ্টাতে ধৰি।
শিৱ! হেমৱন্তই দিয়ে
শিৱ! মেনকাই নিদিয়ে
শিৱ! সৰ্পে দন্ত মেলি আছে।
শিৱ! মেনকা শাহুকে
শিৱ! কোৱাগই স্বৰূপে
শিৱ! হৰলৈ পাৰ্ব্বতীক খোজে।

[ ৪৮ ]

শিৱ! কৰ পৰা আহিলা
শিৱ! জটিয়া মহাদেও
শিৱ! সৰ্পেৰে বন্ধোৱা হিয়া।
শিৱ! তোমাৰ ৰূপ দেখি
শিৱ! মেনকাই ডৰাই
শিৱ! নোসোমাই পাৰ্ব্বতী বিয়া
শিৱ! মেনকাৰ মনে
শিৱ! ছেৰেঙ্গ বেৰেঙ্গ
শিৱ! নিদিও মহাদেওতে বিয়া।
শিৱ! পাৰ্ব্বতীৰ মনেৰে
শিৱ! হৰিষে বদনে
শিৱ! আনন্দে নধৰে হিয়া



মেনকাহ   বোলে ৰাজা
  অকায্য হহলে কায।
পাণ্ডৱৰ সেনা   আহি ললেহি
  লঙ্কা ৰাজ।
শিৱ আহি   পালেহি
  হেমৱন্তৰ ঘৰ।
ভাঙ্গৰ   সজুলিৰে
  চিনিছা নগৰ।
খুন্দি থইছে   ভাঙ্গুৰ গুৰি
  ভৰাই থইছে চুঙ্গা;
গধুলিকই   শিৱ আহি
  লগাই খাব ধোৱাঁ।

[ ৪৯ ]

কি কই জাৰিবো   ভাঙ্গৰ গুৰি
  কি কই চালিবো ভাঙ্গৰ গুৰি।
ভাঙ্গৰ গুৰি   নাপাই শিৱই
  মৰিবও কিলাই।
আলৌলৌঁৱা   গৌৰী মোৰ
  কান্দি ভাত খাই।
ভাঙ্গৰ খুন্দা   ডাঙ্গ দেখি
  মৰিব ডৰাই॥
নিদিও   গৌৰীক বিয়া
  জোঁৱাই নহয় ভাল।
কানীয়া ভঙ্গুৱা   জোঁৱাই
  জীৱ কত কাল।
আইদেৱে   বোলে মোৰ
  বাওঁ বাহু লৰে।
দ্বাৰকাৰ পৰা   কৃষ্ণ আহে বুলি
  মোৰ মনে ধৰে।
বেৰতে লেখিলে   বেৰে মৰা ছাৰাই
  দুৱাৰত লেখিলে হাতী।
বকলা পাততে   লেখি পঠিয়ালে
  ৰঘুনাথ আহিব আজি।


[ ৫০ ]

(১৭) কলৰ গুৰিত গোৱা নাম।

 সলাগ লৈ জেঠেৰি।
 মুচুকাই হাহিলে
ঐ ৰাম!  বৈনাই বৰ ভাল বুলি হে।
 অলপে মতিয়া
 বৈনাই কুমলীয়া
ঐ ৰাম!  ছত্ৰ ধৰিছে তুলি হে।
 শহুৰৰ পধুলি
 দকা দমকা
ঐ ৰাম!  কি ফুল ফুলিছে হালি হে।
 পিন্ধিবৰ মনে গল
 জেঠেৰি বৈনাই
ঐ ৰাম!  ইন্দ্ৰ মালতীৰ চাকি হে।
 শহুৰৰ মৰমে
 বাৰু দেখিলো
ঐ ৰাম!  ছপাই কল গুৰিত থলে হে।
 শাহু আইৰ মৰমে
 নিছেই নিদাৰুণে
ঐ ৰাম!  জিয়েকক পঁইতা যাছে হে৷
 জিয়েকে বুলিছে
 মই কিয়ে খামে
ঐ ৰামম।  স্বামী কল গুৰিত আছে হে।

[ ৫১ ]

 কিনো কলে পুলি
 ৰুলা ঐ জেঠেৰি
ঐ ৰাম!  গাত হালি জালি পৰে হে৷
 আমাৰ কলে পুলি
 ছোৱা গৈ জেঠেৰি
ঐ ৰাম!  জোৰ হাতী বান্ধিব পাৰে হে।

৮) দৰা আদৰিবলৈ যোৱা নাম।

হাতী কৰে ডোল ডোপ
 ঘোঁৰা ধৰে ছাতি।
উঠা উঠা ভীষ্মক ৰাজা
 জোঁৱাই আহে ৰাতি।
আহক আহক দেৱৰ জোৱাই
 চোৱা নেত্ৰ পুৰি।
শুকুলা  চোঁৱৰ লই
 আনক আদৰি॥
কাঠৰ থগিত হৰে লোৱা
 গুৱা পান।
পাছে পাছে চলি যাওক
 গায়ন বায়ন॥
উঠা উঠা ভীষ্ম ৰাজা
 জাঁৱাই আহে ৰাতি
আহক আহক দেবৰ জোঁৱাই
 ৰাখক কলৰ গুৰিত॥

[ ৫২ ]

উঠা উঠা ভীষ্মক ৰাজা
  জোঁৱাই আহে লড়ি।
পাণ্ডবৰ পঞ্চ ভাই
 আনক আদৰি॥

ভৰি ধুয়াবলই
কোন জনী আহিছে
ভৰিত নাইকিয়া মলি
খুয়াই লই আহিছো
পাহ ভাত এগালি
ধুয়াই লই আহিছো ভৰি।

১৯) সুয়াগুৰি তুলিবলৈ যোৱা নাম

সুয়াগ তুলিবলই
ওলাইছে দৈৱকী
ৰূপতে ধুপ লগাই ৰাম জানকী।
বাড়িৰে এৰাপাত
বহি থাক দৰা পাত
আমি সুয়াগুৰি তোলো ৰাম জানকী।
বাটৰে ঢেকিয়া
আমাক বাটে দিয়া
সুয়াগ তুলিবলৈ যাওঁ ৰাম জানকী !

[ ৫৩ ]

(২০) হােমৰ সভালৈ যােৱা নাম।

ভীষ্মক নন্দিনী আই এ
স্বামী বৰিবলৈ যাই এ
গৈ পাৰা হােমৰ সভা,
বহি পাবা বৰ।
কৃষ্ণ যেন স্বামী পাবা
চিন্তা নো কিহৰ।

ওলাই আহি  ৰুক্মিণীয়ে
 মাথায় দিছে হাত।
সৰু তাইক বুঝি সোধে
 স্বামী বৰিম কাক ॥
ভাই নামে  নহলা তুমি
 পিতা নামে হলা।
মাধৱৰ কৃষ্ণক আৰু
জোঁৱাই চিনি পালা।

দেখ সখি!  ৰামো আহিছে
দেখ সখি!  কিবা অপমানে
দেখ সখি!  আইদেউক খুজিছে ঠাই হে।
দেখ সখি!  কোৱাগৈ লিগিৰা
দেখ সখি!  পাৰক ছালে পিড়া।
দেখ সখি!  দিয়ক সমাজতে ঠাই হে।

[ ৫৪ ]

দেখ সখি!  ৰামো আহিছে
দেখ সখি!  ডম্বৰু বজাইছে
দেখ সখি!  ভিকা বা মাগিছে কিয় হে।
দেখ সখি!  তুমি যে নেজানা
দেখ সখি!  হেৰা দেউতা
দেখ সখি!  খুইছে ছেনেহৰ জীৱে হে।
দেখ সখি!  অৰণ্যৰ মাজতে
দেখ সখি!  ফেৰুয়াই ছিৱৰে
দেখ সখি!  লগাই গন্ধৰ তেলৰ বাতি হে।
দেখ সখি!  আজি আইদেও
দেখ সখি!  কি যজ্ঞাে পাতিছে
দেখ সখি!  আনে সখি সবক মাতি হে।
দেখ সখি!  কালি এতে বেলি
দেখ সখি!  আহিলা আইদেওঁ
দেখ সখি!  মাৰৰ পালেঙ্গত শুই হে৷
দেখ সখি!  আজি এতে বেলি
দেখ সখি!  বাবলই ওলালা।
দেখ সখি!  ছােতালত লগাইছে জুই হে৷
দেখ সখি!  কালি এতে বেলি
দেখ সখি!  সখি প্ৰভাৱতী
দেখ সখি!  বহি ৰৈ আছিলা তাঁত হে।
দেখ সখি!  আজি এতে বেলি
দেখ সখি!  যাবলই ওলালা
দেখ সখি!  অগ্নি বলাইছে গাৱত হে।

[ ৫৫ ]

দেখ সখি!  জাপ দি চেঙ্গেলি
দেখ সখি!   ধৰিব নোৱাৰা
দেখ সখি!   বালি দি নধৰা মানে হে।
দেখ সখি!   আমাৰে আইদেওক
দেখ সখি!   নমাব নোৱাৰো
দেখ সখি!   শৰাই লই নধৰা মানে হে।
দেখ সখি!   শৰাই লই মাতাগৈ
দেখ সখি!   দেউতাক আনা গৈ
দেখ সখি!   তেহেবা নমাব পাৰা হে৷

উৰি আমত ঘূৰি ঘূৰি
 বৰ বৰ লতা।
নেভাজিলে  নিছিঙ্গিলে
 দেউতাৰে কথা॥

(২১) হোমৰ সভাত গোৱা নাম।

মাৰৰ আগতে কাকত
তিনি সত্যে খালা কাকত
শাহুৰ ঘৰ নোসোমাওঁ বুলি কি কাকত
চিঠি দি পঠিয়াওঁ বিজুলি ডাকত।
আইটী চিকন দেখি কাকত
লছৰাই সোমালা কাকত
কোনে আনিছিলে মাতি কি কাকত
চিঠি দি পাঠিয়াওঁ বিজুলি ডাকত।

[ ৫৬ ]

বৰ ঘৰৰ মূধলই কাকত
কি চাই জোৱাই লৰা কাকত
লেজেৰি বেতৰে গাঠি কি কাকত,
চিঠি দি পঠিয়াও বিজুলি ডাকত।
আইটি চিকন দেখি কাকত
আহে ঘনে ঘনে কাকত
কেনে আনিছিলে মাতি কি কাকত
চিঠি দি পঠিয়াও বিজুলি ডাকত
ৰাৰণৰ পধুলিত কাকত
কি পুথি মেলিছে কাকত
কেলেই কৰিছা খিতাপ কি কাকত
চিঠি দি পঠিয়াও বিজুলি ডাকত
ৰাৱণৰ নগৰী কাকত
ভাঙ্গে চলে কৰি কাকত
তেও এড়ি নিদিয়ে সীতা কি কাকত
চিঠি দি পঠিয়াও বিজুলি ডাকত।
ছঅঁৰা লিগিৰী কাকত
সীতাক বুজাইছে কাকত
ৰাৰণক ভজা সুন্দৰী কি কাকত
চিঠি দি পঠিয়াও বিজুলি ডাকত।
নেকান্দ মন্দোদৰী কাকত
নলও ৰাজ্য কাঢ়ি কাকত
ৰাৱণক নভজো আমি কি কাকত
চিঠি দি পঠিয়াও বিজুলি ডাকত।

[ ৫৭ ]

ৰাম গইছিলে কাকত
মৃগ মাৰিবলই কাকত
লক্ষ্মণ গইছিলে লড়ি কি কাকত
চিঠি দি পঠিয়াও বিজুলি ডাকত
সেই সময়তে কাকত
দুৰ্জন ৰাৱৰ্ণে কাকত
সীতাক লই গলে হৰি কি কাকত
চিঠি দি পঠিয়াও বিজুলি ডাকত।
আঁকৰ বাজে কৰি কাকত
বুঢ়া বামুণ হই কাকত
সীতাক লই গলে হৰি কি কাকত
চিঠি দি পঠিয়াও বিজুলি ডাকত।

দিমৰ চাৰি দাৰত অ’ সীতা
অন্ন দান কৰিছে অ’ সীতা
হাতত ভোগেজীৰা লই অ’ সীতা
আইদেউ নবহে দলিছা তিতা
ৰাতি চাৰি দাৰত অ’ সীতা
কন্যা দান কৰিছে অ’ সীতা
সুভদ্ৰাক আগতে লই অ’ সীতা
আইদেও নবহে দলিছা তিতা।
দদা বলোভদ্ৰই অ’ সীতা
অন্ন দান কৰিছে অ’ সীতা
সুভদ্ৰায় কাটিছে গুৱা অ’ সীতা
আইদেউ নবহে দলিছা তিতা

[ ৫৮ ]

সেই সময়তে অ সীতা
বৈৰাগি অৰ্জ্জুনে অ’ সীতা
সুভদ্ৰাক আমালৈ দিয়া অ’ সীতা
আইদেউ নবহে দলিছা তিতা।
ফটিকৰ স্তম্ভে অ' সীতা
সুভদ্ৰা বহিছে অ’ সীতা
অৰ্জ্জুনৰ মুখলৈ চাই অ’ সীতা
আইদেউ নবহে দলিছা তিতা।
বৈৰাগি অৰ্জ্জুনে অ’ সীতা
একোকে নেজানে অ’ সীতা
সুভদ্ৰাত মোহ যায় অ' সীতা
আইদেউ নবহে দলিছা তিতা।
কুণ্ডিলৰ নগৰত অ’ সীতা
কিহৰে উৰুলি অ’ সীতা
কোনে কান্দিবৰে শুনু অ’ সীতা
আইদেউ নবহে দলিছা তিতা।
ভীষ্ম কান্দে ৰজা অ’ সীতা
প্ৰথমৰ দুহিতা অ' সীতা
তেওঁকে কান্দিবৰ শুনে অ’ সীতা
আইদেউ নবহে দলিছা তিতা৷
কৌশল্যা বুলিছে অ’ সীতা
শুনৰে সুমিত্ৰা অ’ সীতা
কৈকৈকো নিদিবা দোষ অ’ সীতা
আইদেউ নবহে দলিছা তিতা৷

[ ৫৯ ]

কোনােবা জনমত অ’ সীতা
মহাপাপ কৰিলোঁ অ’ সীতা
ঋষিৰ শাপে চুলে মােক অ’ সীতা
আইদেউ নবহে দলিছা তিতা।

 

জোনে বেলি !  ৰভাৰ চাৰি চুকে
জোনে বেলি !  চাৰি জন বহিছে
তৰা ঐ !  চাৰিওকো চাৰিয়ে ছৰে৷
জোনে বেলি !  তুলসীৰ মালালৈ
জোনে বেলি !  যেই জনা বহিছে
তৰা ঐ !  সেই জনাই জানকীক বৰে৷
জোনে বেলি !  ৰভাৰ ওপৰে
জোনে বেলি !  সর্পে গুজৰিলে
তৰা ঐ !  পার্ব্বতী বুলিলে খাই।
জোনে বেলি !  মহাদেও বুলিলে
জোনে বেলি!  নেখায় পাৰেবতী
তৰা ঐ !  সর্পে সিঙ্গা বেণু বাই।
জোনে বেলি!  বাড়িৰ আমে খৰি
জোনে বেলি!  কাটে ছেৱে ধৰি
তৰা ঐ !  কপিলী গৰুৰে ঘিউ।
জোনে বেলি!  কেলই যচাইছা।
জোনে বেলি !  অগ্নি দেৱতা
তৰা ঐ !  লেখৰ সাতে পোৱা ঘিউ৷

[ ৬০ ]

জোনে বেলি!  ধৰমৰ টেকেলি
জোনে বেলি!   ধৰোতা নাইকিয়া
তৰা ঐ!   মোমাই বা কেহেলৈ গ'ল।
জোনে বেলি!  মোমাই সাজে পাৰে
জোনে বেলি!  শৰাই লৈ দলিয়াই
তৰা ঐ!   গৰু নাই বিচূৰ্ত্তি হ'ল।
জোনে বেলি!  ৰবা ভাগিনী
জোনে বেলি!  গৰুহক গাভিনী
তৰা ঐ!   জগিলে এজনী দিম।

ৰজাৰ হৈ এথোলা
দিয়া গুৰু বাপু
ৰাজ্যৰ হৈ এথোলা দিয়া;
আমাৰ হৈ এথোলা
দিয়া গুৰুৰ বাপু
আমাৰে আইটী বিয়া।
আঙ্গুলি আঙ্গুলি
পেলালে সাঙ্গুৰি
বিধি চোৰ বামুনে পাই।
ছাগে ধানে খালে।
তই গালি পাৰিলি
ভাৰ্য্যাৰে সাঙ্গুৰি থলে।
হোমৰে জুইৰেই
গা মলঙ্গিলে
তেলে মলঙ্গিলে চাকি।

[ ৬১ ]

কিনো নিদারুণে
অ’ ৰামে চন্দ্ৰই
বিচনি নেমাৰে ছাটি।
উঠোতে বহোতে
বৰ হোম দিওঁতে
ঘাম গই পালেগৈ মাটি।
কিনো নিদারুণে
অ' ৰামে চন্দ্ৰ
বিছনি নেমাৰে ছাটি।
হোমৰে গুৰিতে।
আইদেও থুনে থুনায়
মোৰ ভোক লাগিছে বুলি।
চেনেহৰ দেউতাকে
হেপনি মাৰিলে
যজ্ঞো ভাগকে বুলি।
আগইয়ে ৰামচন্দ্ৰ
কই ফুৰিহিলা
ভাৰ্য্যা নেলাগে বুলি।

হোমৰ গুৰি পাই
ললা ওচৰ চপাই
মোৰ প্ৰাণেশ্বৰী বুলি।
পুখুৰীৰ পাৰৰে
কঞ্চন ফুল এজুপি
নিতৌ তিনি পাহি সৰে।

[ ৬২ ]

আইদেউৰ মুখলৈ
চাবকে নোৱাৰি
হীৰা কি মুকুতা জ্বলে।
ৰামচন্দ্ৰৰ মুখলৈ
চাবকে নোৱাৰি
কেচূ খোপা থোপে পৰে।
আমাৰে আইদেউ
হালিছে জালিছে
কালি এতে বেলিৰ ভাত।
সখিত ঠেকাদি
আইদেউ বহিছে
মুখৰ নাই পাবলৈ মাত।

বাহৰে গৰকা ৰেণু
বোপাৰ মন ছনকা ৰেণু
আমি কথা কলে লাগে কি ৰেণু বয়সে সৰু
দুইও একে লগে ৰাখিছিলে গৰু।
আইদেওৰ লগতে ৰেণু
বহুত দুখে পালা ৰেণু
নিচেই কই নপঠিয়াবা কি ৰেণু বয়সে সৰু
দুইও একে লগে ৰাখিছিলে গৰু।
বেলি হল দেৰে পৰ ৰেণু
ৰমাচন্দ্ৰ খৰে কৰ ৰেণু

[ ৬৩ ]

মাৰে পঠিয়াইছে মাতি কি ৰেণু বয়সে সৰু
দুইও একে লগে ৰাখিছিলে গৰু।
হাতী দানে কৰা ৰেণু
ঘোঁৰা দানে কৰা ৰেণু
আৰু দানে কৰা গৰু কি ৰেণু বয়সে সৰু
দুইও একেলগে ৰাখিছিলে গৰু৷
চাঙ্গৰে কঠিয়া ৰেণু
ওলাই দানে কৰা ৰেণু
ৰামত কৈ ৰামতী চৰা কি ৰেণু বয়সে সৰু
দুইও একে লগে ৰাখিছিলে গৰু।
চঙ্গতে মলঙ্গিল ৰেণু
জগলৌ কোমােৰা ৰেণু
বৰ চাঙ্গত মলঙ্গিল লােণে কি ৰেণু বয়সে সৰু
দুইও একে লগে ৰাখিছিলে গৰু৷
তুমি যে আইদেও ৰেণু
*বলৈ ওলালা ৰেণু
মাৰৰ ভাত ৰান্ধনি কোনে কি ৰেণু বয়সে সৰু
দুইও একে লগে ৰাখিছিলে গৰু।
আইৰে ৰান্ধনি ৰেণু
থৈছোঁ সৰু ভনী ৰেণু
মই হলাে পৰৰে অধীন কি ৰেণু বয়সে সৰু
দুইও একে লগে ৰাখিছিলে গৰু

[ ৬৪ ]

কি কি ছৰাই এৰাও কৰে
অ! শশি জাৰনিতে পৰি।
কান পাতি শুনি আছে
অ! শশি ৰামৰ পটেশ্বৰী।
বাপুদেৱে বিধি পঢ়ে
অ! শশি মাজে মাজে এৰে।
ঘৰত আছে খালৈ পেটী
অ! শশি তালৈ মনত পৰে।
আগফালে বকৰানি
অ! শশি পাচ ফালে নৈ
কতক কান্দা গুৰ বাপু
অ! শশি হাগি আহা গৈ
হাগি আহি বাদেৰে
অ! শশি নেপালে পানী।
বেৰৰ আগৰ ফটা কানি
অ! শশি তাতে এলে সানি
ভাৰত চৰু আঁকা বকা
অ! শশি শাকৰ চৰু ফুটা
বামুনিৰে কপোৰ খনি
অ! শশি নিগনিয়ে কুটা।
নিগনিয়ে কুটি নি
অ! শনি থলে বেৰৰ আগত৷
বামুনীয়ে পাই আনি
অ! শশি দিলে মাহৰ শাকত৷

[ ৬৫ ]

২২) মুখ চাণ্ডলি ভঙ্গা নাম।


গোবৰৰ ভেৰৰে
লাই হৰি হৰি
গোবৰৰ ভেৰৰে লাই না ৰে সখি
কান্দে বিলাপ কৰি
পোপালৈ নকৰে বানে ঐ।
কিনো চাই আছিলা।
তেলেকা চকুয়াই
লৰা বাগৰি যাই নাৰে সৰি
কান্দে বিলাপকৰি
খোপালৈ নকৰে কানে ঐ৷
চইতে চেলেঙ্গি
থম আমাৰ বোপাই
চইতে চেলেঙ্গি থয় নাৰে সখি
কান্দে বিলাপ কৰি
খোপালৈ নকৰে কানে ঐ
কিনো চিকনে
কাপোৰৰ কনাইটো
তাকে কোচ পাতি লয়ে নাৰে সখি
কান্দে বিলাপ কৰি
খোপালৈ নকৰে কানে ঐ

[ ৬৬ ]

(২৩) যােৰা নাম।


ফুলবৰ !  পকা তামােলৰে
ফুলবৰ !   ছনকা বাকলি
ফুলবৰ !  লছৰাই কাটিৰ পাৰো ঐ মনিবৰ।
ফুলবৰ !  দৰাৰ ককায়ে কে
ফুলবৰ !  কিমানৰ কথকি
ফুলবৰ !  ফেচা যেন কৰিব পাৰো ঐ মনিবৰ।
ফুলবৰ !  পানো আনিলা
ফুলবৰ !  মেকুঁৰি কনিয়া
ফুলবৰ !   তামােলো আনিলা ধেনা ঐ মনিবৰ।
ফুলবৰ !  কেনি পাৰে হলে
ফুলবৰ !  দৰাৰ ককায়েকে
ফুলবৰ !  দিনত দুই চকু কনা ঐ মনিবৰ।
ফুলবৰ !  ভেকুৰি গছতে
ফুলবৰ !  মেকুৰি উঠিলে
ফুলবৰ !  থুনুবাই ভাগিলে ডাল ঐ মনিবৰ।
ফুলবৰ !   দৰাৰ ঘৰৰে
ফুলবৰ !  থাৰু জোৰ আনিছে
ফুলবৰ !   জুনুকা বাবলৈ ভাল ঐ মনিবৰ।
ফুলবৰ !  কথালৰ তলতে
ফুলবৰ !  কিহে খুচে খুছাই
ফুলবৰ !  মই বােলো কঠালৰ মূছি ঐ মনিবৰ।
ফুলবৰ !   দৰাৰ ককায়েকে
ফুলবৰ !  তামােল চুৰ কৰিলে
ফুলবৰ !  পানো আনিলে চুছি ঐ মনিবৰ।

[ ৬৭ ]

তৰা ঐ!  লুইতৰ ছপৰা
তৰা ঐ!  দৰাটো জপৰা
তৰা ঐ!  বহি ফটা কঠা দিয়ে।
তৰা ঐ!   আমাৰে আইদেও
তৰা ঐ!  সর্ব্বাঙ্গ সুন্দৰী
তৰা ঐ!  বতিয়া বাতিব দিয়ে।
তৰা ঐ!  নলও ফটা কেঠা
তৰা ঐ!  নেলাগে বতিয়া
তৰা ঐ!  আমাৰ জাৰে কাপােৰ আছে৷
তৰা ঐ!  যােৰা নাম একুৰি
তৰা ঐ!  যােৰা নাম দুকুৰি
তৰা ঐ!  যোৰা নামে চাৰি কুৰি।
তৰা ঐ!  দৰাৰ ককায়েকে
তৰা ঐ!   দীঘল হৈ পৰিছে
তৰা ঐ!  যােৰা নাম নাগাৰা বুলি।
তৰা ঐ!  ছপাই মুৰে বান্ধি
তৰা ঐ!  যােৰা নাম আনিছোঁ
তৰা ঐ!  মেলিলে লঘুহে যাবা
তৰা ঐ!  ই বাৰিৰে কচু
তৰা ঐ!  সি বাৰিৰে কচূ
তৰা ঐ!  একেখন ছালনিত বাছো৷
তৰা ঐ!  দৰালি ঘৰিয়াৰ
তৰা ঐ!   নামতী কেইজনীক
তৰা !  জালােৱা ডােমলৈ বেছো৷

[ ৬৮ ]

অইৰে! আমাৰ পানী পােতাত
অইৰে! কোন জনী বহিছে
অইৰে! দলা যেন কৰিছে মূৰকে মেলি।
অইৰে! এন্ধাৰে মুন্ধাৰে
অইৰে! মুতি পঠিয়ালে
অইৰে!  বিৰিঙ্গাৰ জোপাটো বুলি।
অইৰে! ধান জাৰি জাৰি
অইৰে! পতান বােৰ গােতালো
অইৰে! চুকত পাতি গলাে দুলি।
অইৰে! ভাত ৰান্ধি ৰান্ধি
অইৰে! পােতনি গােটালাে
অইৰে!  তাইহঁত আহিব বুলি
অইৰে! খেকেছি কোমোৰা
অইৰে! কুটো হৰি হৰি
অইৰে! থেকেছি কোমোৰা কুটোঁ।
অইৰে! দৰালি ঘৰিয়া
অইৰে! নামতী কেজনী
অইৰে! কতে এতেবেলি হলে।
অইৰে! ফটা মেখেলাৰে
অইৰে! দৰজি মাৰােতে
অইৰে! তাতে এতে বেলি হল।
অইৰে! উচি বাঢ়নিৰে চুছি
অইৰে! চুছি হৰি হৰি
অইৰে! উছি বাঢ়নিৰে চুছি।

[ ৬৯ ]

অইৰে! আমি নৌ জোকাওঁতেই
অইৰে! তাইহেঁতে জেকালে
অইৰে! দে বাচনিৰে খুছি
অইৰে! লাওৰো এবুকু
অইৰে! কোমোৰাৰ এবুকু
অইৰে! হৰিণাৰ আগে মঙ্গহ।
অইৰে! মাৰে ভৰি তালে
অইৰে! ভাঙ্গো হিয়াজালি
অইৰে! নেজানো কাৰে বঙ্গহ।


২৪) দৰা ভিতৰলৈ যোৱা নাম

গাখিৰৰ টেঙ্গা দৈ অ! নাজিতৰা
ভাৰ্য্যাক আগত লৈ অ! নাজিতৰা
অকলৈ খাবলৈ গলা নাজিতৰা।
নাহোঁ আজিৰ পৰা মেল ছিঙ্গি দিয়া যাওঁ।
গাওৰ বুঢ়া মেথা অ! নাজিতৰা
চেনেহৰ সৰু ভাই অ! নাজিতৰা
সমাজত এৰি থৈ গলা নাজিতৰা
নহোঁ আজিৰ পৰা মেল ছিঙ্গি দিয়া যাওঁ।
লইনে ঢেৰুয়া! নাজিতৰা
ভাৰ্য্যা মেৰুয়া অ! নাজিতৰা
আইদেউৰ পাছে পাছে গলা নাজিতৰা
নাহো আজিৰ পৰা মেল ছিঙ্গি দিয়া যাওঁ।

[ ৭০ ]

জলকে নিয়ে ৰাম অ! নাজিতৰা
তলকে যাবা ৰাম অ! নাজিতৰা
ভাৰ্য্যাৰ অধীনে হলা নাজিতৰা
নাহোঁ আজিৰ পৰা মেল চিঙ্গি দিয়া যাওঁ।
বাৰিৰ সোণ বৰিয়াল অ! নাজিতৰা
পুত্ৰ হল খৰিয়াল অ! নাজিতৰা
ভাৰ্য্যা হল যোচামৰ জৰি নাজিতৰা
নাহো আজিৰ পৰা মেল চিঙ্গি দিয়া যাও।
আইদেউ আঁচলত অ! নাজিতৰা
কিবা মধু আছে অ! নাজিতৰা
ৰামচন্দ্ৰ পাছতে ফুৰে নাজিতৰা
নাহো আজিৰ পৰা মেল ছিঙ্গি দিয়া যাওঁ।


(২৫) কটাৰি সলাওঁতে গোৱা নাম

ৰাম ৰাম! আইদেওৰ মজিয়াত
ৰাম ৰাম! কোনে ****
ৰাম ৰাম!  **** **** ****
ৰাম ৰাম! এন্ধাৰি ****
ৰাম ৰাম! পোহৰ হৈ আহিলে
ৰাম ৰাম! ৰামে লৈ যাও আজি
ৰাম ৰাম! **** ****
ৰাম ৰাম! নলোৱা কটাৰি
ৰাম ৰাম! **** **** ****


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২১ চনত ১ জানুৱাৰী ১৯৬১ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )