পৃষ্ঠা:নামতী-আই.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬৪)

কি কি ছৰাই এৰাও কৰে
অ! শশি জাৰনিতে পৰি।
কান পাতি শুনি আছে
অ! শশি ৰামৰ পটেশ্বৰী।
বাপুদেৱে বিধি পঢ়ে
অ! শশি মাজে মাজে এৰে।
ঘৰত আছে খালৈ পেটী
অ! শশি তালৈ মনত পৰে।
আগফালে বকৰানি
অ! শশি পাচ ফালে নৈ
কতক কান্দা গুৰ বাপু
অ! শশি হাগি আহা গৈ
হাগি আহি বাদেৰে
অ! শশি নেপালে পানী।
বেৰৰ আগৰ ফটা কানি
অ! শশি তাতে এলে সানি
ভাৰত চৰু আঁকা বকা
অ! শশি শাকৰ চৰু ফুটা
বামুনিৰে কপোৰ খনি
অ! শশি নিগনিয়ে কুটা।
নিগনিয়ে কুটি নি
অ! শনি থলে বেৰৰ আগত৷
বামুনীয়ে পাই আনি
অ! শশি দিলে মাহৰ শাকত৷