পৃষ্ঠা:নামতী-আই.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৯ )

সালত বন্দি হলে হাতী।
তেলে মেলি দিয়া ঐ ৰাম।
তেলিনী পৰুৱা ঐ বান।
সালৰ মেলি দিয়া হাতী ৰাম হৰি।
সালৰ মেলি দিয়া হাতী।
মকৰাৰ জালতে ঐ ৰাম।
কৃষ্ণ বন্দি হলে ঐ ৰাম,
কিনো ৰুক্মিণীৰে মায়া ৰাম হৰি।
কিনো ৰুক্মিণীৰ মায়া।
সাতো আয়টীয়ে ঐ ৰাম
গাঠিয়ন খুন্দিছে ঐ ৰাম।
উৰুলি এজোকা দিয়া ৰাম হৰি।
উৰুলি এজোকা দিয়া।


( ৩ )

মকৰাৰ জালৰ পৰা ঐ ৰাম
কৃষ্ণক মেলি দিয়া ঐ ৰাম।
পুৱাই যক কালিন্দি ৰাতি ৰাম হৰি
পুৱাই যক কালিন্দি ৰাতি।
চান্দো চিকণে ঐ ৰাম
সুৰুজো চিকণে ঐ ৰাম।
চিকণ স্বৰ্গৰ তৰা কি ৰাম হৰি॥