পৃষ্ঠা:নামতী-আই.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩ )

  বহুত অঞ্জলিয়া
  পৈয়েৰ ধেমেলীয়া
ঐ ৰাম। আৰ্জ্জি পুহিব কোনে হে।
  কনাই কোলা লঁৱতী
  থপৰাই বহঁতি
ঐ ৰাম। কনাই লৈ আনিছ কিয়ে হে।
  কনাই লৈ আধলি
  মাকলৈ মাদলি
ঐ ৰাম। ৰাইজলৈ তামোল পান লাগে হে!
 থুপি থুপি   নেমুটেঙ্গা
   বজাৰৰে লোন।
 আমাৰ আইদেওক   সজাই থৈছে
   যেনে পূৰ্ণিমাৰ জোন॥


(২) জোৰণ পিন্ধোৱা নাম।

ইয়ে ৰাধা! কি মনি সাজেৰে
ইয়ে ৰাধা! কি মনি আনিছা
ৰুক্মিণী অ দেও! লই আহা বাছি পিন্ধাও।
ইয়ে ৰাধা! সোনাৰি সালতে
ইয়ে ৰাধা! সাদিন টিকে টিকাই
ৰুক্মিণী অ দেও! আইদেওৰ হাতলৈ খাৰু।
ইয়ে ৰাধা! মনতে অসন্তোষ
ইয়ে ৰাধা! নকৰা আইদেও
ৰুক্মিণী অ দেও! তুমি হবা আলাসৰ লাৰু॥