পৃষ্ঠা:নামতী-আই.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৫ )

আইদেওৰ   কাপোৰতে
  গুটি গুটি ফুল।
দ্বাৰকাৰ পৰা   কৃষ্ণ আহি
  মাৰে জাতি কুল॥
পাতিত বহি   আইদেৱে
  মনে মনে গুণে।
দ্বাৰকাৰ পৰা   কৃষ্ণ আহি
  কাণ পাতি শুনে।
আইদেওৰ   কাপোৰৰে
  আগত সঁতৰ ফোট।
ৰামে বোলে   প্ৰাণেশ্বৰী
  ওলাই মাতা মোক॥
নোয়াৰো   মাতিব মই
  অ! গুণ নিধি।
সখি সবে   সহিতে মই
  আছো পাশা খেলি॥
একে লগে   একে সঙ্গে
  আছিলে উমলি।
আমাক এৰি   কলই যোৱা
  আইদেও প্ৰাণেশ্বৰী॥
অনেক সই   প্ৰবন্ধে কৰি
  তুলিলো তোমাক সই।
আজি হন্তে   স্বামী পাই
  ত্যজিলা আমাক॥