পৃষ্ঠা:নামতী-আই.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৬৯ )

অইৰে! আমি নৌ জোকাওঁতেই
অইৰে! তাইহেঁতে জেকালে
অইৰে! দে বাচনিৰে খুছি
অইৰে! লাওৰো এবুকু
অইৰে! কোমোৰাৰ এবুকু
অইৰে! হৰিণাৰ আগে মঙ্গহ।
অইৰে! মাৰে ভৰি তালে
অইৰে! ভাঙ্গো হিয়াজালি
অইৰে! নেজানো কাৰে বঙ্গহ।


২৪) দৰা ভিতৰলৈ যোৱা নাম

গাখিৰৰ টেঙ্গা দৈ অ! নাজিতৰা
ভাৰ্য্যাক আগত লৈ অ! নাজিতৰা
অকলৈ খাবলৈ গলা নাজিতৰা।
নাহোঁ আজিৰ পৰা মেল ছিঙ্গি দিয়া যাওঁ।
গাওৰ বুঢ়া মেথা অ! নাজিতৰা
চেনেহৰ সৰু ভাই অ! নাজিতৰা
সমাজত এৰি থৈ গলা নাজিতৰা
নহোঁ আজিৰ পৰা মেল ছিঙ্গি দিয়া যাওঁ।
লইনে ঢেৰুয়া! নাজিতৰা
ভাৰ্য্যা মেৰুয়া অ! নাজিতৰা
আইদেউৰ পাছে পাছে গলা নাজিতৰা
নাহো আজিৰ পৰা মেল ছিঙ্গি দিয়া যাওঁ।