পৃষ্ঠা:নামতী-আই.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পাতনি।

 আজি কালি আমাৰ দেশত, বিয়া হলে বােৱাৰী ও জিৱৰী বিলাকে নামতীৰ অভাবে, নাম গােৱাত আহকাল পাই বিয়ালৈকে নােযােৱা হৈছে, সেই দেখি তেওঁবিলাকৰ সেই দুখ দুৰ কৰিবৰ নিমিত্তে অতি আগ্ৰহ কৰি ছাপা কৰাই এই নামতী আই আগ বঢ়ালাে। যদি সকলােৱে মৰম কৰি তেওঁক ওচৰ চপাই লৈ কোনো এখন বিয়াত বহে, বােধ কৰোঁ তেওৰ সহায়তে আপােনালােকে ঝাত্ ঝাত্‌ কৰি মিঠা সুৰেৰে নাম গাই সভা মােহিত কৰিব পাৰিব। নামৰ জাত বা বিয়া নাম শিকিবলৈ কাৰো ওচৰলৈ যাব নেলাগে এই নামতী আইৰ সহায় ললেই বিয়াৰ নাম শিকিব পাৰিব। নামতী আইয়ে আপােনালােকৰ একে সাৰিত বহিবলৈ পালেই মােৰ পৰিশ্ৰমৰ সার্থক হল বুলি ভাবিব পাৰিম। ইতি
একান্ত বাধ্য
শ্ৰীদিবাকৰ দুৱৰা।