এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫৩)
(২০) হােমৰ সভালৈ যােৱা নাম।
ভীষ্মক নন্দিনী আই এ
স্বামী বৰিবলৈ যাই এ
গৈ পাৰা হােমৰ সভা,
বহি পাবা বৰ।
কৃষ্ণ যেন স্বামী পাবা
চিন্তা নো কিহৰ।
ওলাই আহি ৰুক্মিণীয়ে
মাথায় দিছে হাত।
সৰু তাইক বুঝি সোধে
স্বামী বৰিম কাক ॥
ভাই নামে নহলা তুমি
পিতা নামে হলা।
মাধৱৰ কৃষ্ণক আৰু
জোঁৱাই চিনি পালা।
—
দেখ সখি! ৰামো আহিছে
দেখ সখি! কিবা অপমানে
দেখ সখি! আইদেউক খুজিছে ঠাই হে।
দেখ সখি! কোৱাগৈ লিগিৰা
দেখ সখি! পাৰক ছালে পিড়া।
দেখ সখি! দিয়ক সমাজতে ঠাই হে।