পৃষ্ঠা:নামতী-আই.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪৫ )

ধেনুকো ভাঙ্গিলোঁ
সীতাকো আনিলো
পৰিয়াল আহিছোঁ জিনি।
গাওঁৰ মাজে মাজে
কল সাৰি সাৰি
বাদুলি পৰিয়ে খাই।
আমাৰে বোপাদেউ
সোণৰ ধেনু লই
বাদুলি কাঁৰিয়াই যাই!
ঔ ফুল ফুলিলে
কপৌ ফুল ফুলিলে
মেদেলাই মেলিলে ঠোৰ।
ক'ত ৰামচন্দ্ৰ ভাৰ্য্যা খুজিলা
বাটৰো নপৰে ওৰ।
অলনি দলনি
পকা ছপৰানি
আমাৰ হাতে ভৰি ভাগে।
তেও নপতিয়াই
আমাৰ ৰামেচন্দ্ৰই
শহুৰৰ জীয়েকক লাগে॥


(১৬) দৰা আহোতে বাটত গোৱা নাম

শশি হে! আগৰ খন ভাৰতে,
শশি হে! কি কি আনিছা