পৃষ্ঠা:নামতী-আই.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
﴾ ২৪ ﴿

বনৰ বনে চাই
মৰাই ধৰে ফৰাই
আইদেওৰ দেউতাক ৰজা কি ৰাম ৰাম
পধুলি মুৰৰে
কাঞ্চন ফুল এজুপি
নিতৌ তিনি পাহি সৰে কি ৰাম ৰাম।
আইদেওৰ মুখলৈ
চাবকে নোৱাৰি
হীৰা কি মুকুতা জলে কি ৰাম বাম।
ঘিলাৰে গছতে
ঘিলা নাইকিয়া
পাতে তিৰে বিৰে কৰে কি ৰাম ৰাম।
আইদেওৰ গাৰুতে
গিলিপ নাইকিয়া
ছকে তিৰে বিৰে কৰে কি ৰাম ৰাম।
এক লাখ টকাৰে।
তুলি তলিছা
দুই লাখ টকাৰে গাৰু কি ৰাম ৰাম।
তিনি লাখ টকাৰে
আইদেওক সজাইছে
কোনে বুলি যাব সৰু কি ৰাম ৰাম।
ই বোলে আইদেও
সি বোলে আইদেও
আইদেও তিয়ঁহৰ জালি কি ৰাম ৰাম