পৃষ্ঠা:নামতী-আই.djvu/৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ইয়ে ৰাধা! ছোতালৰ আগৰে
ইয়ে ৰাধা! মিঠা আম এজুপি
ৰুক্মিণী অ দেও! বাকলি গুছাইয়ে খাবা।
ইয়ে ৰাধা! দোষ দায় কৰিব
ইয়ে ৰাধা! দৰাৰ মাক ক্ষমিবা
ৰুক্মিণী অ দেও! মাকৰ মুখলৈ চাই॥
ইয়ে ৰাধা! শুনিবা শুনিবা
ইয়ে ৰাধা! দৰাৰে মাকে
ৰুক্মিণী অ দেও! আইদেওৰ ব্যবস্থা কওঁ।
ইয়ে ৰাধা! তাঁতত হালে জালে
ইয়ে ৰাধা! শৰাইত ফুলে গাঁথে
ৰুক্মিণী অ দেও! তাকেহে আইদেও পাৰে॥
ইয়ে ৰাধা! টান বন নিদিবা
ইয়ে ৰাধা! লঘোনে নথবা
ৰুক্মিণী অ দেও! চেচুকৰ ডেম ডেউকা।
ইয়ে ৰাধা! চাৰি ভাইৰ মাজৰে
ইয়ে ৰাধা! চেনেহৰ আইদেউ
ৰুক্মিণী অ দেও! নেখাই দোৱা ভজা ছিৰা॥
ইয়ে ৰাধা! শুকান পিঠা গুৰি
ইয়ে ৰাধা! চালিব নোৱাৰে
ৰুক্মিণী অ দেও! হাতৰ পানী জোলা বান্ধে।
ইয়ে ৰাধা! লোকৰ মাতে কথা
ইয়ে ৰাধা! শুনিব নোৱাৰে।
ৰুক্মিণী অ দেও! আপুনি স্বয়ং হৈ থাকে॥