পৃষ্ঠা:নামতী-আই.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩২ )

হৰি হে! শৰৰ শিঙ্গে শিঙ্গে লাগিল
হৰি হে! কন্যাৰ ককায়েকে
হৰি হে! ওলাইছে সোমাইছে
হৰি হে! নাকে মানুহ খাব খোজে।



 মাছ বাছি কাছ কুটি
অ শশী! বেৰত থলে দা।
 হালধিয়া চৰাই যেন
অ শশী! আইদেউৰ কৰে গা।
 বেৰত আছে তেলৰ তাৰি
অ শশী! তাতো আছে তেল।
 ভিতৰতে আইদেউ আছে
অ শশী! বাজত কিহৰ মেল।
 আইদেউ কান্দে লুটি ঘুটি
অ শশী! দেউতা কান্দে কিয়।
 এতিয়া যে কান্দা দেউতা
অ শশী! শৰাই ভঙ্গিছিলা কিয়।
 নেভাঙ্গিলো নিচিঙ্গিলো।
অ শশী! আপোনাৰে জী।
 লোকৰ কন্যা লোকে নিব
অ শশী! আমি কৰিম কি।



  বাহৰ চছলি
  কথা গ'ল পিছলি