পৃষ্ঠা:নামতী-আই.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১০ )

জয়! লগাই থৈ আহিলোঁ,
জয়! সোণৰ মুঠি গছা,
জয়! এতিয়াই আহোগৈ বুলি।
জয়! জল কুৱৰীয়ে,
জয়! এৰি নপঠিয়াই,
জয়! মোকো লই যোৱা বুলি।
জয়! চাঁতে ফুলিলে,
জয়! বালি বাবৰি,
জয়! আহোঁতে ফুলিলে জৰা।
জয়! ছকুৰি গোপিনী,
জয়! আহে পানী তুলি,
জয়! ভৱ সাগৰৰ পৰা
জয়! বতাহত মাৰলি,
জয়! ভাগিল হৰি হৰি,
জয়! বতাহত মাৰলি ভাগিল।
জয়! ৰং যেন দেখিলা,
জয়! গায়নক মাতিলা,
জয়! গায়নৰ কি জগৰ লাগিল
জয়! কৰ্দৈ চকলা
জয়! পাতে ভৰা ভৰা,
জয়! কৰ দৈ চকলা পাত।
জয়! ৰুপৰ চকলা,
জয়! দিবলই কোৱাগৈ,
জয়! ঢুলিয়াই নিদিয়ে বাট।