পৃষ্ঠা:নামতী-আই.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫৫)

দেখ সখি!  জাপ দি চেঙ্গেলি
দেখ সখি!   ধৰিব নোৱাৰা
দেখ সখি!   বালি দি নধৰা মানে হে।
দেখ সখি!   আমাৰে আইদেওক
দেখ সখি!   নমাব নোৱাৰো
দেখ সখি!   শৰাই লই নধৰা মানে হে।
দেখ সখি!   শৰাই লই মাতাগৈ
দেখ সখি!   দেউতাক আনা গৈ
দেখ সখি!   তেহেবা নমাব পাৰা হে৷

উৰি আমত ঘূৰি ঘূৰি
 বৰ বৰ লতা।
নেভাজিলে  নিছিঙ্গিলে
 দেউতাৰে কথা॥

(২১) হোমৰ সভাত গোৱা নাম।

মাৰৰ আগতে কাকত
তিনি সত্যে খালা কাকত
শাহুৰ ঘৰ নোসোমাওঁ বুলি কি কাকত
চিঠি দি পঠিয়াওঁ বিজুলি ডাকত।
আইটী চিকন দেখি কাকত
লছৰাই সোমালা কাকত
কোনে আনিছিলে মাতি কি কাকত
চিঠি দি পাঠিয়াওঁ বিজুলি ডাকত।