পৃষ্ঠা:নামতী-আই.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
﴾ ২৯ ﴿

আইদেওৰ মুখলৈ
চাবকে নোৱাৰী
যেনে পূৰ্ণিমাৰ জোন হে।
কি খুৱাই তুলিলা
ৰূপহী আইদেওক
কি দি বঢ়ালা চুলি হে
ঘোড়াৰ ফান যেনে
আইদেওৰ চুলিটাৰ
কচুৰ পেপাঁ যেন ককাঁল হে।



নাজিৰ! আইটি আইটি বুলি
নাজিৰ! মাকে মাতিলে
ইলাচি এ জয়! আইটী বা কেহেলৈ গ'ল!
নাজিৰ! তোমাৰ আইটী
নাজিৰ! জোন বৰণীয়া
ইলাচি এ জয়! সোনতে মিহলি হলি
নাজিৰ! আগইয়ে ককাইদেও
নাজিৰ! কই ফুৰিছিলা
ইলাচি এ জয়! আইদেও কতৰা খায়।
নাজিৰ! এতিয়া ককাইদেও
নাজিৰ! চোৱা মনত কৰি
ইলাচি এ জয়! বৰ ঘৰ সুদা ৰই যায়।
নাজিৰ! চৰায়ে তুলিলে
নাজিৰ! ছ আৰ পোৱালী
ইলাচি এ জয়! গছৰ ডাল সুৱনি কৰি।