পৃষ্ঠা:নামতী-আই.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৬ )

পিতৃ কান্দে   মাতৃ কান্দে
  কান্দে সৰু ভাই।
কিয় কান্দা   আমাৰ আইদেউ
  আপোন ঘৰে যায়॥



আৰে সই! আইটী নামেৰে
আৰে সই! কন্যা নুতুলিবা
আৰে সই! গৰ্ভতো নিদিবা ঠাই নাৰৈ নাচিতৰ
  চিতানন্দ সূত্ৰ গাৱে।
আৰে সই! ঘৰৰ বয়ে বস্তু
আৰে সই! সমান ভাগে লব
আৰে সই! আকৌ শোকে বেজাৰ পাই নাৰৈ নাচিতৰ
  চিতানন্দ সূত্ৰ গাৱে।
আৰে সই! তিয়হৰ চকলি
আৰে সই! ৰেবাবৰ বাকলি
আৰে সই! বেৰাৰ ঠালে ভৰি লাগে নাৰৈ নাচিতৰ
  চিতানন্দ সূত্ৰ গাৱে।
আৰে সই! আইদেউ বুলিছে
আৰে সই! মোক কেলেই লাগিছে
আৰে সই! ককাইদেউ ছৰাতে আছে নাৰৈ নাচিতৰ
  চিতানন্দ সূত্ৰ গাৱে।
আৰে সই! আইটী আইটী বুলি
আৰে সই! মাকে মাতিলে
আৰে সই! ‘ক’ত থলা সেন্দুৰৰ পেৰা নাৰৈ নাচিতৰ
  চিতানন্দ সূত্ৰ গাৱে।