পৃষ্ঠা:নামতী-আই.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬১)

কিনো নিদারুণে
অ’ ৰামে চন্দ্ৰই
বিচনি নেমাৰে ছাটি।
উঠোতে বহোতে
বৰ হোম দিওঁতে
ঘাম গই পালেগৈ মাটি।
কিনো নিদারুণে
অ' ৰামে চন্দ্ৰ
বিছনি নেমাৰে ছাটি।
হোমৰে গুৰিতে।
আইদেও থুনে থুনায়
মোৰ ভোক লাগিছে বুলি।
চেনেহৰ দেউতাকে
হেপনি মাৰিলে
যজ্ঞো ভাগকে বুলি।
আগইয়ে ৰামচন্দ্ৰ
কই ফুৰিহিলা
ভাৰ্য্যা নেলাগে বুলি।

হোমৰ গুৰি পাই
ললা ওচৰ চপাই
মোৰ প্ৰাণেশ্বৰী বুলি।
পুখুৰীৰ পাৰৰে
কঞ্চন ফুল এজুপি
নিতৌ তিনি পাহি সৰে।