পৃষ্ঠা:নামতী-আই.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৭ )

আৰে সই! কালি এতেবেলি
আৰে সই! নবৌক শুধিলে
আৰে সই! মোৰ হৈছে জঞ্জালৰ বেলা নাৰৈ নাচিতৰ
  চিতানন্দ সুত্ৰ গাৱে।
আৰে সই! কতকে অসন্তোষ
আৰে সই! কৰা অই আইটী
আৰে সই! আমাৰ পূৰি আহে হিয়া নাৰৈ নাচিতৰ
  চিতানন্দ সুত্ৰ গাৱে।
আৰে সই! পুত্ৰ হলা হেঁতেন
আৰে সই! ৰখাই থলো হেতেন
আৰে সই! কিকৈ দিম মাধৱত বিয়া নাৰৈ নাচিতৰ
  চিতানন্দ সুত্ৰ গাৱে।
আৰে সই! জিল মিল কচুৰে
আৰে সই! পাতে হৰি হৰি
আৰে সই! জিল মিল কচুৰে পাত নাৰৈ নাচিতৰ
  চিতানন্দ সুত্ৰ গাৱে।
আৰে সই! ছ’অৰা ৰূপেৰে
আৰে সই! ৰিহা কিনি দিলো
আৰে সই! আইদেউ নললে গাতে নাৰৈ নাচিতৰ
  চিতানন্দ সুত্ৰ গাৱে।
কচুপাতৰ পানী টুপি তল বল কৰে।
বত্ৰিশ হেজাৰ অলঙ্কাৰ হৃদয়ত জলে॥